ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 18, 2020, 7:00 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

বজালীলৈ সঘন আহ-যাহ বিজেপিৰ ৰাজ্যিক সভাপতিৰ

সঘনাই বজালীলৈ আগমন বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ ৷ পাটাছাৰকুছি অথবা ভৱানীপুৰ দখলৰ লক্ষ্য নেকি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ! বজালীত এতিয়া ৰণজিৎ দাসক ৰাজকীয় আদৰণি জনতাৰ ৷

অন্ধকাৰত ডুব গৈছে নগাঁৱবাসী

চামগুৰিৰ শক্তি বিভাগৰ উপ-কেন্দ্ৰৰ এটা মেগা ট্ৰাঞ্চফৰ্মাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ৷ ফলত জিলাখনৰ অধিকাংশ অঞ্চলৰ লোকে এটা নিশা পাৰ কৰিবলগীয়া হয় অন্ধকাৰত ৷ সম্প্ৰতি ট্ৰাঞ্চফৰ্মাৰটো মেৰামতিৰ কাম অব্যাহত আছে ৷

বাইহাটাৰ পঞ্চায়ত এলেকাত ছেনিটাইজেশ্যন

'আমাৰ গাঁও আমাৰ আঁচনি' নামেৰে শিক্ষানুষ্ঠান তথা ধৰ্মীয় অনুষ্ঠান বীজাণুমুক্ত কৰাৰ বাবে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়ত সমূহৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷ কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তৰ অধীনৰ সকলোবোৰ অনুষ্ঠানৰে ছেনিটাইজেশ্যন সম্পন্ন ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ২য় কিস্তিৰ ধনৰ দহ শতাংশৰে ছেনিটাইজ কৰাৰ বাবে পঞ্চায়ত সমূহক নিৰ্দেশ ৷

ছেপ্তেম্বৰৰ শেষত আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

কৰ'ণা প্ৰটকল অনুসৰি পৰ্যায়ক্ৰমে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷

হাইলাকান্দিত কলেজৰ প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ

মহিলা কলেজৰ মূল প্ৰৱেশ দ্বাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে। ইপিনে,কলেজ অধ্যক্ষ নন্দিনী দাস ধৰে এই বিষয়ত মন্তব্য আগবৰাই কয় যে কলেজ পৰিচালনা সমিতিয়েহে এই মাছুল নিৰ্ধাৰণ কৰি দিছে।

নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতাৰ খিলঞ্জীয়ালৈ মনত পৰে কিয়ঃ উপমন্যু হাজৰিকা

কেৱল নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়ালৈ আমাৰ খিলঞ্জীয়া নেতা সকলৰ মনত পৰে আৰু দৰদী হৈ পৰে, যাতে ভুৱা প্ৰতিশ্ৰুতি দি ভোট ল'ব পাৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত অৰ্ণমাই বৰাৰ হত্যাক নিজৰ মাতৃৰ হত্যা হোৱা বুলি কৈ ঘৰিয়ালৰ চকুপানী টুকিলে । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ৷

অসমৰ বাঁহ শিল্পক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস এগৰাকী যুৱকৰ

বাঁহ শিল্পৰ যোগেদি স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে শিৱসাগৰ খনামুখ টিপমীয়া গাঁৱৰ এটি পৰিয়ালে ৷ বাঁহ-বেতৰ শিল্প কৰ্মৰ সৈতে জড়িত পিতৃ তোক্ষেশ্বৰ গগৈৰ পদাংক অনুসৰণ কৰি এতিয়া কুটীৰ শিল্পৰ সৈতে জড়িত হৈ পৰিছে পুত্ৰ নিপন গগৈ ।

বিলাসীপাৰাত কৰ'ণাক্ৰান্ত হৈ কনিষ্টবলৰ মৃত্যু

ৰহমানৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰে সম্পূৰ্ণ বিলাসীপাৰা অঞ্চল ৷ উল্লেখ্য যে,এই পৰ্যন্ত সমষ্টিটোত কোভিডৰ ফলত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷

দুৰ্নীতিক শ্ল'গান হিচাপে লৈ নিৰ্বাচনত 86 টা সমষ্টিত প্ৰাৰ্থীত্ব আম আদমী পাৰ্টীৰ

2021 চনত দুৰ্নীতিৰ বিৰুদ্ধে পৰিৱৰ্তনৰ ৰাজনীতি কৰি অসমৰ 86 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব আম আদমী পাৰ্টীয়ে ৷ এই কথা সদৰি কৰিলে আম আদমী পাৰ্টী অসম প্ৰদেশৰ মুখ্য সমন্বয়ক ডঃ ভৱেন চৌধুৰীয়ে ।

কাগজ কল ব‍্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ

কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত SUCI ৰ প্ৰদৰ্শন বিক্ষোভ কাৰ্যসূচী ৷ শুকুৰবাৰে উলুবাৰী উৰণীয়া সেঁতুৰ সমীপত সংগঠনটোৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.