ETV Bharat / state

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

TOP 10 AT 3PM
3 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Nov 26, 2020, 3:03 PM IST

নৱগ্ৰহত চিৰদিন লৈ শুই পৰিব চিৰতৰুণ

আজি পঞ্চভূতত বিলীন হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ ইতিমধ্যে কলাক্ষেত্ৰৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হৈছে চৰকাৰী বাসভৱনলৈ ৷ তাৰ পৰা ৰুক্মিনীগাঁও গীৰ্জা, আমবাৰী বুঢ়া মছজিদ, শুক্ৰেশ্বৰ আদিত শ্ৰদ্ধা জনোৱা হ’ব সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ শিলপুখুৰীৰ পৰা সমদলেৰে লৈ যোৱা হ’ব নৱগ্ৰহ লৈ ৷ নৱ গ্ৰহতেই যাৱতীয় বৈদিক কাৰ্য সম্পাদনেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ ৷

শেষযাত্ৰাত গীৰ্জাত গুণমুগ্ধই শ্ৰদ্ধা জনালে চিৰতৰুণক

খ্ৰীষ্টান ধৰ্মীয় অগনন লোক সমবেত হয়হি পবিত্ৰ গীৰ্জাঘৰত । দিনৰ প্ৰায় 11 বজাত গগৈৰ পাৰ্থিৱ শৰীৰ লৈ অনা হয় ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ । গীৰ্জাত খৃষ্ট ধৰ্মীয় ৰীতি-নীতি অনুসৰি জন নেতাগৰাকীক মাংগলিক বিধানেৰে শেষ বিদায় আৰু আশীৰ্বাদ জনোৱা হয় ৷

নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা

এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা 1954 চনতে ভাৰতীয় জৰীপ বিভাগে ঘোষণা কৰিছিল ৷ নেপালে এভাৰেষ্টৰ উচ্চতা পুনৰ জোখাৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু নেপালে ভাৰতৰ এই প্ৰস্তাৱ নাকচ কৰি নিজে পৰিমাপ কৰাৰ কথা উল্লেখ কৰে ।

শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

দেশত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷

কলগাছিয়াত অংগনবাদী কৰ্মী-সহায়িকাৰ ধৰ্মঘট

অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যাসকলৰ ধৰ্মঘট পালন ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদী

কুট্ৰু আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত দাৰভা জংঘলত পুৱা ৫ বজাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু জিলা বাহিনীৰ এটা যুটীয়া দলে নক্সাল প্ৰতিৰোধী এক অভিযান চলায় ৷ দুয়োপক্ষৰ মাজত হোৱা গুলিয়াগুলিৰ পাছত পাছত অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা মাওবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷

মজুৰী বৃদ্ধিৰ দাবীত বাক্সাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

মজুৰী বৃদ্ধিকে ধৰি কেবাটাও দাবীৰে চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ বাক্সাৰ ফাটেমাবাদ চাহ বাগিছাত চাহ শ্ৰমিকৰ কেন্দ্ৰীয় সমিটিৰ নিৰ্দেশ মৰ্মে চাহ শ্ৰমিকৰ প্ৰতিবাদ সাব্যস্ত ৷ বিজেপি দলে চাহ শ্ৰমিকক 351 টকা মজুৰি প্ৰদান কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পালনৰ দাবী প্ৰতিবাদকাৰীৰ ৷

দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একমতত ভাৰত আৰু বাহৰেইন

ভাৰত আৰু বাহৰেইনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহৰ লগতে প্ৰতিৰক্ষা,সুৰক্ষা তথা ঐতিহাসিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু বাহৰেইন উভয়েই একমতত উপনীত হৈছে ৷ মঙলবাৰে বাহৰেইনত উপস্থিত হৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ জয়শংকৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয় ৷

চেন্নাইত গছ বাগৰি নিহত এজন লোক

বৃহস্পতিবাৰে চেন্নাইৰ বিবেকানন্দ হাউছৰ সমীপত থকা এডাল গছ হঠাতে উঘালি পথেৰে গৈ থকা এজন লোকৰ গাত বাগৰি পৰে ৷ আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ লৈ যোৱা হয় অৱশেষত মৃত্যু হয় লোকজন ৷

ক্ৰমাৎ হ্ৰাস পাইছে নিভাৰৰ গতিবেগ

চেন্নাইৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ নিৰ্দেশক এছ বালাচন্দ্ৰনে ছয়ঘন্টাৰ ভিতৰত বতাহৰ তীব্ৰতা আৰু হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে ৷ পণ্ডিচেৰীৰ উপকূল অতিক্ৰম কৰাৰ পাচতেই হ্ৰাস পাইছে নিভাৰৰ গতিবেগ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.