ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 16, 2020, 7:10 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চলি থকা উত্তেজনাৰ মাজতে আহিবলগীয়া শীতকালৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনা ৷ বিশেষকৈ অতি উচ্চতাত চাউনীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ইতিমধ্যেই ভাৰতীয় সেনাই লজিষ্টিকছ আৰু অন্যান্য টেন্ট জাতীয় সামগ্ৰীৰ লগতে ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ ভাণ্ডাৰ সাজু কৰি তুলিছে আৰু এইসমূহ সামগ্ৰী লাডাখত মজুত ৰখাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় স্থলসেনা ৷

পথ নে পথাৰ: পৰিষ্ফুট উন্নয়নৰ নমুনা

পথৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ মৰাণৰ মধুপুৰ তিনিচুকীয়াবাসী ৷ পথৰ দুৰৱস্থাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত এম্বুলেঞ্চ অথবা অন্য কোনো বাহন । জন প্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱে ক্ষুব্ধ কৰি তুলিছে গাঁওবাসীক ৷

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে যোৰহাটত প্লাজমা দান শিবিৰ মুকলি

নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে যোৰহাটত প্লাজমা দান শিবিৰ আয়োজন ৷ জিলাখনৰ প্ৰায় 50 গৰাকী লোকে প্লাজমা দান কৰে উক্ত শিবিৰত ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম চাহ মজদুৰ সংঘৰ । ৰাজ্যৰ প্ৰতিখন বাগিচাত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰে চাহ শ্ৰমিকসকলে ৷

ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত নগাঁৱৰ এখন ব্যক্তিগত ক্লিনিক

নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ এফ বি ক্লিনিকত ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিৎসক মুস্তফা হুছেইনে ৰোগীৰ ক’ভিড পৰীক্ষা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ

CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ ৷ বাইক ৰেলী বাহিৰ কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

গোলাঘাট হামদৈ পথাৰত প্ৰকাণ্ড কাছ উদ্ধাৰ

গোলাঘাট হামদৈ পথাৰত হামদৈ হোটেলৰ পিছফালৰ পিটনিত উদ্ধাৰ কাছ। হামদৈ হোটেলৰ কৰ্মচাৰীয়ে কাছটো পিটনিৰ সমীপৰ পথটোৰ ওপৰে গৈ থকা অৱস্থাত প্ৰত‍্যক্ষ কৰে। লগে লগে কোনো দুস্কৃতি কাৰীয়ে হানি বিঘিনি ঘটোৱাৰ পূৰ্বে হোটেলৰ কৰ্মচাৰীয়ে প্ৰায় ৪০ কেজি ওজনৰ কাছটো উদ্ধাৰ কৰি গোলাঘাট বনবিভাগক চমজাই দিয়ে।

জম্মু-কাশ্মীৰৰ সুন্দৰবনীত প্ৰাণ হেৰুৱালে সেনা জোৱানে

জম্মু-কাশ্মীৰৰ সুন্দৰবনী ছেক্টৰত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰে ৷ পাকিস্তানী পক্ষৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে সেনা নায়ক অনীশ থমাছে ৷

ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত অভিযুক্ত তিনি ৷ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে প্ৰদান কৰে এই তথ্য ৷

তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ

তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ ৷ 1000 মহিলাৰ মাজত বিতৰণ কৰিলে বিভিন্ন ধৰণৰ সামগ্ৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.