ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 23, 2020, 6:59 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 5 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা

হেৰ'ইন,ব্ৰাউন ছুগাৰৰ দৰে মাৰাত্মক ড্ৰাগছ ব্যৱসায়েৰে নেতৃত্ব বহন কৰা মামাৰ বিৰুদ্ধে ২০১৬ চনতে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত 148/16 নম্বৰ আৰু নগাঁও সদৰ আৰক্ষী থানাত 783/18, 408/20, 696/20 নম্বৰত গোচৰ ৰুজু হৈ আছিল ৷ ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ উপৰিও চি আই ডিতো গোচৰ ৰুজু হৈ আছিল মামাৰ বিৰুদ্ধে ৷

শিলচৰত বিমান বন্দৰ সংযোগী পথ অৱৰোধ

শিলচৰত পথ অৱৰোধ ক্ষুব্ধ ৰাইজৰ ৷ পথৰ দুৰৱস্থা, বিদ্যুতৰ নিয়মীয়াকৰণ আৰু খোৱা পানীৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰ সংযোগী পথটো অৱৰোধ কৰিলে উধাৰবন্ধবাসীয়ে ৷

ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে বুধবাৰে ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব ৷ এইয়া ফেচবুকৰ ভাৰতৰ উপ-সভাপতি আৰু পৰিচালন সঞ্চালক অজিত মহন আৰু অন্য সকলক দিল্লী বিধানসভাৰ দ্বাৰা 23 ছেপ্টেম্বৰৰ পূৰ্বে জমা কৰিবলৈ জাৰি কৰা জাননীৰ বিৰুদ্ধে শুনানি প্ৰদান কৰা হ'ব ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন

মঙলবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ উপায়ুক্তৰ লগতে উদ্যানখনৰ ৰেঞ্জাৰ আৰু অন্যান্য বিষয়ববীয়া ৷

আইপিএলৰ নামত জুৱাৰ বেহাঃ আটক জুৱাৰী

আৰম্ভ হৈছে আই পি এলৰ ১৩তম সংস্কৰণ। ইউনাইটেড আৰৱ আমিৰাতত চলি থকা আইপিএলৰ টি-২০ খেলৰ মেচ সমূহকলৈ এতিয়া সক্ৰিয় হৈ পৰিছে জুৱাৰীও।

মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক

মৰিগাঁৱত আটক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী ৷ মৰিগাঁও চহৰৰ মাজমজিয়াৰ পুলিচ পইন্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ এটা দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰিবলৈ ওলোৱাৰ সময়তেই মৰিগাঁও আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷

কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ প্ৰতিবাদ

কলগাছিয়াত চি আই টি ইউ আৰু কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ তালিকাৰ পৰা চাউল,দাইল,মিঠাতেল,আলু আদিক বাদ দিয়াত ক্ষুদ্ধ হৈ পৰিছে কৃষক সভা ।

ৰাজ্যজুৰি চি আই টি ইউৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণৰ লগতে কিছুদিন পূৰ্বে সংসদত গৃহীত হোৱা কৃষি আইনৰ বিৰোধীতা কৰি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চি আই টি ইউয়ে ।

কলিয়াবৰত তিনি প্ৰৱঞ্চক আটক

সক্ৰিয় অপৰাধমূলক চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কলিয়াবৰ আৰক্ষীৰ ৷ কলিয়াবৰ আৰক্ষীয়ে চলোৱা এনে এক অভিযানত আটক কৰে তিনিগৰাকীকৈ প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চক তিনিগৰাকী জড়িত জাল নোট আৰু নকল সোণৰ ব্যৱসায়ত ৷

গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

নেৰানেপেৰা বৰষুণৰ বাবে চত্ৰং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰ বাগৰিছে পানী ৷ ফলত যিকোনো মুহুৰ্ততে চিঙি যাব পাৰে ঘাইপথটো ৷ অৰুণাচল প্ৰদেশৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নৈখনৰ জলস্তৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.