ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 8, 2020, 9:00 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

ভাৰত বন্ধ LIVE : শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

আজি দেশৰ কৃষকসকলে আহ্বান জনাইছে ভাৰত বন্ধৰ ৷ সেই অনুসৰি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শান্তি-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্রান্ত হৈ তিনিদিনত দুটাকৈ বনৰীয়া হাতী মৃত্যু ৷ চিকিৎসকে প্ৰকাশ কৰিছে তথ্য ৷ বন বিভাগে মৃত হাতী কেইটা পুতি ৰখাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিয়নো 10 বছৰ পিচতো এনথাক্স ৰোগত আক্ৰান্ত হৈ মৃত্য়ু হোৱা জন্তুৰ সংস্পৰ্শলৈ অহা যিকোনো সম্ভাৱনাৰ পৰা এই ৰোগ বিয়পোৱাৰ আকাংক্ষা থাকে ৷

বিটিচিৰ মচনদত কোন বহিব ?

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত পৰিণত হৈছে বিটিচি নিৰ্বাচন ৷ বহুকেইটা দলৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব এই নিৰ্বাচনে ৷ হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতো প্ৰভাৱ পেলাব বিটিচি নিৰ্বাচনে ৷ বিজেপি-বিপিএফৰ মিত্ৰতা ৰ’ব গৈ নে ! প্ৰমোদ বড়োৰ পৰিৱৰ্তনৰ শ্ল’গান কিমান কাৰ্যক্ষম হ’ব ? নৱ শৰ্ণীয়াৰ গণ সুৰক্ষা পাৰ্টী অথবা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই মচনদ দখল কৰিব পাৰিব নে ! বিজেপিৰ নিৰ্বাচনী অংকই কিমান কামত আহিব বড়ো ভূমিত ? বিটিচি নিৰ্বাচন সম্পৰ্কত এক চমু অৱলোকন ৷

9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিসৰ্জন দিয়া হ'ব । পুত্ৰ গৌৰৱ গগৈয়ে নেতৃত্ব ল’ব এই বিশাল কাৰ্যসূচীৰ । ইতিমধ্যে, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও প্ৰস্তুত কৰি উলিওৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভস্ম বিসৰ্জন কাৰ্যসূচী ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ হ'ব সদ্ভাৱনা যাত্ৰাৰ ।

আঙুৰলতা ডেকাক অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে

আঙুৰলতা ডেকা সন্দৰ্ভত অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে ৷ 5 ডিচেম্বৰ তাৰিখে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা সন্দৰ্ভত বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কৰিছিল আপত্তিজনক মন্তব্য ৷ যাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অৱশেষত বিধায়ক কমল সিং নাৰ্জাৰীয়ে নিজৰ উক্ত অশালীন মন্তব্যৰ বাবে মাতৃ সমাজ আৰু আঙুৰলতা ডেকাৰ ওচৰত ক্ষমা বিচাৰে ৷ বিধায়কগৰাকীয়ে ভৱিষ্যতে তেনে মন্তব্য নকৰে বুলিও প্ৰতিজ্ঞাবদ্ধ হয় ৷

অচিৰেই বিধানসভাৰ মন্ত্ৰীসভাত খালী হ'ব তিনিটা পদ : ৰঞ্জিত কুমাৰ দাস

কোকৰাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 12 নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

BPFক সমৰ্থন জনাবলৈ আহ্বান জনাই দলত্যাগ UPPL কৰ্মীৰ

আৰ এছ এছ আৰু বিজেপিৰ দ্বাৰা পৰিচালিত হয় ইউপিপিএল দল ৷এই বিস্ফোৰক অভিযোগ কৰি সোমবাৰে ইউ পি পি এল দল ত্যাগ কৰিলে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহম্মদ আব্দুল ৰচিদে ৷ তদুপৰি কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ লোকে একপক্ষীয় ভাৱে বিটিআৰ চুক্তি কৰা বাবেই অবড়ো লোকৰ বাবে বিটিআৰ চুক্তি একপ্ৰকাৰ ভয়ানক চুক্তি হৈছে বুলি সংবাদমেলত মন্তব্য কৰে মহম্মদ আব্দুল ৰচিদে ।

পাহাৰীয়া জিলা কাৰ্বি আংলঙত এনপিপি দলৰ তদৰ্থ কমিটি গঠন

সোমবাৰে ডিফুত মেঘালয়ৰ মন্ত্ৰী জেমছ চাংমাৰ উপস্থিতিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে এনপিপি দলৰ এখন তদৰ্থ কমিটি গঠন কৰা হয় ৷ আগন্তুক দিনত কাৰ্বি আংলঙত শক্তিশালী ৰূপত এনপিপি দলে থিয় দিব ৷ পাহাৰীয়া জিলা তিনিখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণক লৈ দলে বলিষ্ঠ ভূমিকা পালন কৰি যাব ৷

বিহালীত কেইবাটাও সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিত দত্তৰ

বিহালীত একেটা দিনতে বহুকেইটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ ৷ কেইবালাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বহুকেইটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী দত্তই ৷

বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপি শেষ হ'ল : চন্দন ব্ৰহ্ম

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন ৷ বিপিএফৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন বাক্যবাণেৰে বিজেপিক কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত বাক্সা আৰু ওদালগুৰি জিলাৰ 21 টা পৰিষদীয় সমষ্টিৰ 18 খন আসন বিপিএফে দখল কৰিব বুলি দাবী মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.