ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ বাতৰি - top news

7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 7 PM
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 12, 2021, 7:07 PM IST

মহাজোঁটৰ চৰকাৰ কেনেকৈ: 'গেম চেঞ্জাৰ' বাঘেল, জিতেন্দ্ৰ সিঙৰ ফৰ্মূলা

ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সকলো ৰণকৌশল যুগুতোৱা দলটোৰ দুগৰাকী ৰাষ্ট্ৰীয় নেতা হঠাৎ গুৰুত্বপূৰ্ণ হৈ উঠিছে । এই দুই নেতাৰ এগৰাকী হৈছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু আনজন ৰাজস্থানৰ শীৰ্ষ কংগ্ৰেছ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ।

NRCয়ে গোৰ্খাসকলৰ ওপৰত প্ৰভাৱ নেপেলায়ঃ অমিত শ্বাহ

পুনৰ পশ্চিমবংগ চৰকাৰক উদ্দেশ্যি তীব্ৰ বাক্যবাণ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ । ৰাজ্যখনৰ কালিম্পঙত অনুষ্ঠিত ৰোড শ্ব' অংশ লৈ তেওঁ কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে গোৰ্খাসকলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় । তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পাহাৰীয়া অঞ্চলটোৰ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাইছে বুলিও অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।

আজি ৱাংখেৰেত ৰাজস্থানৰ বিৰুদ্ধে পাঞ্জাৱ কিংছ

আজি আই পি এলৰ চতুৰ্থখন মেচ ৷ ছিজনৰ চতুৰ্থ নম্বৰৰ মেচখনত ৰাজস্থানৰ মুখামুখি হ’ব পাঞ্জাৱ কিংছ ৷

বিহুৰ বন্ধ প্ৰত্যাহাৰক লৈ ক্ষুব্ধ ডাক কৰ্মচাৰী

সোমবাৰে শিৱসাগৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বহিল শিৱসাগৰ মুখ্য ডাক কৰ্মচাৰীসকল ৷ কিয়নো এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধৰ তালিকাৰ পৰা বাদ পৰিল বন্ধৰ তালিকাৰ পৰা ৷ ইফালে বহাগ বিহুৰ পৰিৱৰ্তে দুৰ্গা পূজাৰ নৱমীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব বন্ধৰ দিন । এই লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ডাক বিভাগৰ কৰ্মচাৰীসকল ।

ৰঙিয়াত মহিলাই আৰম্ভ কৰিছে এখন বিশেষ বজাৰ

ৰঙালী বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰৰ। এই বজাৰ খনৰ সকলো বিক্ৰেতা হৈছে মহিলা। ঘৰতে উৎপাদন কৰা থলুৱা সামগ্ৰী গ্ৰাহকলৈ আগবঢ়োৱা এই বজাৰখন প্ৰায় এবছৰ পূৰ্বে আৰম্ভ হৈছিল যদিও লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল । কিন্তু ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ এই বজাৰখন আৰম্ভ হৈছে ।

কোকৰাঝাৰত কৰ'ণাত আক্ৰান্ত এগৰাকী শিক্ষয়িত্ৰী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে COVID-১৯ত আক্ৰান্তৰ সংখ্যা । কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহতো ধৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

বাঁহৰ গামোচাত কোনে বাচিছে হেঁপাহৰ বুটা ?

সকলোতে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । কি গাঁও কি চহৰাঞ্চল, সকলোতে এতিয়া পাৰ ভঙা উচাহ ৷ এই উচাহৰ মাজতে ৰঙালী বিহুৰ প্ৰাকক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে তৈয়াৰ কৰিছে অসমীয়াৰ স্বাভিমান হেঁপাহৰ গামোচা ৷

অন্ধ্ৰ প্ৰদেশত নন্দীৰ মূৰ্তি চুৰি কৰি আৰক্ষীৰ জালত ১০টা চোৰ

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা । ৰাজ্যখনৰ চিট্টোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নন্দীৰ মূৰ্তি চুৰি কৰা ১০টা চোৰক ।

চৰকাৰে নিমন্ত্ৰণ জনালে পুনৰ আলোচনাৰ বাবে সাজু কৃষক: ভাৰতীয় কৃষক সংঘ

কৃষি আইন সন্দৰ্ভত যদি কেন্দ্ৰই কৃষকসকলক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাই, তেন্তে প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰৰে কথা পাতিবলৈ সাজু বুলি মন্তব্য ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটৰ । কিন্তু তেওঁলোকৰ দাবী একেই থাকিব বুলি কয় টিকাইটে ।

বিচনা দখলৰ বাবে উত্তৰ প্ৰদেশত এজনক হত্যা

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন এজন ৰোগীয়ে তেওঁৰ বিচনা দখল কৰাৰ বাবে তেওঁৰ সহৰোগীক হত্যা কৰে ৷ আৰক্ষীয়ে অভিযুক্তজনক আটক কৰে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.