সীমান্তত পথ নিৰ্মান সন্দৰ্ভত ৰাজনাথ সিঙৰ পৰ্যালোচনা বৈঠক
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সীমান্ত পথ সংস্থাৰ সৈতে দিল্লীৰ চাউথ ব্ল'কত প্ৰায় এঘণ্টা ধৰি অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক। বৈঠকত পাকিস্তান-চীন সীমান্তৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত পথ নিৰ্মান প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে।
পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ
মঙলবাৰে বাঘজান কাণ্ডই অতিক্ৰম কৰিলে 42 দিন ৷ কিন্তু আজিকোপতি নিৰ্বাপিত নহ’ল বাঘজানৰ জুই ৷ ক্ষুব্ধ গাঁৱবাসীয়ে এই কাৰ্যৰ প্ৰতিবাদ জনাই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ সমদল বাহিৰ কৰি গৈ আত্মজাহৰ ভাবুকি প্ৰদান কৰে ৷
আইপিএল আয়োজনৰ বাবে নিউজিলেণ্ডৰ প্ৰস্তাৱ : বিচিচিআই বিষয়া
আইপিএলৰ আয়োজনক লৈ বিচিচিআইৰ বিষয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । সকলো পক্ষৰ সহমতৰ অন্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ । লগতে খেলুৱৈৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ বুলি কয় বিষয়াগৰাকীয়ে ।
সঁচাকৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নেকি অজন্তা নেওগে
গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ পোৱা বাতৰিটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে অজন্তা নেওগ ৷ নিজৰ স্থিতি স্পষ্ট কৰি সাংবাদ মাধ্যমলৈ প্ৰতিলিপি প্ৰেৰণ কৰে বিধায়িকা গৰাকীয়ে ৷
স্থলসেনাৰ আৰ্টিলাৰী মোতায়েনৰ বাবে বিআৰঅ'ই নিৰ্মাণ কৰিলে দলং
বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন, চমুকৈ বিআৰঅ'ই পূৱ লাডাখত এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ৷ চীনৰ সৈতে উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে কম সময়ৰ ভিতৰত দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলে সীমান্তত আন্তঃগাঁথনি নিৰ্মাণকাৰী চৰকাৰী সংস্থাটোৱে ৷
আজাৰাত অনুস্থিত নহয় ঐতিসাহিক মনসা পূজা
কৰ'ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবেই ৯ জুলাইৰ পৰা ১৩ জুলাইলৈ হ'ব লগীয়া আজাৰা কেওতপাৰাস্থিত শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ মনসা পূজা বাতিল কৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে ৷
ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আদিবাসী চেংগল অভিযানৰ তীব্ৰ প্ৰতিবাদ
বাক্সাত ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক উচিত শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আদিবাসী চেংগল অভিযান নামৰ সংগঠনটোৰ সদস্য সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷
তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে চেন্নাইত উদ্ধোধন কৰিলে কোভিড-১৯ হাস্পতাল
মহাৰাষ্ট্ৰৰ পাছতে তামিলনাডুত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত। এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইৰ গুইন্দি (Guindy) চহৰত কোভিড ৰোগীৰ বাবে মুকলি কৰা হয় এখন হাস্পতাল । তামিলনাডুৰ মুখ্যমন্ত্ৰী এডাপ্পাডী কে. পালানীস্বামীয়ে মুকলি কৰে এই বিশেষ হাস্পতালখন ।
য়ুনিটেক লিমিটেডৰ অনুমোদক সঞ্জয় চন্দ্ৰক ১ মাহৰ জামিন মঞ্জুৰ শীৰ্ষ আদালতৰ
উচ্চতম ন্যায়ালয়ে মংগলবাৰে য়ুনিটেক লিমিটেডৰ প্ৰমোটৰ সঞ্জয় চন্দ্ৰক ১ মাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে । কাৰণ তেওঁৰ পিতৃ-মাতৃক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ন্যায়ধীশ ডী বাই চন্দ্ৰচুঢ় আৰু এম আৰ ছাহৰ বিচাৰপীঠে এমাহৰ বাবে জামিনত মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
অসম আৰক্ষীৰ 220 গৰাকী কোভিড-19ত আক্ৰান্ত : আৰক্ষী সঞ্চালক প্ৰধান
সোমবাৰে এক ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, অসম আৰক্ষীত এই পৰ্যন্ত 220 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ মাজৰ একাংশ সুস্থ হৈ উঠিছে আৰু 171 গৰাকী আৰক্ষী বৰ্তমান চিকিৎসাধীন হৈ আছে ।