ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 12, 2020, 9:08 AM IST

ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ বিৰুদ্ধে গোচৰ

37 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আগচি ধৰি ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰ অভিযোগত নেতাগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ ঘটনা সন্দৰ্ভত নিশাই নেতাজনক আটক কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷

বিজেপিক প্ৰতিহত কৰিবলৈ মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভাৰ আয়োজন

মাজুলীত কংগ্ৰেছৰ কৰ্মশালা সভা অনুষ্ঠিত ৷ 2021ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ এই সভাৰ আয়োজন ৷ লগতে, শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ ৷

বঙালী সংগঠনৰ সভাস্থলীত উৰিল আলফা (স্বা)ৰ পতাকা

ঢেকীয়াজুলিৰ আকাশত উৰিল আলফা (স্বা) ৰ পতাকা ৷ ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আয়োজন কৰিছিল অভিৱৰ্তন ৷ য'ত জন্ম লাভ কৰে এটা নতুন দল ভাৰতীয় গণ পৰিষদে ৷ কিন্তু আশ্বৰ্যজনকভাৱে সভাস্থলীতে উৰি আছিল আলফা (স্বা) ৰ পতাকা খন ৷

ৰাইজৰ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ

"ৰাইজৰ দলে ৰাজনীতিৰ নামত মাতৃক বিক্রী কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷" দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷

সমাগত নিৰ্বাচন বিজেপিৰ বাবে হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন : হিমন্ত বিশ্ব

ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ লগতে সমাগত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

কংগ্ৰেছৰ প্ৰতিবাদ মিথ্যাচাৰৰ বাহিৰে একো নহয় : অশোক শৰ্মা

নলবাৰীত দেওবাৰে এক সংবাদমেল সম্বোধন কৰে বিধায়ক অশোক শৰ্মাই ৷ বিধায়কগৰাকীয়ে কৃষি আইনখনৰ সন্দৰ্ভত কংগ্ৰেছে কৰা প্ৰতিবাদক মিথ্যাচাৰ বুলি কোৱাৰ লগতে কৃষকে হাল বোৱা কাৰ্যত ব্যৱহৃত ট্ৰেক্টৰক জ্বলাই অপমান কৰা বুলি দলটোক কঠোৰ সমালোচনা কৰে ৷

বিজেপিলৈ যাব বিপিএফ নেতা বিশ্বজিৎ দৈমাৰী !

ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈ গৈছে নিৰ্বাচনী চৰ্চা । বিটিআৰত বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছতো বিজেপিৰ সংগ এৰিব পৰা নাই সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । নিৰ্বাচনী বতাহ লাহে লাহে গৰম হোৱাৰ লেখীয়াকৈ এই বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

কৃষি আইনক ৰাইজৰ মাজলৈ নিব বিজেপিয়ে

কৃষি আইন 2020 ৰ সমৰ্থনত ৰাজ্যিক বিজেপি ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটাত দেওবাৰে কৃষি আইন 2020 সম্পৰ্কে এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত হৈ যায় ৷

ফ্ৰান্স অপেন জয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত নাডাল

13 তম ফ্ৰান্স অপেনৰ চেম্পিয়ন হয় ৰাফেল নাডাল ৷ এই বিজয়েৰে কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামত উপনীত হোৱাৰ লগতে পূৰ্বতে অভিলেখ সৃষ্টিকাৰী ৰজাৰ ফেডাৰাৰৰ সম-পৰ্যায়ত উপনীত হয় নাডাল ৷

আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

বিশ্বৰ আগশাৰীৰ গ্ৰাঁ-পিক্স চালক তথা শীৰ্ষস্থানীয় চালক-খেলুৱৈ মাইকেল চুমাখাৰৰ অভিলেখসংখ্যক 91টা গ্ৰাঁ-পিক্সৰ সমপৰ্যায়ত উপনীত হয় চালক-খেলুৱৈ লেৱিছ হেমিল্টন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.