ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল নৃত্যশিল্পী প্ৰিয়ংকা বড়োৰ
খাৰঘূলিৰ হিৰম্বাপুৰত দেওবাৰে সংঘটিত হয় ভয়ানক ভূমিস্খলন ৷ পাহাৰৰ মাটি খহি প্ৰিয়ংকা বড়ো নামৰ যুৱতী গৰাকীৰ অকাল মৃত্যু হয় ৷
কোভিড আতংকঃ দুদিনৰ বাবে বন্ধ জখলাবন্ধা চিকিৎসালয়
কোভিড-19 ৰোগীক কেন্দ্ৰ কৰি জখলাবন্ধা চিকিৎসালয়ত উত্তেজনা ৷ কোভিড-19 সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতম কৰ্তৃপক্ষৰ ৷ এশ শতাংশ পৰিস্কৰণৰ পাছত মঙলবাৰৰ পৰাহে জখলাবন্ধা চিকিৎসালয়ত পুনৰ আৰম্ভ হ'ব চিকিৎসা সেৱা ৷
মোডীৰ শাসনকালত পেট্ৰ'লিয়াম পণ্যৰ আৱকাৰী শুল্ক তিনিগুন বৃদ্ধি
বিশ্বযুৰি ক্ৰুড (কেঁচা) তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে বিগত মে' মাহতে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অত্যধিক আৱকাৰী মূল্য আৰোপ কৰিছিল ৷ যাৰ ফলত পেট্ৰ'ল প্ৰতি লিটাৰত 10 টকা আৰু ডিজেল প্ৰতি লিটাৰত 13 টকাকৈ আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিচতেই সমগ্ৰ দেশতে বৃদ্ধি পাইছিল পেট্ৰ'ল ডিজেলৰ মূল্য, অৱশ্যে প্ৰায় 21 দিনৰ অন্তত দেওবাৰে পেট্ৰ'ল ডিজেলৰ ওপৰত কোনো মূল্যবৃদ্ধি আৰোপ কৰা হোৱা নাই ৷
কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ধুবুৰীৰ আৱৰ্ত ভৱন
ধুবুৰীস্থিত আৱৰ্ত ভৱনক ইতিমধ্যে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ ভৱনটোত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বাহিৰা লোকৰ । লগতে ভৱনটোত কৰ্মৰত তেৰ গৰাকী কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
জন্মজয়ন্তীত দেশে স্মৰণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি নৰসিনহা ৰাওক
পি.ভি নৰসিনহা ৰাৱে বাণিজ্যিক উদাৰীকৰণ আৰু বৈশ্বিক অৰ্থব্যৱস্থা, বিশেষকৈ পূৱ এচিয়ান অৰ্থব্যৱস্থাৰ সৈতে ভাৰতীয় অৰ্থব্যৱস্থাৰ পুনঃ একত্ৰীকৰণৰ বাবে ভেটি স্থাপন কৰিছিল । তেখেতে সংকটক সদায় এক সুযোগলৈ পৰিণত কৰিব বিচাৰিছিল বুলি উল্লেখ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে ।
ডুমডুমা নৈত সলিল সমাধি দুগৰাকী লোকৰ
মাছ মাৰিবলৈ গৈ ডুমডুমা নৈত সলিল সমাধি দুগৰাকী লোকৰ ৷ লোক দুজন বিছাকপি চাহ বাগিছাৰ ১২ নং লাইনৰ বিষ্ণু তাঁতী (৪০) আৰু ইলিয়াচ খাল'খ (৩০) বুলি জানিব পৰা গৈছে ৷
লক ডাউনঃ চিত্ৰশিল্পী হ'লগৈ ভাস্কৰ্যশিল্পী !
লক ডাউনে সলনি কৰিলে চিত্ৰশিল্পীৰ জীৱন সংগ্ৰাম পথ । ছবিৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি চিত্ৰ শিল্পীয়ে ইতিমধ্যে নিৰ্মাণ কৰিলে চাৰিটাকৈ বিশাল আকাৰৰ ড্ৰেডনৰ মূৰ্ত্তি ।
যোগগুৰু বাবা ৰামদেব আৰু সহযোগীৰ বিৰুদ্ধে জ্যোতি নগৰ থানাত গোচৰ
যোগগুৰু বাবা ৰামদেব, পতঞ্জলীৰ আচাৰ্য বালকৃষ্ণ আৰু জয়পুৰৰ NIMS বিশ্ববিদ্যালয়ৰ পৰিচালক বলবীৰ সিংহৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । জয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক গুপ্তাই জনোৱা অনুসৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত জ্যোতিনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে ।
'ঘোচ' খিনি মোক গুগল পে' কৰি দিয়ক : নগাঁৱত উৎকোচ লোৱাৰ অভিনৱ পন্থা
নগাঁৱত সলনি হৈছে উৎকোচ লোৱাৰ পদ্ধতি। এইবাৰ উৎকোচ গ্ৰহণৰ আন এক অভিনৱ পন্থা । নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবেও বিষয়া কৰ্মচাৰীক দিব লাগে চাহ পানীৰ খৰছ ।
বৰপেটাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
বৰপেটাত পল্লা নদীত উটি আহে এডাল প্ৰকাণ্ড অজগৰ ৷ ইতিমধ্যে স্থানীয় ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰ ডাল ৷