ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Aug 10, 2020, 7:07 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

COVID-19 ত আক্ৰান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

পুনৰ অসম আৰক্ষীত COVID-19 ৰ সংক্ৰমণ ৷ এইবাৰ স্বয়ং অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আক্ৰান্ত হৈছে COVID-19 ত ৷ সম্প্ৰতি হোম আইচ'লেশ্যনত ৰখা হৈছে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীক ৷ তেওঁৰ গাড়ী চালক গৰাকীৰ দেহতো পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷

কোভিড 19: ভাৰতত 62,064 গৰাকী লোক নতুনকৈ আক্ৰান্ত

সোমবাৰৰ দিনটোলৈকে 6,34,945 গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি সক্ৰিয় অৱস্থাত আছে ৷ দেশৰ ভিতৰতে সৰ্বাধিক কৰ’ণাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ টুইটাৰত এই তথ্য প্ৰকাশ কৰা হৈছে ৷ দেশৰ ভিতৰতে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰায় 1.5 মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে ৷

বিধায়িকা আঙুৰলতা ডেকাক প্ৰত্যাহ্বান বিজেপি নেতাৰ

বিধায়িকা আঙুৰলতা ডেকাক পুনৰ উভতি ধৰিলে বিজেপি নেতা ৰাহুল মেধিয়ে। উদঙালে আঙুৰলতাৰ আন এক মিথ্যাচাৰ। আঙুৰলতা ডেকাক প্ৰত্যাহ্বান ৰাহুল মেধিৰ।

2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

কোভিড-19ৰ দোহাই দি আৰু মেইন-ইন পদ্ধতিৰে ভোট সম্পন্ন কৰিব বিচৰা যিটোৱে অশুদ্ধ ফলাফল প্ৰদান কৰিব পাৰে, আচল কথাটো হৈছে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব বুলি আমেৰিকাৰ এগৰাকী ইতিহাসবিদ যিয়ে, বিগত চাৰিটা দশকত ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যতবানী প্ৰদান কৰি আহিছে, তেওঁ এই মন্তব্য কৰিছে ৷

জুবিন গাৰ্গৰ সামাজিক দায়ৱদ্ধতা নাইঃ অজিত কুমাৰ ভূঞা

বৰপেটাত উপস্থিত হৈ জুবিন গাৰ্গ তথা আছুৰ নেতৃত্বক লৈ মন্তব্য কৰা ৰাজ্যসভাৰ সাংসদগৰাকীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলটোত কংগ্ৰেছ আৰু এআইইউডিএফৰ নাম লোৱাটোৱে তাৎপৰ্য বহন কৰিছে ৷ কিয়নো বৰপেটাৰ বৰ্তমানৰ সাংসদগৰাকী কংগ্ৰেছৰ আৰু জিলাখনত এআইইউডিএফ তথা কংগ্ৰেছৰ এক মজবুত ভেঁটি আছে ৷ বিগত নিৰ্বাচনত ইয়াক পৰিলক্ষিত হৈছে ৷ তেনেস্থলত ৰাজনৈতিক অংকৰ স্বাৰ্থত এনেকুৱা মন্তব্য কৰাটো তেনেই স্বাভাৱিক হিচাপে পৰিলক্ষিত হৈছে ৷

চৰাইদেউ জিলাত বৃহৎ পৰিমাণৰ ভাং জব্দ

চৰাইদেউ জিলা আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে "ষ্টেণ্ড" নামৰ এক বিশেষ দল গঠন কৰিছে । এই দলে সোণাৰিৰ সাপেখাতীত নিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ।

গুৱাহাটীত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটী জ'জ খেলপথাৰত 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস ৷ পূৰ্ৱৰ তুলনাত এক তৃতীয়াংশ লোকে অংশগ্ৰহণ কৰিব স্বাধীনতা দিৱসত ৷

EIA-2020 খচৰা বাতিলৰ দাবীত ডুমডুমাত আছুৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী আইন আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্য়োগ নীতি বাতিলৰ দাবীত তিনিচুকীয়া জিলা আছুৰ নেতৃত্বত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA-2020 খচৰা বাতিল কৰিবলৈ দাবী জনাই।

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৃষক মুক্তিৰ অনশন

কৰিমগঞ্জত শিক্ষা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি কেইবাটাও সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

বিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসীঃ সাক্ষাৎ নাই জন প্ৰতিনিধিৰ

হাতৰ মুঠিত জীৱন লৈ বিগত এমাহে বিপদসংকুল যাত্ৰা খন্দিকৰবাসীৰ ৷ ধ্বংস হৈছে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ৷ মথাউৰি নিৰ্মাণৰ নামত প্ৰত্যেকটো ৰাজনৈতিক দলেই অঞ্চলটোক খিৰতী গাই হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ অঞ্চবাসীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.