ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - শুকুৰ আলী

5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 5 PM
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 13, 2021, 5:01 PM IST

লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী

শনিবাৰে মৰিয়নী সমষ্টিত উপস্থিত স্মৃতি ইৰাণী । কংগ্ৰেছক সমালোচনা বিজেপি নেত্ৰী গৰাকীৰ । জনসভাত সহস্ৰাধিক লোক উপস্থিত ৷

এনচিপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

এনচিপি দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে ইস্তাহাৰখন মুকলি কৰি কয় যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ২১ ৰ নিৰ্বাচনত লক্ষ্য চৰকাৰ গঠন কৰা নহয় ৷ কেৱল জন সাধাৰণৰ মূল সমস্যাসমূহৰ ক্ষেত্ৰত যাতে বিধানসভাত মাত মাতি যাব পাৰে তাৰ লক্ষ্যৰে সামৰ্থ অনুসৰি সীমিত সংখ্যক সমষ্টিত দলটোৱে প্ৰাৰ্থী আগবঢ়াব ৷

চেঙা সমষ্টিত শুকুৰ আলী ইতিহাস হৈ ৰব: ৰবিউল হুছেইন

চেঙা সমষ্টিত এতিয়াও মিত্ৰজোঁট অগপই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ৷ কিন্তু গুৱাহাটীৰ পৰা দলীয় টিকট লৈ চেঙাত উপস্থিত হোৱাত ৰবিউল হুছেইনে এক বৃহৎ বাইক ৰেলীৰে পৰিভ্ৰমণ কৰিলে চেঙাৰ উত্তৰপাৰৰ বৃহৎ অঞ্চল ৷

কলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ । গাঁৱে-গাঁৱে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ । প্ৰশান্ত কুমাৰ শইকীয়াই দলীয় সমৰ্থকৰ সৈতে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।

চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ

121 নং চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী গৰাকীক নিৰ্বাচনী আয়োগে ট্ৰেক্টৰৰ প্ৰতীক চিহ্ন প্ৰদান কৰিছে ৷ আলফা (স্বাঃ)-এ ফোন কৰি শুভেচ্ছা জ্ঞাপন কৰে প্ৰিয়ংকা সন্ধিকৈ নেওগক ।

কমলপুৰত নগদ ১,৭৫,০০০ টকা জব্দ

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যত প্ৰতিদিনে জব্দ হৈছে লাখ লাখ টকা । আৰক্ষী-প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ বাৰম্বাৰ সকীয়াই দিয়াৰ পিছতো ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । নগদ লাখ লাখ টকা সৰবৰাহ কৰি ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমৰ ৰোষত পৰিছে বহু লোক ।

শিলচৰৰ ছেকেণ্ড লিংক ৰোডত ভয়ংকৰ অগ্নিকাণ্ড

শনিবাৰে শিলচৰৰ ছেকেণ্ড লিংক ৰোডত পুৱা প্ৰায় 9 বজাত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷

মধ্যপ্ৰদেশত পুনৰ সান্ধ্য আইন জাৰিৰ সম্ভাৱনা

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনোৱা মতে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ'লে ভূপাল আৰু ইন্দোৰত নৈশ সান্ধ্য আইন জাৰি কৰা হ'ব । চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা বিমান, ৰে’ল বা আন বাহনেৰে ৰাজ্যখনলৈ অহা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য সম্পৰ্কীয় সকলো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ।

বৰ শক্তিশালী নহলেও ওৱেইচি-দিনাকৰণ জোঁটৰ আছে সম্ভাৱনা

AIMIM ৰ টিটিভি দিনাকৰণৰ AMMK ৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক জোঁট গঠন ৷ এই জোঁট বন্ধনে ভোটাৰৰ মেৰুকৰণ কৰিবলৈ সক্ষম হ'ব নে নহয়, সেয়া এক ডাঙৰ প্ৰশ্ন যদিও এ এম এম কে দল অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা ৷

দীপিকাৰ সৈতে ৰণবীৰৰ শেহতীয়া ফটো শ্বেয়াৰ

ছ'চিয়েল মিডিয়াযোগে পত্নী দীপিকা পাডুকনৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে । প্ৰায় দুমাহৰ অন্তত পত্নীৰ সৈতে একেলগে ফটো শ্বেয়াৰ কৰিলে ৰণবীৰে । মাৰ্শ্বিয়েল আৰ্টৰ দক্ষতা প্ৰদৰ্শন কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিলে অভিনেতা বিকী কৌশলেও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.