যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন
আজি প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ অবিহনে দহটা দিন পাৰ হ'ল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ কুশল কোঁৱৰ মেম’ৰিয়েল ইনড’ৰ ষ্টেডিয়ামতো তৰুণ গগৈৰ স্মৃতিত আয়োজন কৰা হয় এক সৰ্বধৰ্মীয় সভা ।
'বুৰেৱী' ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে !
বৃহস্পতিবাৰে দক্ষিণ তামিলনাডুৰ উপকূলীয় জিলাসমূহ 'বুৰেৱী' ঘূৰ্ণীবতাহে প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে বুলি চেন্নাইৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । চেন্নাইস্থিত এৰিয়া চাইক্ল'ন ৱাৰ্ণিং চেণ্টাৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকে সম্ভাৱনা প্ৰকট কৰিছে যে, 'বুৰেৱী' ঘূৰ্ণীবতাহ বৃহস্পতিবাৰে পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিব আৰু তাৰ পিছত মন্নাৰ আৰু ক'ম'ৰীণ অঞ্চলক প্ৰভাৱিত কৰিব ।'
তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
তদন্তৰ নামত আৰক্ষীয়ে অভিযুক্তৰ ওপৰত চলোৱা নিৰ্যাতনৰ প্ৰকৃত ছবি নিৰীক্ষণৰ বাবে বুধবাৰে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন আৰক্ষী থানাৰ লগতে CBI, ED, NIAৰ কাৰ্যালয়ত চিচি টিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ
তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিষয় উত্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত । সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে UNESCOৰ সংঞ্চালক প্ৰধান অ'ড্ৰে এজৌলেই ।
সচিবালয়ৰ সন্মুখত চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ
সচিবালয়ৰ সন্মুখত বৃহৎ আকাৰৰ চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় অসম দিৱস ৷
আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে
সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হ'ব সদ্য পদত্যাগী আছু নেতা লুৰিনজ্যোতি গগৈক ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বিদায় সভা ।
পলাশবাৰী সমষ্টি অগপক এৰি নিদিয়াৰ হুংকাৰ বিজেপি নেতৃত্বৰ
সমাগত নিৰ্বাচনত কোনো কাৰণতে পলাশবাৰী সমষ্টি অগপক এৰি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান বিজেপি নেতৃত্বৰ ৷ বুধবাৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ দলীয় সভাত এই মন্তব্য প্ৰদান ৷
ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ সম্ভাৱনা !
নগাঁৱৰ ঢাকাইপট্টিত বুধবাৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা কাৰ্যালয় মুকলি কৰি অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাই ৷ বিজেপি, কংগ্ৰেছৰ লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰাৰ স্বাৰ্থত এই সম্ভাৱনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে ৷
বাক্সাত ভয়ানক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় প্ৰাত: ভ্ৰমণলৈ যোৱা কালিচৰণ তালুকদাৰ নামৰ এজন ব্যক্তি ৷ যাত্ৰীবাহী এখন বাছে খুন্দিওৱা ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ
কৃষক মহাসভা অসমৰ বিশ্বনাথ জিলা সমিতিয়ে বিহালীৰ বৰগাঙৰ উন্নয়ন খণ্ডৰ সন্মুখত "আমি আপোনালোকৰ লগত আছো" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।নতুন কৃষি আইন বাতিলৰ লগতে ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।