ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 28, 2020, 7:04 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

বৰপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক কেলেংকাৰী

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ অভিযোগত দেওবাৰে কেওটকুছি গাঁও পঞ্চায়ত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক বঞ্চিত হিতাধিকাৰীয়ে ৷

বিজয়নগৰত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ

বিজয়নগৰত জব্দ কৰা হৈছে এখন চোৰাং চাউল ভৰ্তি ট্ৰাক ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলোৱা আৰক্ষীয়ে চাউলখিনি বৰদিয়া চাপৰি আঞ্চলিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

বাক্সাৰ চৌকীত প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰ...

লকডাউনে বাক্সাৰ অন্যতম পৰ্যটনস্থলী চৌকীলৈ কঢ়িয়াই আনিছে অধিক প্ৰাকৃতিক সৌন্দৰ্য ৷ পাগলা আৰু দিয়া নদীৰ সংগমস্থলী ‘চৌকী’ত এতিয়া কেৱল সেউজীয়া আৰু সেউজীয়া ৷

কি হ'ব 2021 ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ কি কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ?

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা, অসম জাতীয় পৰিষদ সন্দৰ্ভতো বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়াই বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 2021 বিধানসভা নিৰ্বাচনত বিজেপিয়ে 100 ৰো অধিক আসন দখল কৰিব বুলি দাবী কৰে বিধায়ক গৰাকীয়ে ৷

বৰপেটাৰ বহৰিত চোৰাং কাঠ জব্দ

সোমবাৰে বৰপেটাৰ হৰিপুৰৰ পৰা আৰক্ষীয়ে চোৰাং কাঠসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বৰ এটা দলে অভিযান চলাই কাঠখিনি জব্দ কৰে ৷

বিজেপিয়ে বিপিএফক বিশ্বাসঘাটকতা কৰি ইউপিপিএলৰ সৈতে গোপন মিত্ৰতা কৰিছে

বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে চিৰাঙত প্ৰতিখন জিলাৰ ব্লক সমিতিৰ মহিলাসকলে সমদল উলিয়াই জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা বৰ্তাই ৰখাৰ পাচতো বিশ্বাসঘাটকতা কৰি ইউপিপিএলৰ সৈতে গোপনে মিত্ৰতা চলাই আছে বুলি বিপিএফৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্মই এই কথা উল্লেখ কৰে ৷

নলবাৰী আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক

সোমবাৰে নলবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত জিলা খনৰ মূলাৰকুছিৰ পৰা প্ৰায় 1 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে 4 জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ

কুখ্যাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী ৷

বিধায়ক বিমল বৰাক গ্ৰেপ্তাৰৰ দাবী টিংখাং মহাবিদ্যালয়ত প্ৰতিবাদ

সোমবাৰে টিংখাং মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন । অসম আৰক্ষীৰ SI পৰীক্ষাৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা বিধায়ক বিমল বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ এছ এছ বিৰ 23 নং বেটেলিয়ানৰ অভিযানত উদ্ধাৰ হয় অস্ত্ৰ ভাণ্ডাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.