ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : May 17, 2022, 3:07 PM IST

লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

সোমবাৰে লণ্ডনৰ Westminister Magistrates' Court ত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়চোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা(স্বা)ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল ৷

Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল

ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Flood situation become critical in Assam) ৷ ২০ খন জিলাৰ ৬৫২ খন গাঁও সম্পূৰ্ণৰূপে বানত বিধ্বস্ত ৷ প্ৰায় ১,৯৭,২৪৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত প্লাৱিত হৈছে ১৬,৬৪৫.৬১ হেক্টৰ কৃষি ভূমি ৷

মৰা পাগলদিয়া-বুঢ়াদিয়াৰ বানত প্লাৱিত পশ্চিম নলবাৰী

পশ্চিম নলবাৰীত বানৰ তাণ্ডৱ (Flood in Nalbari) ৷ জিলাখনৰ টিহুৰ বালি, মাক্ৰাপাৰা আদি অঞ্চলসমূহে বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পিছত মধুপুৰ উন্নয়ন খণ্ডৰ অধীনৰ লখোপুৰত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷

কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান

শেহতীয়াকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে । সেই গোচৰৰ ভিত্তিতে নেতাগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত চিবিআইৰ অভিযান অব্যাহত আছে (CBI searches multiple locations of Karti Chidambaram)। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ হৈছে কাৰ্তি চিদাম্বৰম ।

হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে

হঠাৎ বৃদ্ধি কৰা হৈছে গুৱাহাটী-শিলচৰৰ বিমান ভাড়া (Flight fare for Guwahati to Silchar increased) ৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ' আৰু স্পাইছজেট বিমানৰ ভাড়া 12 হাজাৰ 500 টকাৰ পৰা 14 হাজাৰ পৰ্যন্ত হৈছে ৷

নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 3 জন

নলবাৰী আৰু বৰপেটা সীমান্তৱৰ্তী সৰ্থেবাৰী থানাৰ অন্তৰ্গত নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Namshala) । I20 বাহনে মহতিয়াই নিয়ে 5 খনকৈ বাইক তথা পথচাৰীক । থিতাতে নিহত 3 জন (3 people died in road accident) ৷

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনি কৰাটো দলটোৰ দুৰ্বলতাৰ লক্ষণ : মানিক সৰকাৰ

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে মানিক সাহাই (Manik Saha takes over as Tripura new CM)। মুখ্যমন্ত্ৰী নতুন হ'লেও ৰাজ্যখনৰ সমস্যা সমাধান নহয় বুলি দাবী কৰে চিপিআইএম নেতা মানিক সৰকাৰে । তেওঁৰ মতে বিজেপিয়ে ৰাজ্যখনক জংঘল ৰাজলৈ ৰূপান্তৰিত কৰিছে ।

হাৰিয়ানাৰ পথ দুৰ্ঘটনাত ৫ গৰাকী লোকৰ মৃত্যু

হাৰিয়ানাৰ দিল্লী-জয়পুৰ ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা (Accident in Haryana)। দুৰ্ঘটনাটোত ২ গৰাকী মহিলাসহ ৫ জন লোকৰ মৃত্যু । পৰিয়াল আৰু আত্মীয় মিলি হৰিদ্বাৰ ভ্ৰমণলৈ গৈছিল । ওভতনি পথত এই মৰ্মান্তিক ঘটনা ।

লখিমপুৰত বানৰ তাণ্ডৱ: ক্ষতিগ্ৰস্ত পাঁচ শতাধিক পৰিয়াল

বান বিভিষিকা যেন চিৰদিনৰ লগৰী লখিমপুৰবাসীৰ । জিলাখনৰৰ উন্নয়নৰ প্ৰধান অন্তৰায় বান সমস্যা সমাধান নহ'ল আজিকোপতি । বাৰিষা আহিলেই যেন লখিমপুৰবাসীয়ে কটাই বিনিদ্ৰ ৰজনী । এইবাৰো আৰম্ভ হৈছে বানৰ বিভীষিকা(Flood in Lakhimpur) ।

Floods affect Dima Hasao : বানৰ কৱলত ডিমা হাছাওৰ লাংটিঙৰ কেইবাখনো গাঁও

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে ডিমা হাছাও জিলা (Flood in Dima Hasao)। জিলাখনৰ বহু অঞ্চল প্লাৱিত কৰিছে লাংটিং নৈ বাঢ়নী পানীয়ে । বান পীড়িত শ শ লোকে আশ্ৰয় লৈছে লাংটিং ৰেল ষ্টেচনত । শিবিৰত থকা সকলক খাদ্য যোগান ধৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গোলনজয় থাওচেনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.