ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 26, 2021, 5:01 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিল সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আঁতৰাই দিয়া(Removal of Assamese language in APSC Examination) সিদ্ধান্তক অসম জাতীয় পৰিষদ(AJP is opposed Removal of Assamese language)কে ধৰি অসম সাহিত্য সভা আদি বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে ৷

অসমত কেন্দ্ৰীয় প্ৰকল্পৰ কাম আধৰুৱা : দুশ কোটি টকাৰ ইউ চি ক’ত ?

অসমত চলি থকা বহুকেইটা কেন্দ্ৰীয় প্ৰকল্পৰ কাম আজিও আধৰুৱা(Slow Progress of Central Sponsored Projects) ৷ যাৰ ফলস্বৰূপে প্ৰকল্পসমূহৰ বাবে পৰৱৰ্তী কিস্তিৰ ধন অসমলৈ মোকলাই নিদিবলৈ সিদ্ধান্ত লৈছে ড’নাৰ মন্ত্ৰালয়(Ministry of Development of North Eastern Region)য়ে ।

Jorhat-Majuli bridge : 29 নৱেম্বৰত খুঁটা পোতাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে

29 নৱেম্বত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat Majuli bridge) খুঁটা পোতাৰ শুভাৰম্ভণি কৰিব ৷ প্ৰায় 925 কোটি টকা ব্যয়েৰে এই দলঙখনৰ কাম আৰম্ভ কৰা হ'ব ৷

Kaliabhomora Bridge Accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনা

একেটা সপ্তাহতে কলিয়াভোমোৰাত সংঘটিত হ’ল দ্বিতীয়টো বাহন দুৰ্ঘটনা(Kaliabhomora Bridge Accident) ৷ দলঙৰ পৰা নদীৰ ওপৰত ওলমি ৰ’ল এখন মালবাহী কণ্টেইনাৰ ৷

Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ

লামডিঙ সংৰক্ষিত বনাঞ্চলত চলা বেদখল (Lumding reserve forest encroachment) সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু নতুন তথ্য ৷ বেদখলকাৰীক সংস্থাপিত কৰাৰ নামত দালালৰ সৈতে জড়িত বন বিভাগৰ বিষয়া ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ জালত পৰিল এইবাৰ বন বিভাগৰ লোক ৷

Tripura Municipal Elections: ভোটগ্ৰহণৰ পাছতে ত্ৰিপুৰা আৰক্ষীৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে সম্পন্ন হৈছে ত্ৰিপুৰা পৌৰ নিগম নিৰ্বাচন (Tripura Municipal Elections)ৰ ভোটগ্ৰহণ । কোনো কোনো ঠাইত কেইবাটাও আইন শৃংখলাজনিত ঘটনা সংঘটিত হোৱা দেখা গৈছে এই সময়ত । কিন্তু আৰক্ষীৰ মতে কোনো বিক্ষিপ্ত ঘটনা হোৱা নাই ৰাজ্যখনত ।

Tripura civic body Poll : পুনৰ নিৰ্বাচনৰ দাবী বিৰোধীৰ

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন (Tripura civic body Poll)ৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিক সমালোচনা কৰি বিৰোধীয়ে এই নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে । ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু আৰক্ষীক সমালোচনা কৰি চিপিআই(এম)য়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে ।

Constitution Day : সংবিধান দিৱসত ড০ বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

আজি দেশজুৰি পালন কৰা হৈছে সংবিধান দিৱস (Constitution Day) । ১৯৪৯ চনৰ আজিৰ দিনটোতে গৃহীত হৈছিল ভাৰতৰ সংবিধান । ২০১৫ চনত এই ঐতিহাসিক দিনটোক সংবিধান দিৱস (Constitution Day) হিচাপে ঘোষণা কৰে ভাৰত চৰকাৰে ।

Men's Junior Hockey World Cup 2021: আমেৰিকাৰ বিৰুদ্ধে স্পেইনৰ ঐতিহাসিক জয়

চলিত পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ (Men's Junior Hockey World Cup 2021)ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ঐতিহাসিক ১৭-০ গ'লত জয় সাব্যস্ত কৰিছে স্পেইনে । কানাডাৰ বিৰুদ্ধে ১৩-১ গ'লত জয় লাভ ভাৰতৰ ।

Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

বৃহস্পতিবাৰে পুৰণিগুদামৰ অগ্ৰণী অনুষ্ঠান অনিৰ্বাণ গোষ্ঠীৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 2020 বৰ্ষৰ 'ৰজত কমল বঁটা' প্ৰাপক অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.