ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 21, 2020, 6:50 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

CAA আৰু EIA বাতিলৰ দাবীৰে ৰাজ্যজুৰি ভিন্ন সংগঠনৰ প্ৰতিবাদ

একেটা দিনতে ৰাজ্যৰ ভিন্ন প্ৰান্তত CAA আৰু EIA বাতিলৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাইয়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালভাৱে সোণাপুৰতো আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ভালকৈ ক'ব নোৱাৰেঃ উপমন্যু হাজৰিকা

6 নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া ৷ কঠোৰ ভাষাৰে সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19

নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰে 3 গৰাকী শিক্ষাৰ্থীৰ দেহত দেওবাৰে আৰু 6 গৰাকীৰ দেহত সোমবাৰে ধৰা পৰে মহামাৰীৰ বিধৰ অৱস্থিতি ৷

নুমলীগড়ৰ ধাননি পথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ

বন্যহস্তীয়ে খাই তহিলং কৰিছে গোলাঘাটৰ নুমলীগড়ৰ পোৰাবাংলাৰ পথাৰৰ খেতিৰ ফচল ৷ নিৰুপায় হৈ কৃষকে চাই ৰ'বলগীয়া হৈছে চকুৰ সন্মুখতে নষ্ট হোৱা খেতি ৷

শিলঘাটত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

শিলঘাটত লংগৰত উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰ কঢ়িওৱা এখন জাহাজ ৰখোৱাৰ পাচতে অঞ্চলটোত জটিল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷

অসম চুক্তিৰ ৬নং দফাত নাই গোৰ্খা জনগোষ্ঠীৰ নাম

অসম চুক্তিৰ 6নং দফাত নাই গোৰ্খা জনগোষ্ঠীৰ নাম ৷ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক অগ্ৰাহ্য গোৰ্খা জনগোষ্ঠীয় সংগঠনৰ ৷ এই জনগোষ্ঠীৰ নাম অন্তৰ্ভূক্ত নহ’লে হুংকাৰ আন্দোলনৰ ৷

নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত তীব্ৰবেগী বাছঃ আহত কেইবাগৰাকীও যাত্ৰী

দক্ষিণ কামৰূপৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সোমবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা । গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী AS-25-CC-0786 নম্বৰৰ যাত্ৰীবাহি বাছ এখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত থকা এডাল প্ৰকাণ্ড গছত খুণ্ডা মাৰে ।

পৃথক কমতাপুৰ ৰাজ‍্যৰ দাবীত ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ

ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ ৷ জনজাতিকৰণ,পৃথক কমতাপুৰ ৰাজ‍্যৰ পুনৰ গঠন আদিৰ বাবে এই প্ৰতিবাদ আক্ৰাছুৰ ৷ ৰঙিয়া আৰু বঙাইগাঁৱতো আক্ৰাছুৱে পালন কৰে প্ৰতিবাদ ৷

প্ৰাপ্য ধনৰ আদায়ৰ দাবীৰে প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সোমবাৰে নিজৰ বকেয়া ধন আদায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰী সকলে ৷ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদ সাব্যস্ত কৰিলে কৰ্মচাৰী সকলে ৷

আন্তঃৰাষ্ট্ৰীয় গঁড় দিৱসঃ কাইলৈ মুকলি হ'ব কেভিন পিটাৰচেনৰ এশিঙীয়া গঁড়ৰ তথ্য চিত্ৰ

অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ ওপৰত এক তথ্য চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেনে । আন্তঃৰাষ্ট্ৰীয় গড় দিৱসৰ দিনাই নেশ্য়নেল জিঅ’গ্ৰাফী চেনেলত নিশা 9 বজাত প্ৰচাৰ হ'ব এই তথ্য চিত্ৰ ৷ টুইটযোগে এই কথা প্ৰকাশ কৰিলে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.