ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা খবৰ

author img

By

Published : Oct 14, 2020, 3:16 PM IST

3 বজাৰ শীৰ্ষ 10 টা খবৰ

Top 10 at 3pm
3 বজাৰ শীৰ্ষ 10 টা খবৰ

বিহাৰ নিৰ্বাচন: হাছানপুৰত মনোনয়ন দাখিল তেজ প্ৰতাপৰ

আৰজেদি দলৰ নেতা তথা লালু প্ৰসাসৰ পুত্ৰ তেজ প্ৰতাপে হাছানপুৰত মনোনয়ন দাখিল কৰে । সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক জেদিইউ দলৰ ৰাজ কুমাৰ ৰায়ৰ বিৰুদ্ধে যুঁজ দিব তেজ প্ৰতাপে ।

আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

মঙলবাৰে পুৱতি নিশা আলফা (স্বা) ৰ তিনি গৰাকী কেডাৰে নগালেণ্ড ভিলেজ গাৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে । কেডাৰ কেইগৰাকী ক্ৰমে গোৱালপাৰাৰ কুনাল অসম (৩২), তিনিচুকীয়াৰ ৰুচনা অসম (৪০) আৰু চৰাইদেউৰ লাচিত অসম (২৫) বুলি জানিব পৰা গৈছে ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

মৰিগাঁৱত পথ নিৰ্মাণৰ ক্ষেত্ৰত আঁসোৱাহ থাকি যোৱাৰ বাবেই সামান্য এজাক বৰষুণতে বহু কেইটা ব্যস্ত অঞ্চলৰ পথ বুৰ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনে হোৱাৰ অভিযোগ ৰাইজৰ ৷

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

ফলাফল ঘোষণাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষা। ৱেবছাইটত প্ৰকাশিত হ'ল ছীল, মোহৰ,স্বাক্ষৰ বিহীন বাছনি তালিকা। মন্ত্ৰী ভৱেশ কলিতাই উকা উত্তৰবহী জমা দিবলৈ কোৱাৰ অভিযোগ প্ৰাৰ্থীৰ।

মোবাইল ফোনৰ বিকিৰণ হ্ৰাস কৰিব গৰুৰ গোবৰে

গৰুৰ গোবৰৰ পৰা নিৰ্মিত এবিধ বিশেষ সজুলিয়ে মোবাইল ফোনৰ পৰা হোৱা তেজষ্ক্ৰিয় বিকিৰণ হ্ৰাসত সহায় কৰিব বুলি দাবী কৰিছে এগৰাকী চৰকাৰী বিষয়াই । কেৱল সেয়াই নহয়, এই সজুলিটোৱে ব্যৱহাৰকাৰীক বিভিন্ন বেমাৰৰ পৰাও ৰক্ষা কৰিব বুলি বিষয়াগৰাকীয়ে দাবী কৰিছে

ভূটানত জৰুৰীকালীনভাৱে অৱতৰণ গুৱাহাটী অভিমুখী হেলিকপ্টাৰ

টাৱাঙৰ পৰা গুৱাহাটীলৈ অভিমুখে যাত্ৰা কৰা হেলিকপ্টাৰৰ ভূটানত জৰুৰীকালীন অৱতৰণ। ১৪ গৰাকী যাত্ৰী আৰু ৫গৰাকী কৰ্মচাৰী আছিল হেলিকপ্টাৰখনত। মঙলবাৰে নিশাই ভূটানৰ পৰা গুৱাহাটীলৈ অনা হয় যাত্ৰীসকলক।

মধ্য প্ৰদেশত বিবাদঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৯ গৰাকীকৈ লোক

মধ্যপ্ৰদেশৰ মঞ্চাখেড়ী গাঁৱত মঙলবাৰে বিয়লি ভাগত বিবাহিত দম্পত্তিৰ আত্মীয়ৰ সৈতে হোৱা এক বিবাদৰ ফলত ৯ গৰাকী সদস্যসহ এজন ৫ বছৰীয়া লৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তসকলক জিলা স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে যদিও সংকটজনক অৱস্থাত আছে ৫ বছৰীয়া ল'ৰাটো ।

অনুচ্ছেদ ৩৭০ৰ লগতে কাশ্মীৰ সমস্যাৰ বাবে মাত মাতি যাম: মেহবুবা মুফটি

জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক মঙ্গলবাৰে আবেলি মুকলি কৰি দিয়া হয় । মুকলি হৈয়ে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো অনৈচ্ছিক আৰু অগণতান্ত্ৰিক আখ্যা দিয়ে মুফটিয়ে ।

আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱনলৈ বিপদ মাতিলে হেমন্তই

বাক্সাৰ এগৰাকী যুৱকৰ কৰুণ কাহিনী ৷ শালপতিৰ জীৱন বচাবলৈ গৈ নিজেই এতিয়া মৃত্যুমুখী ৷ প্ৰতিশ্ৰুতি দিও এতিয়া শালপতিয়ে খবৰ নলয় যুৱকজনৰ ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত থমনাৰ ৰায়পুৰৰ এই গৰাকী যুৱক নাম হেমন্ত ৰয় ৷

ভয়ানকঃ মেঘালয়ত ডাইনী সন্দেহত জীৱিত অৱস্থাত পুতিলে বৃদ্ধক

আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে যে,মৰিচৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি বেমাৰ হৈ থকা ভতিজাকৰ ওপৰত তন্ত্ৰ মন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গাঁৱত জীৱিত পুতি থোৱা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.