অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে
অসম বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে সদনৰ মজিয়াত ক্ষোভ প্ৰকাশ কৰি ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ মঙলবাৰে সদনত অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন সন্দৰ্ভত সদনত আলোচনাৰ বাবে অধ্যক্ষৰ পৰা সুযোগ বিচাৰিছিল ৷ কিন্তু এই ক্ষেত্ৰ অধ্যক্ষই অনুমতি প্ৰদান নকৰাত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধে ক্ষোভমূলক মন্তব্য প্ৰকাশ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে ৷
মঙলদৈৰ বোৱাৰী হত্যাৰ মূল অভিযুক্ত গৌতম বৈশ্যক গ্ৰেপ্তাৰ
মঙলবাৰে নিশা মঙলদৈ আৰক্ষীয়ে আজাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে মঙলদৈৰ কৃষ্ণামণি ডেকা হত্যাকাণ্ডৰ মূল অভিযুক্ত গৌতম বৈশ্যক ৷ আজাৰাৰ আত্মীয় ঘৰত আত্মগোপন কৰি আছিল কৃষ্ণামণিৰ স্বামী গৌতম ৷
21ৰ পৰা ২৩ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা
ক’ভিড 19ৰ বাবে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা ৷ পৰম্পৰাগত বিনিময় প্ৰথাৰ বাহিৰে এইবেলি মেলাত নাথাকে কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান ৷
আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে সনাতনৰ মুখত...
সন্ধাৰ যুৱক সনাতন কলিতাৰ সম্প্ৰতি বিকল দুয়োটা বৃক্ক ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত ধন ৷ পৰিয়ালটোৱে ৰাইজৰ সহায় বিচাৰি কলি কৰিছে এটি বেংক একাউণ্ট নম্বৰ ৷ সেয়া হৈছে- 918010052064170, IFSC কোড-UTIB0001480 ৷
প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ
বিগত কিছুদিন ধৰি অব্যাহত আছে লাইকা দধিয়াবাসীৰ প্ৰতিবাদ ৷ লাইকা দধিয়াবাসীয়ে পুনৰ সংস্থাপন বিচৰা প্ৰতিবাদত শ্বহীদ হ'ল ৰেৱতী পাউ। ৰেৱতী পাউৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে লাইকা দধিয়াবাসী ৰাইজে।
আমেৰিকাত ক'ৰণাৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন ব্যক্তিক চিনাক্ত
আমেৰিকাত ক'ৰণা ভাইৰাছৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন ৰোগী ক'লডা ৰাজ্যত পোৱা গৈছে ৷ এই কথা সদৰি কৰিছে ৰাজ্যখনৰ ৰাজ্যপাল জ'ৰেড প'লিছে ৷
মেগাষ্টাৰ ৰজনীকান্তৰ সিদ্ধান্তত অসন্তুষ্ট MNM প্ৰধান কমল হাছান
মেগাষ্টাৰ ৰজনীকান্তক লৈ অসন্তুষ্ট MNM প্ৰধান কমল হাছান ৷ ৰজনীকান্তে ৰাজনৈতিক দলত যোগদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে অসন্তুষ্ট হৈ পৰে কমল হাছান ৷
ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন
মঙলবাৰে নিজৰ এক ভাষণত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়,"কৰ’ণাৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসন নিৰ্ধাৰিত কাৰ্যসূচীতকৈ বহু পিছ পৰি আছে ৷ এই ক্ষেত্ৰত মই আমাৰ শুদ্ধ দিশত পৰিচালিত কৰিবলৈ স্বৰ্গ-মৰ্ত্য একাকাৰ কৰি দিম ৷"
অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধ
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটযোগে জনাইছে যে, অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ যাত্ৰীবাহী বিমান পৰিবহণ অস্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে । পূৰ্বে এক নিষেধাজ্ঞা জাৰি কৰি মন্ত্ৰালয়ে যোৱা ২৩ ডিচেম্বৰৰ পৰা অহা ৩১ ডিচেম্বৰলৈ ভাৰতত ইংলেণ্ডৰ বিমান অৱতৰণ নিষিদ্ধ কৰিছিল ।
পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী
নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত থকা ডাব্বি গাঁৱৰ পৰা উদ্ধাৰ কৰে বিভিন্ন বিস্ফোৰক সামগ্ৰী ৷ বুধবাৰে অঞ্চলটোত তালাচী অভিযান চলাই মাটিত পুতি ৰখা অৱস্থাত কেইবা জাঁই সজীৱ গুলী, পিষ্টল আৰু গ্ৰেণেড উদ্ধাৰ কৰে ৷