বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ
চিৰাঙৰ কাশিকত্ৰাত ৰাইজে খোৱাপানীৰ নামত গ্ৰহণ কৰিছে নলাৰ পানী ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷
বটদ্ৰৱাত পথ দুৰ্ঘটনাত নিহত শিক্ষক
সোমবাৰে বটদ্ৰৱাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ নগাঁও-ধিং গড়কাপ্টানি পথৰ বকুলতলত বিপৰীত দিশৰ পৰা আহি থকা AS-02 N-6512 আৰু AS-02 G-0518 নম্বৰৰ দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত নিহত হয় এগৰাকী শিক্ষক ৷
বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ
বিহাৰত গংগা নদীত আৰম্ভ কৰা এক মেগা পুল প্ৰকল্প মহাত্মা গান্ধী সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে । কাৰণ এই প্ৰকল্পত চীনা কোম্পানীও জড়িত হৈ আছে ।
বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক
বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত সন্মুখীন বৰপেটাৰ 395 খন গাঁৱৰ প্ৰায় 1,35,415 গৰাকী লোক ৷ বানাক্ৰান্তৰ মাজত সোমবাৰে উপস্থিত হৈ মনৰ বুজ লয় জিলা আমছুৰ বিষয়ববীয়াৰ লগতে এআইইউডিএফ ৰ যুৱ নেত্ৰী মীনাক্ষী ৰহমানে ৷
বিমলা বসুমতাৰী হত্যাকাণ্ডঃ স্বামীয়ে ঘাতকক দিছিল ৩০ হাজাৰ টকা
অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিলে বিমলা বসুমতাৰী হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন লোকক ৷ জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা তথ্য অনুসৰি, বিমলা বসুমতাৰীৰ হত্যাৰ আঁৰত আছিল মহিলাগৰাকীৰ স্বামী ছাতিৰাম বসুমতাৰী , চিৰাং জিলাৰ ১ নং শান্তিপাৰাৰ গাঁৱৰ গাইডাং মুছাহাৰী(৪৮), বুথংগা বসুমতাৰী(৪৮)আৰু পুব টাৰাইবাৰী গাঁৱৰ ৰবীন বসুমতাৰী ৷
হাইলাকান্দিত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
পেট্ৰ'ল- ডিজেলৰ আকাশলংঘী মুল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকান্দি জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উত্তৰ প্ৰদেশত উজলিছে দুগৰাকী ছাত্ৰী
উত্তৰ প্ৰদেশৰ ৰাজ্যিক বোৰ্ডৰ ক্ষেত্ৰত উচ্চ নম্বৰ লাভ কৰিবলৈ সুপ্ৰিয়া জাবেদ আৰু সোনমে শাৰীৰিক আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ সক্ষম হৈছে । যি পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হৈছে ।
সাপ্তাহিক লক ডাউনৰ মাজতে গোলাঘাটত চুৰিৰ ঘটনা
গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত মূল বজাৰত দেওবাৰে নিশা সংঘটিত হয় চুৰিৰ ঘটনা ৷ ৰাজু খাৰবান্দা নামৰ লোকগৰাকীৰ প্ৰসাধন সামগ্ৰীৰ বিপনীত সংঘটিত হয় এই চুৰিৰ ঘটনা ৷
পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত
সোমবাৰে পাকিস্তানৰ কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জ বিল্ডিঙত সংঘটিত হয় সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ ৷ এই আক্ৰমণৰ ফলত 9গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷
পথৰ দুৰৱস্থাৰ বাবে কৰুণ মৃত্যু সাৱটিলে মহিলাই
গোলাঘাটত পথৰ দুৰৱস্থাৰ বাবেই কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী মহিলাই ৷ দুৰ্গম পথৰ বাবে সাঙী বান্ধি চিকিৎসালয়লৈ নিয়াৰ সময়তে লেতেকুচাপৰি পথৰ আদবাটতে মৃত্যুমুখত পৰে চন্দ্ৰমায়া চুব্বা নামৰ মহিলাগৰাকী ৷