ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 9 AM

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 24, 2021, 9:02 AM IST

অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে ‘অসম বচাও’ অভিযানত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰত আৰ্শীষ লয় ৷ সৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানৰ পৰা মঙলবাৰে কংগ্ৰেছ দলে আৰম্ভ কৰা অসম বচাও অভিযানত অংশ লৈ সৰভোগ, হাউলী, জনীয়া পৰিভ্ৰমণ কৰি বৰপেটাত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে অসমবাসী ৰাইজৰ মংগল আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱা জনায় ৷ গগৈয়ে ক’ৰণা মহামাৰীৰ ফলত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্থ ৰাজ্যবাসীৰ বাবে নতুন বছৰটোৱে যাতে পোহৰ কঢ়িয়াই আনে তাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

কণ্টেইনমেণ্ট জ'ন উঠাই ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল ক’ভিড 19 ৰ অৱস্থিতি ৷ যাৰ ফলত পৰৱৰ্তী সাত দিনৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল ৷

বিহপুৰীয়াত এজেপিৰ বাইক ৰেলীত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ
বিহপুৰীয়াত বিজেপিৰ বিধায়ক দেৱানন্দ হাজৰিকাৰ ভেটি কঁপাই অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণডংকা । মঙলবাৰে অসম জাতীয় পৰিষদে আয়োজন কৰা বিশাল বাইক ৰেলীত অংশগ্ৰহণ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল

দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰী শক্তি সম্পৰ্কত মন্তব্য কৰে ৷

বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

এই সপ্তাহজোৰা অভিযানত বিজেপিৰ কাৰ্যকর্তাসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে গ্ৰহণ কৰা অভিলেখসংখ্যক কৰ্মৰাজিৰ এক তথ্য সম্বলিত পত্র তথা খাতিয়ান দাঙি ধৰিব ।

কাৰ্বি লাংপি নৈত সলিল সমাধি ঘটা দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি লাংপি নৈত সলিল সমাধি ঘটা দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ৷ এছডিআৰএফ বাহিনীৰ অভিযানত উদ্ধাৰ হয় দুই কিশোৰৰ মৃতদেহ

এপ'ল মিলৰ কৰ্মচাৰীৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

এপ'ল মিলৰ কৰ্মচাৰীসকলে চৰকাৰক ভিআৰএছৰ পোন্ধৰ কোটি টকা মোকলাই দিয়াৰ বাবে এদিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নহ’লে ভোট বৰ্জনৰ লগতে প্ৰয়োজনত আত্মহননৰ পথ বাছি লোৱাৰো ভাবুকি দিয়ে ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত হেৰ'ইন সহ চাৰি সৰবৰাহকাৰী

ডিব্ৰুগড়ৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছ বিৰোধী এক অভিযান চলাই ৮০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলা সক্ষম হয় । ডিব্ৰুগড়ৰ জগনাথ মন্দিৰ সমীপৰ পৰা আৰক্ষীয়ে হেৰ'ইনখিনি জব্দ কৰা লগতে চাৰিজন সৰবৰাহকাৰীকো আটক কৰে ৷

অসম-বাংলাদেশ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

অসম বাংলাদেশ সীমান্তবৰ্তী কাছাৰ জিলাৰ কাটিগড়া চন্ডীনগৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নেচা জাতীয় টেবলেট ৷ ফাস্ট ব্যাটেলিয়ান বিএএছএফ ৰ অভিযানত উদ্ধাৰ ৩৯ হাজাৰ ৮০০ টা ইয়াভা টেবলেট ৷

কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড একনাম কীৰ্তনৰ সভাত মুখ্যমন্ত্ৰী

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন । মুখ্যমন্ত্ৰীগৰাকীয়ে নসত্ৰৰ প্ৰায় অৰ্ধ লক্ষাধিক কৃষ্ণগুৰু ভকতৰ উপস্থিতিত সন্মানীয় অতিথি হিচাপে ভাষণ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.