ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 9 AM

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 20, 2021, 9:05 AM IST

আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিত পিচতে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিন সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে কয়, কুইপৰ লগত হোৱা সংঘাটৰ বাবে আলফাই দুই বিষয়াক অপহৰণ কৰি অন্যায় কাম কৰিছে ৷

অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

কুইপ কোম্পানীৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ বাবে পূৰ্ব সিদ্ধান্ত অনুসৰি অহা সপ্তাহত চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব দুই অপহৃত কৰ্মচাৰীৰ ওপৰত । আলফাৰ প্ৰচাৰ সচিৱ ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিৰ পিচতে শিৱসাগৰ নগৰৰ প্ৰণৱ গগৈ পৰিয়ালত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি

তেল কোম্পানী কুইপ'ৰ দুই বিষয়াক সোমবাৰে চৰম শাস্তি বিহিব আলফা স্বাধীনে ৷ শুকুৰবাৰে এক প্ৰেছ বিবৃতি যোগে এই ঘোষণা কৰে সশস্ত্ৰ সংগঠনটোয়ে ৷ উল্লেখ্য যে, যোৱা 16 ফেব্ৰুৱাৰীত অন্ত পৰিছিল দুই বিষয়াক মোকলাই নিয়াৰ সময়সীমা ৷ 21 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ'ত কৰ্মৰত দুই কৰ্মচাৰীক এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰিছিল ।

মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ: বাক্সাত আজিও মুকলি নহ’ল ICU কক্ষ্য

ক’ৰণা মহামাৰীৰ সময়চোৱাত বাক্সা জিলাৰ নিৰীক্ষকৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে সংবাদমেলৰ জড়িয়তে শীঘ্ৰে আইচিইউ কক্ষ কেইটা নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ মন্ত্ৰীৰ প্ৰতিশ্ৰুতিমতে সেই সময়চোৱাত চিকিৎসালয়খনত আইচিইউ কক্ষ নিৰ্মাণৰ কামো চলিছিল ৷ কিন্তু অতি ৰহস্যজনক ভাৱে বিগত ছয় সাত মাহে কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি হোৱা নাই আইচিইউ কক্ষ ৷

আবতৰীয়া দীপাৱলী পাতি মোডীক ধন্যবাদ জনালে মাজুলীবাসীয়ে

ফাগুনৰ পচোৱা জাকৰ মাজতে আৱতৰীয়া দীপাৱলী পাতি মাজুলীবাসীয়ে ধন্যবাদ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ যোৰহাট মাজুলী সংযোগী দলংৰ ভূমি পূজন কৰাৰ পিচতে ব্ৰহ্মপুত্ৰ বালিচৰত ১ লাখ মাটিৰ চাকি জ্বলাই প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু আনন্দ-উল্লাহ প্ৰকাশ কৰা প্ৰকাশ কৰে মাজুলীবাসীয়ে ৷

সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰাখী অসম ওৰফে দীপা গগৈৰ । আলফা স্বাধীনৰ স্বামী তথা পৰিয়ালৰ নিৰাপত্তাৰ স্বাৰ্থত আলফা ত্যাগ পত্নীৰ ।

মহানগৰীৰ FCI কলনিত ভয়াৱহ অগ্নিকাণ্ড

হানগৰীৰ বামুণিমৈদামৰ FCI কলনিত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ কাষৰ মন্দিৰৰ ধূপ-চাকিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ

বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটাৰোডত উন্মোচন কৰে স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি ৷ মুখ্যমন্ত্ৰীৰ গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷

কাৰ্য্যালয়ৰ সন্মুখতে অৱস্থান ধৰ্মঘটত বহিল GMDAৰ কৰ্মচাৰী

গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধীনত কৰ্মৰত 54 জন অস্থায়ী কর্মচাৰীয়ে চাকৰি নিয়মীয়াকৰণৰ দাবীত অৱস্থান ধৰ্মঘট ৷ গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ চৌহদতে প্রতিবাদ সাব্যস্ত কৰ্মচাৰীসকলৰ ৷

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা 8 জন সন্দেহজনক বনুৱাক কৰায়ত্ত

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা কৰায়ত্ত 8 গৰাকীকৈ সন্দেহজনক নিবনুৱা ৷ ভুৱা আধাৰ কাৰ্ডৰ প্ৰদৰ্শন কৰি কৰ্মত নিয়োজিত হৈছিল 8 শ্ৰমিক ৷ চাৰিওগৰাকী শ্ৰমিককে গ্ৰেপ্তাৰ কৰিলে ছালনিবাৰী আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত ছালনিবাৰী আৰক্ষী চকীত গোচৰ ৰুজু ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.