ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ... - TOP 10 @ 3 PM

3 বজাৰ দহটা শীৰ্ষ খবৰ...

3 বজাৰ দহটা শীৰ্ষ খবৰ...
3 বজাৰ দহটা শীৰ্ষ খবৰ...
author img

By

Published : Jun 21, 2021, 3:00 PM IST

গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷

NHPCত অনুষ্ঠিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্রহণ

শাৰীৰিক, মানসিক শান্তিৰ কামনাৰে যোগাভ্যাস মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোগাভ্যাসে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বৰপথাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ

বৰপথাৰৰ দুৱৰণিৰ টেঙানী আলীচিঙাস্থিত ঐতিহাসিক কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ সমূহ পৰিদৰ্শন কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে । এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানটো পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বুজ লয় ৷

দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ

ৰাজধানী দিল্লীত বাৰ আৰু পাৰ্ক খোলাৰ অনুমতি দিল্লী চৰকাৰৰ ৷ 50 শতাংশ আসন ক্ষমতাৰে খোলা থাকিব পাৰিব ৰেষ্টুৰেন্ট আৰু বাৰসমূহ ৷ পুৱা দহ বজাৰ পৰা নিশা 8 বজালৈ সকলো বজাৰ, বজাৰ কমপ্লেক্স আৰু মল খোলাৰ বাবেও অনুমতি প্ৰদান ৷

ডিমা হাছাওত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ

ডিমা হাছাও জিলা (Dima Hasao District)তো স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (COVID VACCINE) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি জিলাখনৰ মুঠ 9 হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব স্বাস্থ্য বিভাগে ।

লাডাখত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন ITBPৰ

যোগৰ বিভিন্ন ভংগীমাত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱান । ভাৰত-চীন সীমান্তত বৰফেৰে আবৃত হিমালয়ত ১৮ হাজাৰ ফুট উচ্চতাত যোগ প্ৰদৰ্শন কৰিলে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানে ।

কোকৰাঝাৰত দৈনিক কিমান লোকক প্ৰদান কৰিব covid vaccine ?

ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কোকৰাঝাৰ জিলাতো দৈনিক 7 হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে জিলা স্বাস্থ্য তথা প্ৰশাসন বিভাগে ৷ সেয়েহে আগতীয়াকৈ পঞ্জীয়ন অবিহনেও 18 বছৰৰ উৰ্ধৰ লোকসকলে ঠাইতে পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ যাতে সংক্ৰামক কেন্দ্ৰ নহয়, তাৰ বাবে জিলা উপায়ুক্তই কেন্দ্ৰসমূহত অযথা ভিৰ পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছে জিলাবাসীক ।

ৰঙিয়াত তুলসীবাৰীত জব্দ নকল টকা সহ বৃহৎ পৰিমাণৰ ভাং

ৰঙিয়াত তুলসীবাৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰমাণৰ ভাং, নকল টকা সহ এজনক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে । অভিযানত অঞ্চলটোৰ এগৰাকী মুৰ্গী ব্যৱসায়ীৰ ঘৰৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ টকাৰ নকল টকা আৰু প্ৰায় ৭ কেজি ভাং জব্দ কৰে আৰক্ষীয়ে ৷

বৰপেটাত ব্ৰাউন চুগাৰসহ ব্যৱসায়ী আটক

নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান । ব্ৰাউন চুগাৰ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক । ধৃত ব্যৱসায়ীটোৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ৫ টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।

শিৱসাগৰৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱক

শিৱসাগৰৰ গৌৰীসাগৰত হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷ নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাও টাইকুমলাই গগৈ (২১) নামৰ এজন যুৱকজনক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.