ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 3 Pm
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Sep 15, 2020, 2:57 PM IST

চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী

এগৰাকী চীনা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী, চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ৷ চীনৰ বিজ্ঞানী ডঃ লি মেঙ য়ানৰ দাবী চীনা চৰকাৰ নিয়ন্ত্ৰিত য়ুহানস্থিত এক পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ক'ৰণা ভাইৰাছ ৷ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ নানিবৰ বাবে তেওঁক আনকি ভাবুকিও প্ৰদান কৰা হৈছে ৷ অতি সোনকালেই সমগ্ৰ তদন্তৰ প্ৰতিবেদন বিশ্ববাসীৰ সন্মুখলৈ আগবঢ়াই দিব বুলি সদৰি কৰিছে চীনা বিজ্ঞানী গৰাকীয়ে ৷

কোভিড 19 প্ৰট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

বিলাসীপাৰা আৰক্ষীয়ে সোমবাৰে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকসকলৰ পৰা সংগ্ৰহ কৰে জৰিমনা ৷ প্ৰায় 1000 টকাকৈ আৰক্ষীক জৰিমনা আদায় দিবলৈ বাধ্য হয় প্ৰতিগৰাকী মাস্ক পৰিধান নকৰা ব্যক্তিয়ে ৷ সোমবাৰৰ দিনটোত প্ৰায় 30,000 টকা এনেদৰে জৰিমনা হিচাপে সংগ্ৰহ কৰে আৰক্ষীয়ে ৷

মাস্ক, গ্লোভচ অবিহনে নিয়োজিত হৈছে চাফাই কৰ্মচাৰী

মৰিয়নীত নগৰখনৰ চাফাই কৰ্মচাৰী সকলে মাস্ক আৰু গ্লোভচৰ অবিহনে কৰিব লগা হৈছে নগৰ চাফা । ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিহ্নিত চাফাই কৰ্মী সকলৰ প্ৰতি যেন নাই মৰিয়নী পৌৰসভাৰ সামান্যত্বম দায়িত্বও ৷

চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !

"নতুন ৰাজনৈতিক দল খোলক, তাত আমাৰ আপত্তি কৰিবলৈ একো নাই ৷ নতুন ৰাজনৈতিক দল খুলিলে আমি ভালহে পাওঁ ৷ কিন্তু নতুন ৰাজনৈতিক দলৰ দামত চান্দা বিচাৰি ব্যৱসায়ীক যাতে হাৰাশাস্তি নকৰে ৷" সোমবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহৰ এক অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ' সন্দৰ্ভত সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উদ্ধাৰ হৈছে এগৰাকী এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ ৷ মৃত ছাত্ৰগৰাকী ডিমা হাছাওৰ মাহুৰৰ নিমচিং পানমেই ৷ ভঙাগড় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

বিজেপিক বাদ দি কোনেও পৰিষদ গঠন কৰিব নোৱাৰে: পীযুষ হাজৰিকা

নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অব্যাহত ৰাখিছে বিটিচিত ৷ কৰ’ণা মহামাৰীৰ আতংকক নেওচি বিজেপি দলেও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰৰ ৷ প্ৰচাৰৰ স্বাৰ্থতে দলটোৱে অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা ৷

কৰিমগঞ্জত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী সংঘটিতৰ অভিযোগ

অৰুণোদয় আঁচনিৰ নামত আৱণ্টিত সুবিধাৰ পৰা বঞ্চিত হৈছে একাংশ হিতাধিকাৰী ৷ ঘোৰামাৰা গাঁও পঞ্চায়তৰ অধীনৰ একাংশ হিতাধিকাৰীয়ে এই অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

বৰখলাত সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাৰ বিজেপিত যোগদান

প্ৰায় 70 গৰাকী সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাই কাছাৰৰ বৰখলাত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷ বিধায়ক কিশোৰ নাথৰ কাম-কাজৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে এই দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷

ক'ভিড-19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ

ক'ভিড-19 ৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখা পোৱা গ'ল নাও খেলৰ প্ৰতিযোগিতাত ৷ লক্ষণীয়ভাৱে সহস্ৰাধিক লোকৰ উপস্থিতিত উত্তৰ কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব ৷ লগতে কোনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু তাৰ মাজতো বিধায়ক গৰাকীয়ে উদ্বোধন কৰে পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতাখনি ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.