ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ...

TOP 10 AT 7 PM
TOP 10 AT 7 PM
author img

By

Published : May 31, 2021, 7:14 PM IST

ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

বিভিন্ন ছিণ্ডিকেটৰ দুৱাৰ মুখ হিচাপে চিহ্নিত হোৱা ধুবুৰীত ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ । বিভিন্ন ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ধুবুৰী জিলাৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস সহ দুজন লোক ।

এক লাখ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ: খালি পদৰ হিচাপ লাগে মন্ত্ৰী অজন্তাক

ৰাজ্যত সম্প্ৰতি সৰ্বাধিক পদ খালি হৈ আছে শিক্ষা, স্বাস্থ্য আৰু গৃহ বিভাগত । ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ নামত চৰকাৰে মাহে ব্যয় কৰিবলগীয়া হয় ৩,২০০ কোটি টকা । নতুনকৈ আৰু এক লাখ নিযুক্তি দিলে চৰকাৰক অতিৰিক্তভাবে প্ৰয়োজন হ’ব আৰু চাৰিশৰ পৰা পাঁচশ কোটি টকা ।

ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সংবাদমেল

'সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ স্বাস্থ্য খণ্ডৰ স্থান 12 নম্বৰত আছে ৷ পৰ্যাপ্ত চিকিৎসকৰ অভাৱত অসমৰ স্বাস্থ্য খণ্ডত এক পয়ালগা অৱস্থাৰ সৃষ্টি হৈছে ৷' এক সংবাদমেল সম্বোধন কৰি এইদৰে অসমৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে ৷

কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শোণিতপুৰ আৰক্ষীয়ে আদৰণীয় পদক্ষেপ

কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শোণিতপুৰ আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা সান্ধ্য আইনৰ সময়ত কোনো কাৰণ নোহোৱাকৈ ওলাই অহা লোকক পালেই ক’ভিডৰ এন্টিজেন টেষ্ট কৰি কৰ’ণাৰ অৱস্থিতি ধৰা পৰিলে তাৎক্ষণিক ভাৱে চিকিৎসালয় নতুবা গৃহ পৃথকীকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ ফাৰ্মাচী সমূহৰ স’তে মোবাইল ফ’নৰ জৰিয়তে সংযোগ ৰাখিছে আৰু কৰ’ণাৰ পৰীক্ষা নকৰা লোকসকলে জ্বৰ তথা চৰ্দিৰ ঔষধ ক্ৰয় কৰিলে তথ্য লাভ কৰিব আৰক্ষীয়ে ৷ তেনে লোক সকলৰ কৰ’ণাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে ৷

পাঠশালাত অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ

সোমবাৰে পাঠশালাত এখন অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ বন বিভাগৰ ৷ ডাম্পাৰখন জব্দ কৰি আৰক্ষী চকীত গোচৰ ৰুজু কৰে বন বিভাগে ৷

নলবাৰীৰ মুকালমুৱাত ড্ৰাগছসহ আটক চাৰিজন

সোমবাৰে মুকালমুৱাত ড্ৰাগছসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলিছে ড্ৰাগছ বিৰোধী অভিযান ৷ সৰবৰাহকাৰী কেইজনৰ পৰা 22 টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷

সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি ড্ৰাগছ মাফিয়াৰ

শিৱসাগৰত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিছে এজন ড্ৰাগছ ব্যৱসায়ীয়ে ৷ দেওবাৰে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে আৰক্ষীয়ে

শিলচৰৰ যৌন গাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ

মহামাৰী কৰ’ণাৰ সময়ত উপাৰ্জনৰ পথ বন্ধ হৈ পৰে শিলচৰ যৌন গাঁৱৰ লোকসকলৰ ৷ কাছাৰ জিলা লীগেল চাৰ্ভিছ কৰ্তৃপক্ষৰ উদ্যোগত অসহায় লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ ৷

বিশ্বনাথৰ এখন গাঁৱত 80 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

বিশ্বনাথৰ চতিয়াত এখন বিয়াৰ পৰা গণ সংক্ৰমণ ৷ গোসাঁই চাপৰি গাঁৱত আক্ৰান্ত হৈছে ৮০ গৰকীকৈ লোক ৷

বিদ্যুৎ চুৰি কৰা লোকক নাকী লগাবলৈ প্ৰস্তুত বিমল বৰা

বিদ্যুৎ চুৰি কাৰ্যক কঠোৰ হাতেৰে দমন কৰা হ'ব । এই ক্ষেত্ৰত বিদ্যুৎ বিভাগক কঠোৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে শক্তি মন্ত্ৰী বিমল বৰাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.