ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 5PM

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 22, 2021, 5:00 PM IST

কৰিমগঞ্জত নতুনকৈ ধৰা পৰিছে এগৰাকী কৰ’ণা পজিটিভ ৰোগী

সোমবাৰে কৰিমগঞ্জত নতুনকৈ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা উপস্থিতি ৷ কৰ’ণাত আক্ৰান্ত লোকজনৰ হৈছে 36 বৰ্ষীয় অমিতাভ দে ৷ তেওঁৰ ঘৰ কৰিমগঞ্জ ডিচি বাংলা ৰোডত ৷

বিবেক ভোট দিয়ক সোণোৱাল জনগোষ্ঠীয় লোকসকলেঃ:সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ

বিবেক ভোট দিবলৈ সোণোৱাল জনগোষ্ঠীক আহ্বান সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ বিবেকহীন ভাৱে ভোট প্ৰদান কৰাৰ বাবেই সোণোৱাল জনগোষ্ঠী আজিৰ দিনত অৱহেলিত হৈ থাকিব লগা হৈছে বুলি অভিযোগ কৰি যুৱ মঞ্চৰ নেতৃত্বই কয়, কোনোখন চৰকাৰে সোণোৱাল সকলক আগুৱাই নিবলৈ চেষ্টা নকৰিলে আৰু জনগোষ্ঠীটোৰ উন্নতিৰ বাবে কোনো ধৰণৰ আৰ্থিক অনুদান দিব নিবিচাৰে বুলিও সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চৰ অধিৱেশনস্থলীৰ পৰাই অভিযোগ কৰে সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চই ৷

মুছলিম স্বায়ত্ব শাসন বিচৰাটো এআইইউডিএফৰ পলিচি আছিল: ৰচুল হক

দেওবাৰে প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰে ধুবুৰীৰ নিজা বাসগৃহত নিশা আয়োজন কৰে এক সংবাদমেলৰ ৷ মুছলিম স্বায়ত্ব শাসনক লৈ পুনৰ মুখ খুলিছে প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰে ।

সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰদ্যুত বৰদলৈয়ে

বঢ়মপুৰ সমষ্টিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৷ ‘কা’ আইনৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে প্ৰফুল্ল কুমাৰ মহন্তক দলিয়াই পেলাইছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

পশ্চিম বিলাসীপাৰা বিধায়ক হাফিজ বছিৰ আহমেদক পহুখেদা ৰাইজৰ

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ চৌদিশে কেৱল এতিয়া নিৰ্বাচনী সভাৰ জোৱাৰ উঠিছে ৷ কিন্তু তাৰ মাজতে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে একাংশ জনপ্ৰতিনিধি ৷ দেওবাৰে ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিত প্ৰচাৰ চলাবলৈ যোৱা বিধায়ক তথা মহাজোঁটৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদক পহু খেদা দিয়ে ৰাইজে ৷ যোৱা 15বছৰেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰা আহমেদে সমষ্টিবাসীৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী । যাৰবাবে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি-কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৷

কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

‘পথ নাই ভোট নাই’ শ্ল’গানেৰে উত্তাল কমলপুৰৰ হাবেৰীকুৰাবাসীৰ ৷ আগন্তুত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈ আটছাৰ প্ৰতিবাদ

আমগুৰি বাঘজান চাহ বাগিচাত আটছাৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিত চৰম প্ৰৱঞ্চনাৰ অভিযোগ কৰি আজি আটছাই আমগুৰিৰ বাঘজান চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰে 351 টকা মজুৰি বৃদ্ধিৰ বিপৰীতে কেৱল 50 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাক লৈ সৰৱ হৈ উঠিছে আটছা ৷ আজি অসমৰ প্ৰতিখন বাগিচা বন্ধ ঘোষণা কৰিছিল যদিও আটছাই ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই বাগিচা বন্ধ স্থগিত ৰাখে ৷ ইয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত চাহ শ্ৰমিকক ৰাজনৈতিকভাৱে সজাগ কৰা দেখা গ'ল।

ম্যানমাৰৰ শৰণাৰ্থীক সম্পৰ্কে জ'ৰাম থাংগাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ম্যানমাৰৰ শৰণাৰ্থীসকলৰ কষ্টৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম থাংগাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ম্যানমাৰৰ শৰণাৰ্থী সকলৰ বাবে আশ্ৰয়, খাদ্য তথা সংস্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জ'ৰাম থাংগাৰ ৷

বকলীয়াঘাটত নিচাযুক্ত টেবলেটসহ দুই যুৱকক গ্ৰেপ্তাৰ

বকলীয়াঘাট আৰক্ষীৰ অভিযানত জব্দ ৯৬০ টা নিচাযুক্ত টেবলেট । আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে গৌতম টকবি আৰু জিন ৰংপি । দেওবাৰে নিশা টকবি গাঁৱত অভিযানত চলাই আৰক্ষীয়ে নিচাযুক্ত টেবলেটসহ দুয়োকে গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.