ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Oct 4, 2020, 6:59 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

সেনাৰ চতুৰ্থ ক'ৰ ওৰফে তেজপুৰস্থিত গজৰাজ ক'ৰে আজি পালন কৰে ইয়াৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

ৰাজ্যপালৰ শাসনেৰে গণতন্ত্ৰ নচলে : ৰাজেশ বৰাল

অতি শীঘ্ৰেই বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক সংবাদ মাধ্যমযোগে আহ্বান জনালে বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালে ৷ দেওবাৰে দিহিৰা ব্লক সমিতিত অনুষ্ঠিত প্ৰথম সাধাৰণ সভাত অংশগ্ৰহণ কৰি বিটিচি পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

প্ৰত্যাহ্বান লৈ কিংছ ইলেভেন পঞ্জাৱৰ মুখামুখি হ’ব চেন্নাই চুপাৰ কিংছ

আজি আই পি এলৰ দ্বিতীয় খেল চেন্নাই চুপাৰ কিংছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মাজত অনুষ্ঠিত হ'ব ৷ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ৷

মাৰ্ঘেৰিটাত জুৱাৰী আটক

মাৰ্ঘেৰিটাত ব্যাপত হাৰত অব্যাহত আছে অনলাইন জুৱা ৷ এই জুৱাত জড়িত থকাৰ অপৰাধত ছজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ লিডুৰ বাঁহবাৰীৰ আটক কৰা হৈছে লোককেইজনক ৷

পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰীৰ এক নং ৱাৰ্ডবাসী ৷ দেওবাৰে এই পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷ স্থানীয় লোকৰ বহু আবেদন-নিবেদনে স্পৰ্শ কৰিব পৰা নাই স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ৷

ৰঙিয়াত চলন্ত বাছৰ পৰা পৰি নিহত যুৱক

গুৱাহাটী অভিমুখী এখন বাছৰ পৰা পৰি থিতাতে নিহত হয় বাছখনৰ হেণ্ডিমেনজনৰ । নিহত লোকজন বাইহাটা চাৰিআলিৰ ৰেকিব আলী বুলি জানিব পৰা গৈছে ।

SI কাণ্ড সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

CAA আন্দোলনৰ অন্যতম শ্বহীদ ৰাজেন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ SI কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কেলেংকাৰী সমূহৰ লগত জড়িত থকা সকলো লোককে কাৰাগাৰত ভৰাওক তেতিয়াহে আমি শূন্য সহনশীলতাৰ কথা ক'ব পাৰিম বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দেওবাৰে বাক্সাৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে নদীক যিমানে বাধা দিয়ে সিমানেই তাৰ শক্তি বৃদ্ধি পায় বুলি প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে মন্তব্য কৰে প্ৰতিবাদৰ সন্মুখীন হোৱা নেতাগৰাকীয়ে ৷

নিৰ্দোষীক আটকক লৈ বৰখলা আৰক্ষী চকীত উত্তেজনা

কাছাৰৰ বৰখলা আৰক্ষী চকীত শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে নিৰ্দোষী লোকক আটক কৰাৰ অভিযোগত শতাধিক ৰাইজে ঘেৰাও কৰে আৰক্ষী চকী ৷

জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ

জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ ৷ গোপন অভিযানৰ ভিত্তিত গ্ৰেপ্তাৰ দুই চোৰক ৷ লগতে, আৰক্ষীয়ে জব্দ কৰে এখন বাহন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.