বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ
আগন্তুক বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
মধ্য প্ৰদেশৰ তাঁতশালত বোৱা শাৰীত দেখিবলৈ পোৱা যাব বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ জিলিকনি
2003 বৰ্ষত ভুপালৰ পৰা 40 কিলোমিটাৰ নিলগত অৱস্থিত ৰায়মেন জিলাৰ ভীম বেটকাৰ গুহাক ঘোষণা কৰা হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ৷ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰে জিলিকনি দেখিবলৈ পোৱা যাব মধ্য প্ৰদেশৰ তাঁতশালত বোৱা শাৰীত ৷
কংগ্ৰেছত যোগদান সংগীত শিল্পী বাবু,নেকিব আৰু অজয় ফুকনৰ
সংগীত শিল্পী বাবু,নেকিব আৰু অজয় ফুকনৰ কংগ্ৰছলৈ আগমনে কংগ্ৰেছ শিবিৰক আৰু অধিক উৎসাহিত কৰিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ নতুন প্ৰজন্মক লগত লৈ কংগ্ৰেছে 2021ত বিজেপি মুক্ত এখন চৰকাৰ গঠন কৰিব বুলিও কয় ৰিপুন বৰাই ৷
আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰত পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা
পুনৰ কাছাৰত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা ৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক জাননীযোগে প্ৰকাশ কৰিছে এই তথ্য ৷
বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অধিক লাভৱান হ'ব বিজেপি ৷ এই মন্তব্য ডিব্ৰুগড়ৰ শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলক লৈয়ো মন্তব্য বিধায়কগৰাকীৰ ৷
সোমবাৰে মুকলি হ'ব গুৱাহাটীৰ ৰোপৱে
যাত্ৰীৰ বাবে আছে এটা সু-খবৰ ৷ সোমবাৰে মুকলি হ’ব প্ৰত্যাশিত ৰোপৱে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ৰোপৱে ৷ ৰোপৱেৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে সদৰী কৰিলে এই কথা ৷
মথুৰাত 500 কাৰাবন্দীক কোৱাৰেণ্টাইন
কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে মথুৰা জিলা কাৰাগাৰৰ প্ৰায় 500 গৰাকী কাৰাবন্দীক কৰা হৈছে কোৱাৰেণ্টাইন ৷ বিগত সময়ছোৱাত কাৰাগাৰখনৰ 24 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷ তদুপৰি ঝান্সীৰ কাৰাগাৰত 128 গৰাকী আৰু বলিয়া কাৰাগাৰত 228 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল কোভিড 19 ৰ উপস্থিতি ৷
বিজেপিৰ কাৰ্যনিৰ্বাহকৰ তালিকাত নাম নাথাকিল বহু নেতাৰ
২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ ৭৪ জনীয়া তালিকাত অনুমোদন জনাইছে । ইতিমধ্যে সদ্য প্ৰকাশিত এই ৭৪ জনীয়া তালিকাক লৈ দলটোৰ আভ্যন্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে ।
বাক্সাৰ দোংপাৰাত খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ ব্যাপক দুৰ্নীতি
'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন বিতৰণ নামত ব্যাপক খেলিমেলি হোৱাত বহুমুখী সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ সভা অনুষ্ঠিত হয় ৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এই অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ।
সুশান্ত সিং ৰাজপুত কাণ্ড: চিবিআইৰ তদন্তৰ বাবে DRDOৰ অতিথিশালাত উপস্থিত সিদ্ধাৰ্থ পিথানি
শনিবাৰে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বান্দ্ৰাস্থিত বাসগৃহ পৰিদৰ্শন কৰে চিবিআইৰ এটি দলে ৷ তাৎপৰ্যপূৰ্ণ যে, সুশান্তৰ সৈতে একেটা অট্টালিকাতে থকা এগৰাকী মহিলাই সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, অভিনেতা গৰাকীৰ মৃত্যুৰ আগদিনা তাত কোনো ধৰণৰ পাৰ্টী হোৱা নাছিল ৷