যোৰহাটৰ মহাবিদ্যালয় সমূহত আৰম্ভ কৰ’ণা টেষ্ট
যোৰহাট জিলাৰ মহাবিদ্যালয় সমূহত মঙলবাৰৰ পৰা আৰম্ভ ক'ৰণা ভাইৰাছ পৰীক্ষা ৷ চলিত মাহৰ ৬ তাৰিখৰ পৰা ২১ তাৰিখলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক কৰোৱা হ'ব কৰ’ণাৰ ৰেপিড এন্টিজেন টেষ্ট ৷
উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !
ৰাজ্যজুৰি চলি থকা ভোটগ্ৰহণৰ মাজতে পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা ভোট কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভোট কেন্দ্ৰত যোগান ধৰা বিনামূলীয়া মাস্কক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।
সপত্নীক ভোটদান বৰপেটাৰ সাংসদ আব্দুল খালেকৰ
মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ভোটাৰ ৰাইজ ওলাই আহিল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৷ সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকে ৷
বাক্সাৰ আদৰ্শ ভোটকেন্দ্ৰক লৈ সন্তুষ্ট ভোটাৰ ৰাইজ
বাক্সা জিলাৰ 788 টা ভোটকেন্দ্ৰৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিত 2টা, বৰমাত 2টা আৰু চাপাগুৰি বিধানসভা সমষ্টিত 2টা ভোটকেন্দ্ৰকে ধৰি মুঠ 6টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইপিনে, চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয়ত স্থাপিত আদৰ্শ ভোট কেন্দ্ৰত ভোটাৰ সকলে ভোট দিবলৈ আহি নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷
ড৹ মনমোহন সিঙে আৰু ভোট নিদিয়ে দিছপুৰত
ভি ভি আই পি ভোটকেন্দ্ৰৰ মৰ্যদা হেৰুৱালে দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ বিগত বিশ বছৰ জুৰি এই ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰুচৰণ কৌৰে আৰু ভোট নিদিয়ে এই কেন্দ্ৰত ৷ সম্প্ৰতি দিল্লীৰ ভোটদাতা ড৹ সিং আৰু তেওঁৰ পত্নীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনত শেষবাৰৰ বাবে ভোটদান কৰিছিল এই কেন্দ্ৰত ৷
অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি
কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী(চিআৰপিএফ)ৰ মুম্বাইস্থিত কাৰ্যালয়লৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি প্ৰদান কৰি মেইল প্ৰেৰণ কৰা হৈছে ।
ছয়গাঁৱৰ এটা ভোটকেন্দ্ৰত ইভিএম বিকল
কামৰূপ জিলাৰ ১৬৮ নং নোৱাপাৰা সোঁ-শাখা ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম মেচিন বিকল ৷ ৭ বজাৰ সলনি ৯ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ ৷
বৰপেটাৰোডত ব্যক্তিগত বাহনত ইভিএম উদ্ধাৰ
বৰপেটাৰোডত দুখনকৈ বাহনত ইভিএম উদ্ধাৰ ৷ বৰপেটাৰোড চহৰৰ 9 নং ৱাৰ্ডেৰে ব্যক্তিগত বাহনেৰে কঢ়িয়াই লৈ গৈ থকাৰ সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ইভিএম কেইটা ৷ কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ লৈ যোৱা হৈছিল ইভিএম কেইটা ৷
ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ
15 এপ্ৰিলৰ ভিতৰত ভাৰতত 50,000 লোকৰ ক’ভিড-19 ৰ ফলত মৃত্যু হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী দিছে বুলি এটা ভিডিঅ’ যোগে দাবী কৰা হৈছে ৷ কিন্তু সংস্থাই এই খবৰক অগ্ৰাহ্য কৰিছে ।
‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত সিদ্ধাৰ্থ মহ্লোত্ৰা
সিদ্ধাৰ্থ মহ্লোত্ৰাই তেওঁৰ আহিবলগীয়া ছবি ‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল । অভিনেতাজনে ষ্টান্ট এটা কৰি থাকোতে আঁঠুত আঘাত প্ৰাপ্ত হৈছিল ।