ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Mar 29, 2021, 5:03 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

1.আবিৰৰ ৰঙত মতলীয়া সত্ৰনগৰী বৰপেটা

ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন ফাকুৱা ৷ ৫৫০ বছৰৰো অধিক প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা সত্ৰনগৰী বৰপেটাত এইবাৰো দেখা পোৱা গ'ল প্ৰাণৰ উৎসৱ হোলীৰ ব্য়াপক উছাহ ৷ লোকে লোকাৰণ্য হৈ পৰিল সত্ৰ চৌহদ ৷ হোলী উদযাপনৰ ক্ষেত্ৰত সদায়ে ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা ৷ কিয়নো ইয়াত প্ৰাণ পাই উঠে থলুৱা হোলী গীত ৷ সেইবাবেই এইবাৰো আবিৰ আৰু হোলীগীতৰ অমীয়া সুৰৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল বৰপেটাৰ আকাশ-বতাহ ৷ সকলো সুখ-দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা পোৱা গ'ল সকলোকে ।

2.পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

জেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া ৰাজ্যৰ সকলো প্ৰান্ততে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক সংবাদমেলত APCC ৰ সভাপতি ৰিপুন বৰাই কয়, সাংবাদিক গৰাকীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ লগতে ঘটনাৰ লগত জড়িত হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ৷

3.মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ ৷ ইতিমধ্যে সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈছে এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী তথা প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছমচেৰ সিঙৰ লগতে এজেপিৰ বহু নেতা-কৰ্মী আৰু আছু নেতৃত্ব ৷ কাৰ্যসূচী সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ওভতিছে এজেপিৰ সভাপতি গৰাকী ৷

4.প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নিঃচিহ্ন হৈছে: ৰিপুণ বৰা

সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, "প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত বিজেপি এতিয়া "কনফিউজড্"। তেওঁলোকৰ নেতাসকলে কোনে কি কয় তাৰ হিচাপ নোহোৱা হৈছে । সেয়েহে সাধাৰণ জনতাক বিভ্ৰান্ত কৰিবলৈ কোটি কোটি টকা ব্যয় কৰি বাতৰি কাকতত কৌশলী বিজ্ঞাপন দিবলগীয়া হৈছে ৷

5.চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন ফল্গুৎসৱ

চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীত উদযাপন কৰা হৈছে ফল্গুৎসৱ ৷ মাজুলীৰ সত্ৰসমূহ এতিয়া নাম-প্ৰসংগৰে মুখৰিত ৷

6.পাথাৰকান্দিত কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

কৰিমগঞ্জৰ বদৰপুৰ সমষ্টিৰ পাচত পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত চলগইত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পাথাৰকান্দি সমষ্টিত কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে চাহ বাগানৰ শ্ৰমিক আৰু মণিপুৰী সম্প্ৰদায়ৰ উন্নয়ন সাধন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বৰ্তমানৰ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ৷ সভাত তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে কৃষ্ণেন্দু পালক বিপুল ভোটত জয়ী কৰাবলৈ সকলোকে আহ্বান জনায় ৷

7.লুৰিণৰ মাতৃক সাক্ষাৎ শংকৰজ্যোতি বৰুৱাৰ

ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন ডুলু গগৈক সাক্ষাৎ কৰি অসমবাসী ৰাইজক তেওঁৰ স্বাস্থ্যৰ উন্নতি হকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

8.বিশ্বনাথত ভোজপুৰী পৰিষদৰ হোলী উপলক্ষে শোভাযাত্রা

সোমবাৰে ফাকুৱা উপলক্ষে বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ পৰা এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সদৌ অসম ভোজপুৰী পৰিষদ বিশ্বনাথ জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে ৷ পূৰ্বৰ নীতি-পৰম্পৰা অনুসৰি ঢোল-তাল, হাত চাপৰিৰে নাচ-গান কৰি হোলী উপভোগ কৰে ভোজপুৰী পৰিষদে ৷

9.নন্দীগ্ৰামৰ ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে মমতাৰ প্ৰচাৰ

মমতাই যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ত যোগদান কৰা মমতাৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ বাবেই নন্দীগ্ৰাম আটাইতকৈ হাই ভ’ল্টেজ প্ৰতিযোগিতাখনিৰ সাক্ষী হোৱাৰ কথা প্ৰকাশ কৰে । অধিকাৰীয়ে পূৰ্বতে কৈছিল যে, বিজেপিয়ে নন্দীগ্ৰামৰ পৰা বেনাৰ্জীক 50,000 তকৈও অধিক ভোটত পৰাস্ত কৰিব ৷

10.জম্মু-কাশ্মীৰত সংঘটিত গুলিচালনাত আহত বিডিচিৰ অধ্যক্ষ

জম্মু-কাশ্মীৰৰ চাপ'ৰত সন্ত্ৰাসবাদীৰ গুলিচালনা ৷ আহত বিডিচি (ব্লক ডেভেলপমেন্ট কাউঞ্চিল) ৰ অধ্যক্ষৰ সৈতে অন্য দুগৰাকী লোক ৷ চাপ'ৰৰ ডাক বাংলোৰ কাষত সংঘটিত হৈছে এই ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.