ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Aug 31, 2020, 7:58 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান ৷ 84 বছৰ বয়সত মৃত্যু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ৷

বজালী পঞ্চায়তত এয়া কি হৈ গ'ল ?

বজালীৰ দুমুৰীয়া পঞ্চায়তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱণ্টিত গৃহ লাভ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত জনতাই পঞ্চায়তৰ সভানেত্ৰী-সম্পাদকক চেণ্ডেলৰ মালা পিন্ধাই আসুৰিক উল্লাসত মত্ত হয় ৷

সাংবাদিকক দু ব্যৱহাৰ, ম'বাইল দলিয়াই ডিলিট কৰিলে ভিডিঅ' !

পৰবৰ্তী পৰ্যায়ত চক্ৰ বিষয়া লিনা পাও আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চত্তিস চাহুৰ উপস্থিতিত ৰাইজৰ ৰোষত পৰি ক্ষমা খুজিবলৈ বাধ্য হয় মহিলা কৰ্মচাৰীগৰাকী ৷ তদুপৰি আগলৈ তেনে দু-ব্যৱহাৰ কাকো নকৰো বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় ৷

প্ৰণৱৰ লগতেই অজানা হৈ থাকিল গ'ল বহু কথা ...

সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৷ 2012 চনৰ পৰা 2017 চন পৰ্যন্ত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল তেখেত ৷ 2009 চনৰ পৰা 2012 চন পৰ্যন্ত দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দায়িত্বও গ্ৰহণ কৰিছিল মুখাৰ্জীয়ে ৷ 1980 চনৰ পৰা 1985 চন পৰ্যন্ত ৰাজ্যসভাৰো সাংসদ পদত নিযুক্তি লাভ কৰিছিল ৷

বাক্সাত 2 বছৰীয়া শিশুৰ সলিল সমাধি

সোমবাৰে বাক্সাৰ নিকাচী নঞা পাৰাত পানীত পৰি মৃত্যু হয় এটা 2 বছৰীয়া শিশুৰ ৷ ঘৰৰ সন্মুখত থকা এখন দলঙৰ পৰা দুৰ্ভাগ্যক্ৰমে পিচলি পৰি মৃত্যু হয় শিশুটোৰ ৷

পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

অবড়ো-গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী ইনামুল হক মাহমুদৰ হকে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী ৷

ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফেক্টৰ নহয়: ৰূপজ্যোতি কুৰ্মী

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰহাৰ এইমছ স্থাপনক কেন্দ্ৰ কৰি হোৱা আন্দোলনৰ সময়ত মৃত্যুক সাৱটি লোৱা মিণ্টু দেউৰীৰ পত্নীৰ অৱস্থাৰ বুজ লয় ৷ লগতে বিধায়কগৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল থকা বুলি প্ৰকাশ কৰে ৷

গাভৰু নদীৰ বাঢ়নী পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল

এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৰঙাপৰাৰ ভেলোৱাটাৰ গাঁৱত ৷ কিয়নো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নদীয়ে কালৰূপ ধাৰণ কৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷

নগাঁৱত ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল

নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল ৷ জিলাখনত গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে জিলাখনৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনকি, 60-70 বছৰীয়া বহু জবকাৰ্ড প্ৰাপ্ত বৃদ্ধক অধ্যায়নৰত ছাত্ৰ দেখুৱাই ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে ।

ঘাট মাউৰা হোৱা চাৰি সন্তানৰ কৰুণ কাহিনী...

৬ বছৰ পূৰ্বেই মাতৃৰ বিয়োগৰ পাচত ১৬ দিন পূৰ্বে মৃত্যু হয় পৰিয়ালৰ মেৰুদণ্ড স্বৰূপ পিতৃৰো । ফলত এতিয়া জীয়াই থকাৰ তাড়না আৰু জীৱন যুঁজৰ চিন্তাত শংকিত হৈ পৰিছে জেষ্ঠ কন্যা প্ৰস্তুতি বৰুৱা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.