ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 7 PM

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Jul 8, 2020, 8:15 PM IST

জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

মঙলবাৰে নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত দিছপুৰৰ জনতা ভৱনৰ "বি" ব্লকত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । যাৰ ফলস্বৰূপে বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ শীৰ্ষ আমোলাবৰ্গৰ সৈতে এক বৈঠকত মিলিত হৈ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰে ।

কি হ'ব প্ৰধানমন্ত্ৰী অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ ?

পুনৰ শুকুৰবাৰলৈ স্থগিত ৰখা হ'ল নেপালৰ কমিউনিষ্ট দলৰ বৈঠক। শুকুৰবাৰে নিৰ্ধাৰণ হ'ব কে পি শৰ্মা অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ।

কৰ'ণাক কেৰেপ নকৰা একাংশ লোক

কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰ সময়তো শংকিত নোহোৱা একাংশ লোক ৷ স্বাস্থ্য বিধিক ভেঙুচালি কৰা একাংশ লোক ৷ মহামাৰী নহয় যেন কোনো উৎসৱৰ সময়হে চলিছে ৷ বুধবাৰে এনে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল নগাঁৱৰ বৰ বজাৰস্থিত পাইকাৰী মাছৰ বজাৰত ৷

পুনৰ ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে বেকী নদীয়ে

লক্ ডাউন আৰু বানপানীয়ে জুৰুলা কৰাৰ পিছত এইবাৰ কৃষকৰ ওপৰত তাণ্ডৱ চলাইছে বেকী নৈয়ে ৷ বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত যোৱা কিছুদিন ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি শ শ বিঘা মৰাপাট আৰু শালিধানৰ খেতি এইদৰে উছন কৰিছে ।

জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছ নেতাৰ

বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফটি খাইৰুল ইছলামৰ জানাজাত হোৱা জনসমাগমৰ বাবে জিলা প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কংগ্ৰেছ নেতা মৃণাল হাজৰিকাৰ । জানাজাক লৈও চৰকাৰে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছ নেতাগৰাকীৰ ৷

বাটৰ নাট প্ৰদৰ্শনেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ

বাটৰ নাট প্ৰদৰ্শন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ । আলফাই ৰোধ কৰিব নোৱাৰা কংগ্ৰেছৰ কণ্ঠ বিজেপিয়ে ৰোধ কৰিব নোৱাৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷

অখিল গগৈৰ মুক্তিৰ দাবীৰে যোৰহাটত মানৱ শৃংখল

অখিল গগৈৰ মুক্তিৰ দাবীত যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ কা বিৰোধী আন্দোলনৰ কাৰাবন্দীসকলক মুকলি কৰি নিদিলে পৰৱৰ্তী সময়ত জংগীৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সংগঠন দুটাই ৷

বানত সৰ্বস্বান্ত নাওবৈচাৰ শহস্ৰাধিক লোক

বানৰ ফলত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে বৃহত্তৰ নাওবৈচা অঞ্চলৰ 20 খনৰো অধিক গাঁৱৰ ৰাইজে ৷ কিন্তু ইমানৰ পিচতো স্থানীয় জন প্ৰতিনিধিয়ে বানাক্ৰান্তৰ বাবে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷

14 দিনৰ হোম কোৱাৰেণ্টাইনলৈ মুখ্যমন্ত্ৰী

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কেবিনেটৰ বৈঠকত কৰ'ণা আক্ৰান্ত মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে নিজ বাসগৃহত হোম কোৱাৰেন্টাইন হোৱা বুলি জানিব পৰা গৈছে । এগৰাকী চৰকাৰী বিষয়াই জনাইছে এই তথ্য । মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাবে ৰাজ্যখনৰ জল আৰু স্বচ্ছতা মন্ত্ৰী মিথিলেশ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল । যি গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত হৈছে ।

প্ৰাক্তন বিধায়কৰ বাসভৱনত উচ্ছেদ চলালে প্ৰশাসনে

অবৈধ ভাবে কবৰস্থানৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ বাবে মংগলবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক ৰাম সেবাক সিঙ পেটেলৰ এটা দুমহলীয়া ভবনৰ এটা অংশ ভাঙি পেলোৱা হৈছে । বিধায়ক গৰাকীক এখন জাননী প্ৰেৰণ কৰা হৈছিল আৰু উক্ত জাননীৰ ভিত্তিতে মংগলবাৰে প্ৰায় ৫০০০ বৰ্গ ফুট ভূমিত অবৈধভাবে নিৰ্মাণ কৰা অংশটি প্ৰশাসনে ভাঙি দিয়া পৰিলক্ষিত হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.