ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ...

author img

By

Published : Jun 17, 2020, 9:01 AM IST

Updated : Jun 17, 2020, 10:13 AM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ...

top 10 at 9 AM
পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ...

গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ

লাডাখৰ গালৱান ভেলীত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ পিচতেই ভাৰত-চীনে প্ৰত্যাহাৰ কৰিলে সেনা বাহিনী ৷ গালৱান ভেলীত ভাৰতৰ প্ৰায় 20 গৰাকী সেনা শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ প্ৰায় 45 গৰাকী সেনা শ্বহীদ হোৱাৰ খবৰ লাভ কৰা হৈছে ৷

ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰৰোচনামূলক আক্ৰমণৰ অভিযোগ চীনৰ

বেইজিঙে নতুন দিল্লীক অভিযোগ কৰি ভাৰতীয় সেনাই সীমান্তত প্ৰৰোচনামূলকভাৱে আক্ৰমণ কৰা বুলি উল্লেখ কৰে । ভাৰতীয় সেনাই দুবাৰকৈ সীমান্ত উলংঘা কৰি ভিতৰত প্ৰৱেশ কৰে, যাৰ ফলত দুয়ো দেশৰ সেনাৰ মাজত হতাহতিৰ হয় বুলি উল্লেখ কৰে ।

7 জুলাইৰ ভিতৰত বাঘজানৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাব অইল কৰ্তৃপক্ষই

বাঘজান তৈল খাদৰ জুই নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়াই গ্ৰহণ কৰিছে পদক্ষেপ ৷ বিদেশৰ ছজনীয়া এলাৰ্ট বিশেষজ্ঞৰ দল আৰু অ' এন জি চিৰ দলে 24 ঘন্টাই অহৰহভাৱে জুই নিয়ন্ত্ৰণৰ দিশে বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

সাপেখাতিস্থিত ভাৰতীয় স্থলসেনাৰ 244 ফিল্ড ৰেজিমেন্টৰ এটা দলৰ হাতত প্ৰাণ হেৰুৱাইছিল বৰহোলাৰ যুৱক জয়ন্ত বৰাই ৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ লিখিব সাংসদ গৌৰৱ গগৈয়ে ৷

জয়ন্ত বৰাৰ মৃত্যুক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া

সেনাৰ আবেষ্টনীৰ মাজত জয়ন্ত বৰা নামৰ যুৱকজনৰ মৃত্যু হোৱাক লৈ আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া ৷ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান গাভৰু আলিৰ জয়ন্ত বৰা আলফাৰ সৈতে সংযুক্ত থকা বুলি সেনা-আৰক্ষীয়ে প্ৰচাৰ কৰা খবৰক সম্পূৰ্ণৰূপে নসাৎ কৰিছে আলফা স্বাধীনে ৷

টিকটকত ভিডিঅ' বনাই যুৱতীৰ আত্মহত্যা

নলবাৰীত মঙলবাৰে ৰেলৰ আগত পৰি আত্মহত্যা কৰে এগৰাকী যুৱতীয়ে ৷ আত্মহত্যা কৰাৰ পূৰ্বে সামাজিক মাধ্যম টিকটকত বহুকেইটা ভিডিঅ' বনাইছিল বন্দনা কলিতা নামৰ যুৱতীগৰাকীয়ে ৷

বিজেপিৰ জন সম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ চন্দ্ৰমোহন, ৰেখাৰানীৰ

বিজেপিৰ জন সম্পৰ্ক যাত্ৰাৰ অংশস্বৰূপে বঙাইগাঁৱত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে বিজনীত ৰেখাৰানী দাস বড়োৰ অংশগ্ৰহণ ।

মণিপুৰৰ শ্বহীদ সেনা জোৱান লুঙ্গাম্বুই আবনেমীক শেষ শ্ৰদ্ধাঞ্জলী ভাৰতীয় সেনাৰ

১৫ জুনত মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাৰ বাসিন্দা তথা ভাৰতীয় সেনাৰ শ্বহীদ সেনা লুঙ্গাম্বুই আবনেমীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ১৩ জুনত জম্মু-কাশ্মীৰৰ LOC বৰ্ডাৰৰ দায়িত্ব সম্পাদন কৰি থকাৰ সময়ত মৃত্যু হয় সৈনিকজনৰ ।

'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে মনোনীত 'ধিং এক্সপ্ৰেছ' খ্যাত স্বৰ্ণ কন্যা হিমা দাসৰ নাম । আনহাতে, লাভলীনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে অসম চৰকাৰে ।

দিহিং পাটকাই আৰু বাঘজানৰ ঘটনাক লৈ আছুৰ প্ৰতিবাদ

বঙাইগাৱঁত আছুৰ প্ৰতিবাদ ৷ বঙাইগাঁও জিলা আছুৰ কাৰ্যালয় শ্বহীদ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে জিলা আছুৱে ৷ বৰ্ষাৰণ‍্য দিহিং পাটকাই ৰক্ষা আৰু বাঘজান কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ নেতা, কৰ্মীৰ ৷

Last Updated : Jun 17, 2020, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.