ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - Top News

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 3 PM
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Apr 20, 2021, 3:04 PM IST

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

কৰ’ণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে

হিন্দু ধৰ্মৰ এগৰাকী দেৱতা হনুমানৰ অস্তিত্বকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ এটা বিখ্যাত ন্যাসৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে । কাৰণ তিৰুমালা তিৰুপতি দেৱাস্তানাম (টিটিডি)য়ে অতিশীঘ্ৰে ঘোষণা কৰিব ভগৱান হনুমান জন্মস্থান ।

উত্তপ্ত পৰিস্থিতি: ডবকা টোলগেট ঘেৰাও গাড়ী চালকৰ

মঙলবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডবকা টোলগেটত ৷ ট্ৰেভেলাৰ চালকক বাংলাদেশী আখ্যা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷

গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত

গোৱালপাৰাত মঙলবাৰে ১৯ জন লোক ক’ৰণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, আজি ১,৫৬৫ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু ২৯৪ গৰাকী লোকক আৰটিপিচিআৰ টেষ্ট কৰা হয় ৷ ইয়াৰে ১৯ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ ।

মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত বিজেপি নেতা

শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া নতুন বাহন উদ্বোধনৰ সময়ত ফটো উঠি সমালোচিত হ'ল মধ্য প্ৰদেশৰ ভূপালৰ এগৰাকী বিজেপি নেতা । দৰাচলতে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি আলোক শৰ্মাই ভূপালৰ বিভিন্ন চিকিৎসালয়ৰ বাবে শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া ৭ খন বাহনৰ সেৱা উদ্বোধন কৰে । ইয়াৰ পিছতে নতুন বাহনখন আৰু আন কৰ্মীসকলক লগত লৈ ফটো উঠিছিল শৰ্মাই আৰু ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

ক'ভিড কেয়াৰ চেণ্টাৰত পৰিণত বডোডৰাৰ এটা মছজিদ

ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হৈছে গুজৰাটৰ বডোডৰাৰ চিকিৎসালয়ত । উপাসনা থলীত চলিছে ক'ভিড ৰোগীৰ চিকিৎসা । কৰ'ণা আক্ৰান্তৰ বাবে ৫০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰত পৰিণত কৰা হৈছে গুজৰাটৰ বডোডৰাৰ এটা মছজিদ ।

অশোকাষ্টমীত স্নান কৰা মহিলা ভক্ত ক’ভিডত আক্ৰান্ত

ধুবুৰীত মহা অশোকাষ্টমী পূজাত স্নান কৰিবলৈ যোৱা এগৰাকী মহিলা ভক্ত আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ ঘটনাস্থলীত আতংকময় পৰিস্থিতি ৷

মনমোহন সিঙৰ আশু আৰোগ্যৰ বাবে দেশবাসীৰ প্ৰাৰ্থনা

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে হাজাৰ হাজাৰ লোকে তেওঁৰ আশু আৰোগ্য কামনা কৰা দেখা গৈছে । সম্প্ৰতি এইম্ছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য কামনা কৰি বিভিন্ন স্থানৰ পৰা তেওঁৰ অনুগামীসকলে প্ৰাৰ্থনা জনাইছে ।

চেন্নাইৰ অধিনায়ক হিচাপে আইপিএলত ২০০ খন খেল সম্পন্ন ধোনীৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চলি থকাৰ মাজতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এক অভিলেখ । আইপিএলত চেন্নাই দলটোৰ অধিনায়ক হিচাপে ২০০ খন খেল খেলিলে ধোনীয়ে ।

জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম: বৰষাৰাণী বিষয়া

সোমবাৰে ৰঙিয়াৰ এখন বিপনী উদ্ধোধনত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম বুলি কৈ ৰাইজক সাৱধানে থকাৰ বাবে আহ্বান জনায় ৷ অভিনেত্ৰীগৰাকীয়ে ক’ৰণাৰ বিৰুদ্ধে সকলোৱে উঠি-পৰি লাগিবলৈ কোৱাৰ উপৰিও মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখা আৰু হাত পৰিস্কাৰ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.