ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 15, 2020, 7:03 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

৯ জুন তাৰিখে বাঘজানত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত অইল ইণ্ডিয়াৰ বাৰাম্বাৰ প্ৰচেষ্টাৰ পিছতো নিৰ্বাপিত হোৱা নাই BGR-৫ তৈলখাদৰ জুই ৷ ইফালে তৈলখাদৰ পৰা নিৰ্গত হোৱা গেছে ক্ৰমান্বয়ে বিষাক্ত কৰি তুলিছে বাঘজানৰ পৰিৱেশ ৷

নগাঁৱত কংগ্ৰেছত যোগদান শতাধিক ছাত্ৰ-ছাত্ৰীৰ

2 অক্টোবৰৰ পৰা নগাঁৱত বন্ধ হ’ব বিজেপিৰ প্ৰলোভনৰ ৰাজনীতি ৷ এই মন্তব্য কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাৰ । 830 টকীয়া আঁচনিৰ প্ৰলোভনেৰে বিজেপিয়ে দলটোত সদস্য ভৰ্তি কৰে বুলি অভিযোগ উত্থাপন চমুৱাৰ ৷

ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 18 ছেপ্তেম্বৰত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ পূব চিয়াঙৰ দিতে ডিমেৰ নৱ নিৰ্মিত ভাৰত-চীন সীমান্তৰ ওলমা দলং ।

দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি

অৰ্ডাৰ অবিহনে মূৰ্তি প্ৰস্তুত কৰিছে মৃন্ময় শিল্পীসকলে । নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিৰ দোকান সমূহত নাই গ্ৰাহকৰ ভিৰ,এই পৰ্যন্ত মাত্ৰ ৫০ টা মূৰ্তি নিৰ্মাণ কৰিছে যদিও এতিয়ালৈকে অহা নাই পূজাৰ গ্ৰাহক ৷

শিৱসাগৰত চিলনী চোৰৰ সন্ত্ৰাস

শিৱসাগৰ নগৰত চলন্ত মটৰ চাইকেলৰ পৰা এক লাখ টকা থপিয়াই নিলে চিলনী চোৰে ৷ শিৱসাগৰ নগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাত ব্যথ ৷

লক ডাউনে বিপদত পেলাইছে ধেমাজিৰ এহাল দম্পতিক

লক ডাউনৰ ফলত বিপদত পৰিছে নিজৰ লগতে আনকো স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলা ধেমাজিৰ এহাল দম্পতি ৷ ৰুপিত মাটি বন্ধকত থৈ ধূপ কাঠি প্ৰস্তুতৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা দম্পতিদ্বয়ে পৰিশোধ কৰিব পৰা নাই বেংকৰ ঋণ ৷ লক ডাউনৰ ফলত 25 দিনে বন্ধ ৰাখিব লগা হ'ল ধূপ কাঠি উৎপাদনৰ কাম ৷

গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ কাষত আকবৰ আলী ফাউণ্ডেশ্যন

পৰিদৰ্শন কালত ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা শামচুল হকে হালধীয়া পাৰা গাঁৱৰ এক ধৰ্মীয় অনুষ্ঠানত 20 হাজাৰ টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায় ৷

বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন

বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ-বোৱাৰীৰ অকথ্য নিৰ্যাতন ৷ বিশ্বনাথৰ নতুন গাৱঁত চন্দাৱতী দাস নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাক পুত্ৰ উত্তম দাস আৰু বোৱাৰী পিংকি দাসে দীৰ্ঘদিনৰ পৰা ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ অৱহেলাৰ বাবে যুৱকৰ মৃত্যু

তেজপুৰত ব্যক্তিগত চিকিৎসালয়ৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল যুৱকৰ ৷ টকা জমা দিব নোৱাৰাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দুৰ্ঘটনাত পতিত হোৱা যুৱকক ICUৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা অংশ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ বাবে উক্ত স্থানত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.