ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 26, 2020, 5:05 PM IST

বান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

ৰাজ্যত ক্ৰমে ভয়াবহৰূপ ধাৰণ কৰিছে বছৰৰ বানে ৷ বানত জলমগ্ন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চল ৷

মোজাম্মিল হকৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড । অপহৰণত জড়িত দুই যুৱকক আৰক্ষীয়ে আটক কৰি উদ্ধাৰ কৰে অপহৃতক ৷ অপহৰণকাৰীদ্বয়ে এগৰাকী যুৱকক অপহৰণ কৰাৰ পিছতে ধন দাবী কৰিছিল পৰিয়ালৰ লোকক ৷

গালৱান উপত্যকাত শ্বহীদ হোৱা সৈনিকলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

ভাৰত-চীন সীমান্তৰ গালোৱান উপত্যকাত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ গৈ চীনা সৈন্যৰ হাতত শ্বহীদ বৰণ কৰিবলগীয়া হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহযোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে ৷

বিহাৰৰ এগৰাকী IAS বিষয়াই লাভ কৰিলে প্ৰথম জম্মু-কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ

নবীন কুমাৰ চৌধুৰীৰ উপৰিও আন ২৫০০০ লোকৰ বাবে জম্মু-কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ জাৰি কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে। এইপৰ্যন্ত আৱাসিক প্ৰমাণপত্ৰৰ বাবে মুঠ ৩৩,১৫৭ গৰাকী লোকে আৱেদন জনাইছে।

বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ হাজাৰটকীয়া বিল

হাইলাকান্দিত শক্তি বিভাগৰ আজৱ কাণ্ড । বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ প্ৰেৰণ কৰিলে হাজাৰ টকাৰ বিদ্যুতৰ বিল ৷ বিষয় প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰে ৷

ইন্দোৰৰ COVID-19ৰ চোৱা-চিতা কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য়মন্ত্ৰী নৰোত্তম মিশ্ৰাৰ

দেশজুৰি মহামাৰী কৰ'ণা ভাইৰাছ বৃদ্ধি পোৱা সময়তে বৃহস্পতিবাৰে ইন্দোৰৰ অৰবিন্দ হাস্পতালৰ COVID-19কেন্দ্ৰ পৰিদৰ্শন কৰে মধ্য প্ৰদেশৰ স্বাস্থ্য়মন্ত্ৰী নৰোত্তম মিশ্ৰাই । স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অন্য় ৰাজ্যৰ তুলনাত ইন্দোৰত ৭৪ শতাংশ COVID-19ত আক্ৰান্ত ৰোগী আৰোগ্য হৈ উঠিছে বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

অৱশেষত উদ্ধাৰ হ'ল কাহিলীপাৰাৰ ভূমিস্খলনত আবদ্ধ ভৰত কলিতা

কাহিলীপাৰাস্থিত পাৱাৰ হাউচৰ সমীপত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ এই ঘটনাৰ ফলত 2 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে যদিও, চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় এগৰাকী আহতই ৷ আনহাতে, মাটিৰ তলত এগৰাকী লোক আবদ্ধ হৈ আছিল যদিও, অৱশেষত উদ্ধাৰকাৰীৰ দলে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

১৫ জুলাইত ঘোষণা কৰা হ'ব চিবিএছইৰ পৰীক্ষাৰ ফলাফল

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড চমুকৈ চিবিএছই য়ে শুকুৰবাৰে কৰা ঘোষণা অনুসৰি, দশম আৰু দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাৰ ফলাফল আগন্তুক ১৫ জুলাইত ঘোষণা কৰা হ'ব ।

পুনেৰ শুল্ক বিভাগৰ দ্বাৰা জব্দ ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

২৪ জুন তথা বুধবাৰে পুনেৰ শুল্ক বিভাগে জব্দ কৰে প্ৰায় ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী । লগতে দুখন বাহনসহ আটক কৰে চাৰিজন ব্যক্তিক । বৃহস্পতিবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ।

কলা শাখাত তৃতীয় স্থান দখল কৰা সংগীতাক সম্বৰ্ধনা জলসিঞ্চন মন্ত্ৰীৰ

কলা শাখাত শীৰ্ষ দহটা স্থানৰ ভিতৰত তৃতীয় স্থান দখল কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা সংগীতা দাসক সম্বৰ্ধনা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ৷ ছাত্ৰীগৰাকীক 25 হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু ভৱিষ্যতে সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান মন্ত্ৰী গৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.