গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি
আৰক্ষীৰ জিম্মাত নিৰপৰাধী ব্যক্তিৰ মৃত্যু কোনো নতুন ঘটনা নহয় ৷ আমাৰ দেশত প্ৰতিদিনে 15 টা এনেকুৱা ঘটনা সংঘটিত হয় আৰু ইয়াৰ ভিতৰত 9গৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰা অনুসৰি, এনেকুৱা অধিকাংশ ঘটনাই পোহৰলৈ নাহে ৷ এইক্ষেত্ৰত আৰক্ষী ব্যৱস্থাৰ সংস্কাৰৰ ব্যাপক প্ৰয়োজন আছে ৷ আইনৰ শাসন বলৱৎ কৰা বিশ্বৰ 126 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 68 সংখ্যক ৷ এক আঠ-দফীয়া নীতিৰ আধাৰত ভাৰতে আইন-শৃংখলা নিৰ্ধাৰণৰ ক্ষেত্ৰত 111 স্থানত আছে ৷
পূৱ বিলাসীপাৰাৰ চাপৰত "ৰাষ্ট্ৰীয় পোষণ মাহ" উদযাপন
অঙ্গনাবাড়ী কেন্দ্ৰ সমূহৰ অন্তৰ্গত গাঁও অঞ্চলৰ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য সন্মত বিধান আৰু পুষ্টি যোগান ধৰাই পোষণ মাহৰ লক্ষ্য ।
শ্বহীদ কনকলতাক সুঁৱৰি গহপুৰত ‘শ্বহীদ দিৱস’ পালন কংগ্ৰেছ কৰ্মীৰ
‘শ্বহীদ দিৱস’ উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ তথা গহপুৰৰ সু-সন্তান কনকলতা বৰুৱাক স্মৰণ গহপুৰ কংগ্ৰেছৰ ৷ কনকলতা বৰুৱাৰ নামত গহপুৰত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছ কৰ্মীৰ ৷
গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী
গোলাঘাট নগৰৰ এৰেঙ্গাপাৰ, বেঙেনাখোৱা, তেতেলীতল, ৰঙাজান, শান্তিপুৰত এতিয়াও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ স্বীকাৰোক্তি দিয়ে কৰায়ত্ব কৰা ড্ৰাগছ ব্যৱসায়ীয়ে ৷
ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
ধুবুৰী জিলাৰ চাপগড় গাঁও পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত কাৰ্য্যালয় আন্তঃগাঁথনিৰ নামতো ধন আত্মসাতৰ অভিযোগ ৰাইজৰ ।
প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত হোম ষ্টে' নিৰ্মাণ
প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত আলহী ঘৰ বা হোম ষ্টে' নিৰ্মাণ কৰা হৈছে ৷ দেশ-বিদেশৰ পৰ্যটকৰ মাজত কলিয়াবৰৰ ভিন্ন সমল সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মহকুমা প্ৰশাসনে লৈছে ভিন্ন পৰিকল্পনা ৷
যোৰহাটত মাৰণাস্ত্ৰ সহ যুৱক আটক
যোৰহাট আৰক্ষীৰ সফল অভিযান ৷ শনিবাৰে নিশা চলোৱা এক অভিযানত আৰক্ষীয়ে জব্দ কৰিছে মাৰণাস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ গুলী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ককিলামুখৰ ৰূপক দত্তক ৷
কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া
কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া । খহনীয়াত জাহ যায় শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে এখন প্ৰাথমিক বিদ্যালয় । চাৰিখন পঞ্চায়তৰ পোন্ধৰখন ৰাজহ গাঁও লৈ এই খহনীয়াই কঢ়িয়াইছে তীব্ৰ ভাবুকি । কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন আৰু জনপ্ৰতিনিধি । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ।
মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড সন্দৰ্ভত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী
ক’ভিড-19ৰ ভয়াৱহ সংক্ৰমণৰ মাজতেই প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্দৰ্ভত এক পৰ্যালোচনা সভাত মিলিত হ'ব ৷ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে অহা 23 ছেপ্টেম্বৰত আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী ৷
বিপদত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগঃ সবিশেষ জনালে প্ৰযোজক মুনীন্দ্ৰ বৰ্মণে
যোৱাটো বৰ্ষত ৰাজ্যজুৰি আৰম্ভ হোৱা কা' বিৰোধী আন্দোলনৰ পৰাই ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটোৱে কৰ'ণা মহামাৰীৰ বাবে এইবেলি বছৰটোৰ বাবে মেলিব নোৱাৰিলে নাট ৷