ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 30, 2020, 7:02 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

কোটিপতি হ'লেহে পাব নেকি এ আই ইউ ডি এফৰ টিকট ?

কোটিপতি হ'লেহে ২০২১ ৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে । এয়া কোনো লিখিত দলীয় নিৰ্দেশ নহয় । কিন্তু দলটোৰ ভিতৰে বাহিৰে ইতিমধ্যে বাৰুকৈয়ে প্ৰচাৰ হৈছে এই নতুন নিয়মৰ কথা । আনকি এ আই ইউ ডি এফৰ এক শীৰ্ষ সুত্ৰই ইটিভি ভাৰতৰ আগত এই বুলিও প্ৰকাশ কৰিছে যে, বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থা যিহেতু অত্যন্ত ব্যয়বহুল, সেয়েহে প্ৰাৰ্থিত্ব সেইসকলেহে লাভ কৰিব, যিসকলে আৰ্থিকভাৱে শক্তিশালী বুলি দলীয় নেতৃত্বক পতিয়ন নিয়াব পাৰিব ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলঃ বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া

বিধায়ক বিমল বৰাৰ নাম ৰাজ্য কপোৱা SI কেলেংকাৰীত জড়িত থকাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিধায়কগৰাকীয়ে। কোভিডৰ পৰা আজি মুক্তি লাভ কৰিয়েই সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া বিমল বৰাৰ ।

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ

মৰিগাঁৱত ৰেপিড এণ্টিজেন পৰীক্ষাৰ নামত চলিছে কি ! কোভিড প্ৰট’কল ভংগৰ অভিযোগ মৰিগাঁৱৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । সামাজিক দুৰত্বক আওকাণ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ৷

আৰক্ষীৰ শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

অভিযোগে যেন এৰা নিদিয়া হৈছে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক ৷ এইবাৰ নগাঁৱত অনুষ্ঠিত হোৱা আৰক্ষীৰ শাৰিৰীক সক্ষমতাৰ বাছনি পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে মহিলা পৰীক্ষাৰ্থীয়ে ৷

কংগ্ৰেছীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক নিন্দা বিৰোধী দলপতিৰ

কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চালনা কৰা আৰু গ্ৰেপ্তাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ স্বেচ্ছাচাৰী শাসন চলাই থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজৰ প্ৰতি কৰা অন্যায়,যুৱক-যুৱতীসকলৰ ভৱিষ্যতক লৈ কৰা হেতালি আদিৰ বিৰুদ্ধে বিৰোধীয়ে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদক দমন কৰিব বিচাৰিছে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন

পুষ্টিহীনতা মু্ক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত 'পোষণ মাহ' পালন। দৰঙত বেছিমাৰী সংহত শিশু উন্নয়ণ সেৱা প্ৰকল্পৰ উদ্যোগত 'পোষণ বাগিছা' সজাগতা সৃষ্টিৰ প্ৰয়াস সমাজ কল্যাণ বিভাগৰ। কলগাছিয়াত সজাগতামূলক সমদল উলিয়ায় অংগনাবাড়়ী কৰ্মী-সহায়িকাই।

ইছলামিক আগ্ৰাসনে কৰ'ণা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে: সত্যৰঞ্জন বৰা

বুধবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে তীব্ৰ মন্তব্য প্ৰকাশ কৰে ৷

SI কাণ্ডৰ বিৰুদ্ধে নগাঁৱত NSUI উত্তাল প্ৰতিবাদ

অসম আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তিত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে নগাঁৱতো প্ৰতিবাদ এন এছ ইউ আই ৰ। দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।

পৰিষদীয় নিৰ্বাচন স্বচ্ছ আৰু নিকা হ'ব লাগে: প্ৰমোদ বড়ো

বিটিআৰত উন্নয়ন হ'ব লাগে তাত থাকিব নালাগে কোনো ধৰণৰ ধনবল বা বাহুবল ৷ গণতন্ত্ৰৰ প্ৰতি যাতে কোনোৱে ভাবুকি প্ৰদান কৰিব নোৱাৰে ৷ এনেবোৰ বিষয়ত প্ৰতি প্ৰশাসনে নজৰ দিব লাগে ৷ বাক্সাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমযোগে এই মন্তব্য কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

ধেমাজিত AJYCP আৰু চুতীয়া যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট

দেশজুৰি তোলপাৰ লগোৱা কৃষক বিৰোধী আইন বাতিল কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় সংগঠন দুয়োটাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.