ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 21, 2020, 9:00 AM IST

Updated : Sep 21, 2020, 10:58 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

ক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ

সম্পূৰ্ণ ছটা মাহৰ বিৰতিৰ পাছত ৰাজ্য়ত পুনৰ আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান ৷ ক’ভিড-19 ৰ সকলো নিয়ম মানি চলি 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্য়ৰ সকলো বিদ্যালয়তে নৱম, দশম, একাদশ আৰু দাদ্বশ শ্ৰেণীৰ পাঠদানৰ বাবে নিৰ্দেশ চৰকাৰৰ ৷

আজিৰে পৰা পুনৰ মুকলি তাজমহল আৰু আগ্ৰা ফৰ্ট

আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল আৰু আগ্ৰা ফৰ্ট ৷ বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল তাজমহল আৰু আগ্ৰা ফৰ্ট ৷

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 1,56,680 লৈ বৃদ্ধি

ৰাজ্যত ক্ৰমশ বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমান ৰাজ্যত 1,56,680 গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 562 গৰাকীৰ মৃত্যু হয় ৷

থানেত তিনি মহলীয়া ভৱন খহি 8 গৰাকীৰ মৃত্যু

এটা তিনি মহলীয়া ভৱন খহি পৰাত মৃত্যুক সাবটি লৈছে 8 গৰাকীকৈ লোকে ৷ মহাৰাষ্ট্ৰৰ থানেত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে ৷ 20 গৰাকী লোকক উদ্ধাৰ ৷ অধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ ৷

আন্দোলনত নামিব সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ অধীনস্থ বিটিএডি মাণ্ডলিক পৌৰ নিকায় কৰ্মচাৰী সকলৰ সাধাৰণ সভা অনুষ্ঠিত হয় দেওবাৰে চিৰাং জিলাৰ কাজলগাঁও পৌৰ সভাৰ কাৰ্যালয়ত । সন্থাই প্ৰাপ‍্য দৰমহা আদায়ৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে সংবাদমেল যোগে ।

তেজপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

এটা দিন বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত তেজপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইজ ৷ কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰেৰণ নকৰাকৈ এটা দিন বিদ্যুৎ সেৱাৰ পৰা ব্যাহত কৰা হয় সম্পূৰ্ণ তেজপুৰ সমষ্টিৰ অন্তৰ্গত এলেকা । নিশা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ ।

আই পি এল 2020 ৰ দ্বিতীয় মেচত দিল্লীৰ জয় লাভ

আই পি এল 2020 ৰ দ্বিতীয়খন মেচত দিল্লীৰ জয় লাভ ৷ নিৰ্ধাৰিত 20 অভাৰত খেল খন ড্ৰ’ হোৱাত চুপাৰ অভাৰৰ সহায় লোৱা হয় ৷ পাঞ্জাৱক হৰুৱাই দিল্লীয়ে সাব্যস্ত কৰে বিজয় ৷

দিল্লীত অমিত শ্বাহেৰে বৈঠক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ

আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আজিৰ এই আলোচনাত ৰাজ্যৰ বহুকেইটা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷

ভাৰত আৰু চীনৰ মাজত আজি ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক

আজি অনুষ্ঠিত হ'ব ভাৰত আৰু চীনৰ ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক ৷ অঞ্চলটোত চলি থকা সৈন্য বাহিনীৰ গতিৰোধক লৈ এই বৈঠক অনুষ্ঠিত হ'ব ৷ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া ভাৰতীয় প্ৰতিনিধি মণ্ডলৰ অংশ হিচাপে বৈঠকত ভাগ লোৱাৰ সম্ভাৱনা ৷ চীনৰ ম’ল্ড’ অঞ্চলত অনুষ্ঠিত হ'ব এই বৈঠক ৷

অসমত গঠন হ'ল আন এক নতুন সংগঠন

দৰঙৰ মঙলদৈ চহৰত দেওবাৰে জন্ম পালে ভূমি পুত্ৰ অসমীয়া মঞ্চ নামৰ সংগঠনটোৱে ৷ অসমীয়া জাতিৰ বাবে প্ৰতিটো ক্ষণতে মাত মাতিবৰ তথা যাতে প্ৰতিজন অসমীয়াই আত্ম নিৰ্ভৰশীল হৈ প্ৰতিজন অসমীয়াক জগাই তুলিব পাৰে তাৰ উদ্দেশ্যৰে এই সংগঠন গঠন কৰা হৈছে বুলি আহ্বায়ক সমিতিয়ে অৱগত কৰে ।

Last Updated : Sep 21, 2020, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.