ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি...

5 বজাৰ শীৰ্ষ 10 বাতৰি...

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 বাতৰি...
author img

By

Published : Dec 25, 2020, 5:52 PM IST

ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰত-বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক

২২ ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক ‘বৰ্ডাৰ কো-অৰ্ডিনেশ্যন কনফাৰেঞ্চ’ ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ এক যৌথ সংবাদমেল অনুষ্ঠিত হয় ৷

অবৈধ সম্পৰ্কক বৈধতা দিবৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীসহ দুই কন্যাক

ধুবুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ স্বামীয়ে হত্যা কৰিলে পত্নী আৰু দুই কন্যাক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সমীৰ বসাকক ৷

জিএছটিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ'ল প্ৰৱঞ্চক

মালিগাঁওস্থিত জি এছ কে ৰিয়েলষ্টিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ জিএছটিৰ ধন হৰলুকি কৰি আটক হ'ল প্ৰতিষ্ঠান খনত কৰ্মৰত লালগণেশৰ ৰাজু দাস ৷ প্ৰায় আঢ়ৈ বছৰে ধন হৰলুকি কৰি আহিছিল ৰাজু দাসে ৷ জিএছটি কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ন বাতিল কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ । "অসম দৰ্পন" আঁচনিৰ মুকলি কৰি ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব । ইয়াৰোপৰি বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি‌ টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।

যোৰহাটত লণ্ডনৰ পৰা অহা লোকৰ দেহত ক’ৰণা ভাইৰাছ

শুকুৰবাৰে যোৰহাটত লণ্ডনৰ পৰা অহা এজন লোকৰ দেহত পোৱা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । তেওঁৰ সংস্পৰ্শলৈ অহা এগৰাকী যুৱতীও নতুন ক’ৰণা ভাইৰাছত আক্ৰান্ত ৷ ঘটনাক লৈ যোৰহাটত তীব্ৰ আতংক ৷ এই ক্ষেত্ৰত আতংকিত নহ’বলৈ আহ্বান জিলা উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীৰ

APSC ৰ ফলাফল : ২১ সংখ্যক স্থান দখল তিনিচুকীয়াৰ বিপ্লৱ শৰ্মাৰ

অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাকপথাৰ ৰজাগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে বিপ্লৱ শৰ্মা বৰদলৈয়ে ৷ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত ৰাজ্যৰ ভিতৰত ২১ নং স্থান লাভ কৰে বিপ্লৱে ৷

গুৱাহাটীত অসম চিনেমা হল সন্থাৰ সংবাদমেল

গুৱাহাটীত চিনেমা হল কৰ্তৃপক্ষৰ সংবাদমেল ৷ সংবাদমেলত চিনেমা হলৰ দুৰবস্থাৰ কথা উল্লেখ কৰিলে সন্থাই ৷ চৰকাৰক সহায় কৰিবলৈ আহ্বান চিনেমা হল সন্থাৰ ৷

কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

1845 খ্ৰীষ্টাব্দত স্থাপন কৰা এই মণ্ডলীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে 175 বছৰ । আজি পবিত্ৰ বৰদিনৰ দিনা এই ঐতিহাসিক গীর্জাঘৰটোৰ পৰাই বিশ্ববাসীৰ মাজত শান্তি, সমৃদ্ধি আৰু একতা অটুট থকাৰ প্ৰার্থনা জনায় বাপ্তিষ্টসকলে ।

নতুন কৃষি আইন বাতিল কৰিলে পূৰ্বতকৈও তীব্ৰ প্ৰতিবাদ সাব্যস্তৰ হুংকাৰ কৃষক সেনাৰ

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ১৫ খন জিলাৰ কৃষক সেনাৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰক সাক্ষাৎ । কোনো পৰিস্থিতিতে ইয়াক বাতিল নকৰিবলৈ অনুৰোধ । বাঘপটৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিং, কৃষক সজদুৰ সংঘৰ সভাপতি চৌধুৰী প্ৰকাশ তোমৰ, উপ সভাপতি ঠাকুৰ ৰাজেন্দ্ৰ সিং, সাধাৰণ সম্পাদক বাবুৰাম ৰাম ত্যাগী, কৃষক সেনাৰ ৰাষ্ট্ৰীয় আহ্বায়ক গৌৰীশংকৰ সিঙৰ উপস্থিতিত এই বৈঠক ।

বদৰপুৰত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াব লাইফ লাইন এক্সপ্ৰেছে

লাইফ লাইন এক্সপ্ৰেছৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব ৰেল বিভাগে ৷ বিশেষ ৰেলখনত আছে বিভিন্ন অত্যাধুনিক চিকিৎসা সামগ্ৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.