ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 17, 2020, 6:56 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতা হাগ্ৰামা মহিলাৰীৰ

ৰিভিউ কৰিব লাগিব বিটিআৰ চুক্তি । একো নাই বিটিআৰ চুক্তিত,বিগ জিৰো ৷ চুক্তি ৰিভিউ নকৰিলে বিটিচি অঞ্চলৰ পৰিৱেশ বহুত বেয়া হ’ব । বিটিচি চৰকাৰ গঠন হোৱাৰ পিছতে সকলো দল-সংগঠনক লৈ আলোচনা কৰিব লাগিব ৷ নিৰ্বাচন গ’লেই আমি চৰকাৰৰ লগত আলোচনা কৰি সকলো ঠিক কৰিম । এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

ৰূপহীহাটত মানসিক বিকাৰগ্ৰস্ত মহিলাক নৃশংস হত্যা

ৰূপহীহাটৰ গুণাবাৰীত সংঘটিত নৃশংস হত্যাকাণ্ড ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

UAE ত আইপিএল 2020

অপেক্ষাৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে বিদেশৰ ভূমিত উঠিব আইপিএলৰ লহৰ ৷ নানান জল্পনা-কল্পনাৰ অন্তত 19 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ৷ 53 দিনলৈ চলিবলগীয়া এই মহাৰণৰ অন্ত পৰিব অহা 10 নৱেম্বৰত ৷ প্ৰথমখন মেচতেই মুখামুখি হ’ব ডেফেণ্ডিং চেম্পিয়ন ৰোহিত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ বনাম ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ ৷ ডুবাই, আবু ধাবি, শ্বাৰজাহত অনুষ্ঠিত হ’ব আইপিএলৰ সমস্ত খেল৷ 10 টা কৈ ডাবুল হেডাৰ থকা এই প্ৰতিযোগিতাত অনুষ্ঠিত হ’ব সৰ্বমুঠ 60 খন মেচ ৷

বিজেপিয়ে NRCৰ সমস্যা সমাধান নকৰেঃ ৰকিবুল হুছেইন

পাঠশালাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ নিৰ্বাচন প্ৰসংগত মন্তব্য প্ৰদান প্ৰাক্তন মন্ত্ৰীৰ ৷ ৰঞ্জিৎ দাসক কটাক্ষ ৰকিবুল হুছেইনৰ ৷

সমূহীয়া মৎস্য চিকাৰত ব্যস্ত মৰিগাঁওবাসী

বৃহস্পতিবাৰে পুৱাতেই হাতত জাকৈ, খালৈ, প’ল আদি লৈ সমূহীয়া মৎস্য চিকাৰত নামিল মৰিগাঁৱৰ সমীপৱৰ্তী মৰা কলং, টেঙাগুৰিবাসী ৰাইজ ৷ প্ৰতি বছৰৰ লেখীয়াকৈ চলিত বৰ্ষতো বান শুকোৱাৰ পিছত মৰা কলঙত মৎস্য চিকাৰ কৰি পৰম্পৰা ৰক্ষা কৰে অঞ্চলবাসীয়ে ৷

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ অনলাইন কুইজ আৰু প্ৰদৰ্শনীৰ আয়োজন

মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি 'Know Namo' নামৰে এখনি কুইজ আৰু প্ৰধানমন্ত্ৰী মোডীৰ জীৱন যাত্ৰাৰ লগতে জীৱনৰ সফলতাক উদ্দেশ্যি 'Namo App' নামৰে অনলাইন প্ৰদৰ্শন কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ বিজেপিৰ ফালৰ পৰা 'Namo App' মুকলি কৰি দিয়া হৈছে আৰু আগ্ৰহী সকলে প্ৰধানমন্ত্ৰীৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰাৰ লগতে ভিডি'অ যোগেও প্ৰশ্ন কৰিব পাৰিব ৷

অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি

অসমৰ প্ৰাক্তন অতিৰিক্ত ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ পিঠাপুৰৰ বাসগৃহত উড়িশাৰ বিজেপি নেতাগৰাকীৰ 68 বছৰ বয়সত মৃত্যু হয় ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

১৭ ছেপ্টেম্বৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম জয়ন্তীৰ দিনতে কংগ্ৰেছৰ দেশজুৰি ৰাষ্ট্ৰীয় বে-ৰোজগাৰ দিৱস পালন।

ক'ৰণাসৃষ্ট পৰিৱেশৰ মাজতে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণ

ক'ৰণা অতিমাৰীৰ মাজতে ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান আৰু সমৰ কলা প্ৰশিক্ষণৰ ব্যৱস্থা মৰিগাঁৱৰ এজন যুৱকৰ ৷ মৰিগাঁও জিলাৰ জৰাবাৰীৰ নিজ গৃহত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠদান আৰু বিশেষকৈ ছাত্ৰীসকলক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান যুৱকজনৰ ৷

প্ৰাক্তন সাংসদ নাজনিন ফাৰুকৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰাক্তন সাংসদ নাজনিন ফাৰুকৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ ৷ ৰাজ্যসভাৰ প্ৰক্তন সাংসদ তথা সুদক্ষ খেলুৱৈ আছিল নাজনিন ফাৰুক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.