ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 19, 2021, 11:01 AM IST

আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

কৰ’ণাৰ সংহাৰ কিছু পৰিমাণে স্তিমিত হোৱাৰ পাছত এতিয়া পুনৰ আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহৰ পাঠদান প্ৰক্ৰিয়া ৷ ইয়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া ৷

অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল বিদ্ৰোহী সংগঠন NLFT জ্যেষ্ঠ কেডাৰ

সুদীৰ্ঘ 23 টা বছৰৰ অন্তত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতিল বিদ্ৰোহী সংগঠন NLFT ৰ এগৰাকী জ্যেষ্ঠ কেডাৰ জাইবা কালৈ ওৰফে লিটন জামাতিয়া এলিয়াছ ছালৈ ৷ সোমবাৰে BSF ৰ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে কেডাৰ গৰাকীয়ে ৷

অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলি থকাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ । অসমীয়া ভাষাত ক’লা ৰং লগোৱা বঙালী সংগঠনৰ বিৰুদ্ধে চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰাৰো দাবী পলাশ চাংমাইৰ ।

দেহত যদি অসমীয়াৰ স্বাভিমান আছে, তেন্তে শীঘ্ৰে দুষ্কৃতিকাৰীক শাস্তি দিয়ক মুখ্যমন্ত্ৰীয়ে : জগদীশ ভূঞা

শিলচৰৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল ৷ সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷

বিশ্বনাথৰ সাধাৰুৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ

বিশ্বনাথৰ সাধাৰুত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে, চলিত মাহৰ ১৬ অক্টোবৰৰ নিশা ওঠৰ মাইলৰ পৰা ডিব্ৰুগড় অভিমূখে গৈ থকা কেচাঁ পাচলি সামগ্ৰী কঢ়িয়াই নিয়া AS-12BC-5108 নম্বৰৰ এখন বাহন ডকাইতি কাণ্ড সংঘটিত কৰিছিল এই দলটোৱে ৷

ওলোটাকৈ জন্ম হৈছে ৰাইজৰ দলৰ : প্ৰশান্ত ফুকন

উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই শাসকীয় দলৰ ৰাজনৈতিক নেতাই ভৰি পৰিছে থাওৰাত । সোমবাৰে থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । ৰাজ্যিক বিজেপিৰ নেতৃত্বই থাওৰাৰ দুটাকৈ পঞ্চায়তৰ দায়িত্ব দিছে বিধায়কজনক ।

আজিৰে পৰা বিজেপি-RSS ৰ দুদিনীয়া সমন্বয় বৈঠক

দিল্লীত মঙলবাৰৰ পৰা আৰম্ভ হ'ব বিজেপি(BJP) আৰু আৰ এছ এছ(RSS)ৰ সমন্বয় বৈঠক । দুদিনীয়া কাৰ্যসূচীৰে এই বৈঠক অনুষ্ঠিত হ'ব । বৈঠকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব প্ৰতিনিধিসকলে ।

বৰষুণত ক্ষতিগ্ৰস্ত কেৰালাত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি

কেৰালাত প্ৰচণ্ড বৰষুণৰ ফলস্বৰূপে হোৱা ভূমিস্খলন আৰু বানৰ ফলত মৃতকৰ সংখ্যা 27 জনলৈ বৃদ্ধি ৷ ভূমিস্খলনত ক্ষতিগ্ৰস্ত Kottayam জিলাৰ Koottickal ৰ পৰা 14 টা আৰু Idukki ৰ Kokkayar ৰ পৰা 9 টা মৃতদেহ উদ্ধাৰ ৷ ৰাজ্যখনত পানীৰ স্তৰ নিৰীক্ষণ কৰাৰ লগতে বিভিন্ন বান্ধসমূহ খুলি দিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে বিশেষজ্ঞ সমিতি গঠন ৷

বেলুন বিশ্বকাপ 2021 : 31 খন দেশক হৰুৱাই চূড়ান্ত বিজয়ী পেৰু

স্পেইনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বেলুন বিশ্বকাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিলে পেৰুৰ ফ্ৰাঞ্চেস্কো ডে লা ক্ৰুজে ৷ ফাইনেলত জাৰ্মানীৰ জেন স্পাইছক 6-2 ত পৰাজিত কৰে ডে লা ক্ৰুজে ৷

ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থানত ৰশ্মিকা মন্দান্না

ফৰ্বছ ইণ্ডিয়া(Forbes India)ৰ তালিকাত বিজয় দেবেৰাকোন্দা, সামন্থাক পিছ পেলাই শীৰ্ষ স্থানত দক্ষিণ ভাৰতীয় ছবিৰ অভিনেত্ৰী ৰশ্মিকা মন্দান্না(Rashmika Mandanna) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.