মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্য়ৰ সৰ্বত্ৰে সাব্যস্ত প্ৰতিবাদ ৷ গোলাঘাটত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্চৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সোমবাৰে কৰা স্বাৱৰ পৰীক্ষাত নাৰ্চগৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ উপস্থিতি ৷
আদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে
চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি দেশত নিষিদ্ধ ঘোষণা কৰা 59 টা চাইনীজ এপক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী অধিবক্তাই, এই বিষয়ত কোম্পানীসমূহে চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ'ব পাৰিব আৰু এইক্ষেত্ৰত তেওঁলোকৰ সকলো অধিকাৰ আছে বুলি মন্তব্য কৰিছে ৷
4 জুলাইত মুকলি হ'ব ঐতিহাসিক জামা মছজিদ
দিল্লীত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিচৰে পৰাই বন্ধ হৈ থকা ঐতিহাসিক জামা মছজিদ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মছজিদ কৰ্তৃপক্ষই ৷ মছজিদৰ শ্বাহী ইমাম, চৈয়দ আহমেদ বুখাৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, 4 জুলাইৰ পৰা নামাজৰ বাবে মুকলি হ'ব ঐতিহাসিক মছজিদটো ৷
নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী
কোভিড-19ৰ পৰৱৰ্তী সময়ত জাৰী কৰা লকডাউনৰ বাবে ভাৰতত আৱদ্ধ হৈ আছিল 18 গৰাকী বাংলাদেশী নাগৰিক ৷ অসমৰ বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত আৱদ্ধ থকা থকা লোককেইগৰাকীৰ ভিতৰত এগৰাকী মানসিক ভাৰসাম্যহীন মহিলাকে ধৰি 17 গৰাকী পৰ্যটক আছিল ৷
নেপ'টিজমৰ বলি হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা
আউটচাইডাৰ হোৱাৰ বাবে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ হাতৰ পৰা ছবি কাঢ়ি লৈ যোৱা হৈছিল ৷ গ্ল'বেল আইকন গৰাকীক প্ৰথম অৱস্থাত গ্ৰহণ কৰা হোৱা নাছিল বলীউড ইণ্ডাষ্ট্ৰীত ৷ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে বলীউডৰ নেপ'টিজম অৰ্থাৎ ভাই-ভতিজাবাদৰ বলি হৈছিল অভিনেত্ৰী গৰাকী ৷
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ
আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ'পণ্যৰ মূল্য হ্ৰাস পোৱাৰ পিছতো কিন্তু ৰাজ্য ক্ৰমাগতভাৱে পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ ধৰিছে ৷ পেট্ৰ'পণ্যৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে মংগলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ৷
ন্যায্য প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু উপ-কৰ্মচাৰীসকলৰ ম্যাদ বৃদ্ধি কৰাৰ দাবীত খুমটাইত চাহ শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
আতংকিত মৰিয়নীবাসীঃ পুনৰ কৰ'ণাত আক্ৰান্ত তিনিজন
মৰিয়নীত পুনৰ কৰ'ণাত আক্ৰান্ত হ'ম কোৱাৰেন্টাইনত থকা তিনিজন লোক ৷ মৰিয়নী 2 নম্বৰ ৱাৰ্ডৰ সন্তোষী মন্দিৰ আৰু গান্ধী নগৰ নিবাসী ৰিনা ভূমিক, কমল বৰুৱা আৰু টিংকু বৰুৱাৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ।
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই গঠন কৰিব ৪৪ জনীয়া প্ৰশিক্ষকৰ দল
সোমবাৰে ৪৪ জনীয়া পুৰুষ সদস্যৰে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট সংস্থাই ক্ৰিকেট প্ৰশিক্ষকৰ এটি বৃহৎ দল গঠন কৰিব বুলি সদৰি কৰে । এই দলটোত কুইণ্টন ডি ককৰ দৰে প্ৰশিক্ষকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে ।