ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 14, 2021, 9:02 AM IST

প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

শিক্ষক নিযুক্তিৰ পাচতে ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তই ৰাজ্যৰ শিক্ষাখণ্ডত একপ্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ প্ৰাদেশীকৰণৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিয়ে ভাবুকি কঢ়িয়াই আনিছে বহুতো অ-প্ৰাদেশীকৃত বিদ্যালয়লৈ ৷

গোলকগঞ্জত স্থাপন হ'ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়

ধুবুৰীবাসীৰ বাবে আছে এক সুখবৰ ৷ গোলকগঞ্জত স্থাপন কৰা হ'ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় ৷ শিক্ষাৰ ক্ষেত্ৰত ধুবুৰী জিলাক বিশেষ উপকৃত কৰি তোলাৰ লগতে এই বিশ্ববিদ্যালয়ে নামনি অসমৰ ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য বীৰ চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰত ভূষণ মহন্তীৰ ৷

দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু

দেওবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাবে মুকলি কৰিব খানাপাৰা আৰু গণেশগুৰিস্থিত পদপথৰ 2খনকৈ উৰণীয়া সেঁতু ৷ লোকনিৰ্মাণ বিভাগে মহানগৰী গুৱাহাটীৰ পদপথত নিৰ্মাণ কৰিবলগা 9খন উৰণীয়া সেঁতুৰ ভিতৰত এই দুয়োখন সেঁতু অন্যতম ৷

কলিয়াবৰত একেটা দিনতে দুটাকৈ পথ দুৰ্ঘটনা

কলিয়াবৰৰ পথত ট্ৰেক্টৰৰ দৌৰাত্ম্য ৷ ট্ৰেক্টৰৰ খুন্দাত নিহত হ’ল বাইক আৰোহী ৷ কলিয়াবৰৰ চামধৰা গাঁৱত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰ সহ চালকে কৰিলে পলায়ন কৰে ৷ পুৱাৰ ভাগতো অন্য এক পথ দুৰ্ঘটনাত এগৰাকী বন সুৰক্ষা বাহিনীৰ জোৱান নিহত ৷

নগাঁৱত আন এক লাভ জেহাদৰ ঘটনা

নগাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ আন এক ঘটনা ৷ ফেচবুকত হিন্দু বুলি পৰিচয় দি ইছলাম ধৰ্মাৱলম্বী এজন যুৱকে হিন্দু ধৰ্মাৱলম্বী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগ ৷ পলুৱাই নিয়াত জড়িত অভিযুক্ত যুৱকজনৰ পৰিয়ালৰ সদস্যক আটক ৷ বহিঃৰাজ্যত বিক্ৰীৰ উদ্দেশ্যে কিশোৰী গৰাকীক পলুৱাই নিয়াৰ সন্দেহ স্থানীয় লোকৰ ৷

অসম মিজোৰামৰ সীমা বিবাদক লৈ সীমান্তৱৰ্তী লোকৰ বিশেষ সভা

অসম মিজোৰামৰ সীমান্তত অব্যাহত থকা সীমা বিবাদক লৈ আজি সীমান্তৰ গল্লাছড়া অঞ্চলত এক সভা অনুষ্ঠিত হয় ৷ সভাত শতাধিক স্থানীয় লোকৰ লগতে কেইবাজনো স্থানীয় পঞ্চায়তৰ সদস্য উপস্থিত থাকে ৷

শোকাকুল পৰিবেশৰ মাজতে হাজোৰ বাসগৃহ পালেহি কৃষ্ণ বৈশ্যৰ মৃতদেহ

বাসগৃহ আহি পালে হাজোৰ কৃষ্ণ বৈশ্যৰ মৃতদেহ ৷ মৃতদেহ বাসগৃহ আহি পোৱাৰ লগে লগে এক প্ৰকাৰ কান্দোনৰ ৰোল উঠিছে বাসগৃহত ৷

নলবাৰীত উদযাপন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ

নলবাৰীত জিলা পৰিবহণ বিভাগৰ উদ্যোগত শনিবাৰে নলবাৰী কলেজৰ প্ৰাংগনত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰু চাৰিচকীয়া গধুৰ যান-বাহন চলোৱা লোকক চিট বেল্ট নলগোৱা আৰোহীক জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই যান-বাহন আইন মানি চলিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷

পুনৰ লালকিল্লাত দীপ সিদ্ধু আৰু ইকবাল সিঙ: কিন্তু কিয় ?

লালকিল্লাত পুনৰ উপস্থিত দীপ সিদ্ধু আৰু ইকবাল সিঙ ৷ এইবাৰ অপৰাধৰ দৃশ্য পুনৰ সৃষ্টি কৰাৰ বাবে আৰক্ষীয়ে লৈ গৈছে দুয়ো অভিযুক্তক ৷ 26 জানুৱাৰীত লালকিলাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ সিদ্ধু আৰু ইকবালৰ বিৰুদ্ধে ৷

গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ কাষত মহাত্মা গান্ধীৰ নাতিনী

গাজীপুৰ সীমান্তত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকৰ কাষত উপস্থিত হৈছে বিভিন্ন ৰাজনৈতিক নেতা ৷ ইয়াৰ মাজতে শনিবাৰে প্ৰতিবাদস্থলীত উপস্থিত হয় মহাত্মা গান্ধীৰ নাতিনী তাৰা গান্ধী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.