ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 21, 2022, 11:06 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Parliament Winter Session: 23 ডিচেম্বৰতে সমাপ্ত হ’ব পাৰে সংসদৰ শীতকালীন অধিবেশন

সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু মূলতঃ ২৯ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল । কিন্তু এই অধিবেশন নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সমাপ্ত হোৱাৰ সম্ভাৱনা আছে ৷

Batadrava Eviction Update : বেদখলমুক্ত হ’ল বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

72 টা পৰিয়ালক উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি । মুকলি আকাশৰ তলত অনিদ্ৰা, অনাহাৰে প্ৰথমটো নিশা কটালে একাংশ উচ্ছেদিতই । বেদখল কৰা মুঠ 302 টা পৰিয়ালৰ 230 টা পৰিয়াল আঁতৰি গৈছিল উচ্ছেদৰ পূৰ্বেই । 72 টা পৰিয়ালকহে কৰা হৈছে উচ্ছেদ । এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Human traffickers detain: মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ হ’ল আমগুৰিৰ অপহৃত শিশুটি

ৰাজ্যত আকৌ সক্ৰিয় হৈছে মানৱ সৰবৰাহকাৰী চক্ৰ ৷ এইবাৰ যোৰহাটত মানৱ সৰবৰাহকাৰী চক্ৰ পৰা উদ্ধাৰ হৈছে আমগুৰিৰ পৰা অপহৃত এটি শিশু ৷ লগতে আটক লৈছে এগৰাকী নাবালিকা ৷

Musk resign controversy : এগৰাকী 'মুৰ্খ' পালেহে মাস্কে টুইটাৰৰ পৰা পদত্যাগ কৰিব !

দায়িত্ব ল'ব পৰা মুৰ্খ বিচাৰি পালেহে মাস্কে টুইটাৰৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিব । এই ঘোষণা এলন মাস্কৰ । মাস্কে চলোৱা এক জৰীপৰ ফলাফলৰ পাছতে এই ঘোষণা ।

Fake news against PM Modi: দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি কেন্দ্ৰৰ ৰোষত ইউটিউব চেনেল

এইবাৰ দেশৰ এক আগশাৰীৰ ইউটিউব চেনেলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ । ইউটিউব চেনেলটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়, মুখ্য ন্যায়াধীশ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । জনপ্ৰিয় ইউটিউব চেনেল নিউজ হেডলাইনছৰ বিৰুদ্ধে এই অভিযোগ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ ।

Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

সন্ত্ৰাসবাদ, ড্ৰাগছ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ সৈতে ভাৰত আৰু বহিঃৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ 11 টা গোচৰৰ অনুসন্ধান অব্যাহত ৰাখিছে NIA ই ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰণালয়ে লোকসভাত সদৰী কৰিছে এই কথা ৷

Education for Children: শিশুৰ শিক্ষা আৰু অধিকাৰ ৰক্ষাৰ প্ৰসংগত টিংখাঙত সজাগতা অনুষ্ঠান

টিংখাঙৰ বিভিন্ন চাহ বাগিচাত শিশুৰ সুৰক্ষা আৰু শিক্ষাক লৈ সজাগতা অভিযান । প্ৰথম এডুকেশ্বন ফাউণ্ডেশ্যন আৰু এবিটাৰ উদ্যোগত শিশুৰ শিক্ষা, বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ ওপৰত সজাগতা ৰেলীৰ আয়োজন । বিভিন্ন সজগতামূলক শ্লোগানযুক্ত প্লেকাৰ্ড লৈ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই সজাগতা ৰেলীত ।

Pregnant woman sits on dharna: পত্নীৰ মৰ্যদা বিচাৰি অন্তঃসত্বা যুৱতীৰ ধৰ্মঘট

পত্নী-সন্তান থকাৰ পাচতো ৰেজা কৰিমে (নাম সলনি কৰা হৈছে) ৰক্ষা কৰি আহিছিল এটা বিবাহ বৰ্হিঃভূত সম্পৰ্ক ৷ পত্নীৰ মৃত্যু হোৱা বুলি মিছাকৈ কৈ এগৰাকী যুৱতীৰ কাষ চাপিছিল ৰেজা ৷ ক্ৰমাৎ দুয়োৰে সম্পৰ্কই ৰূপ লৈছিল প্ৰেমৰ ৷ কিন্তু অৱশেষত প্ৰেমিকৰ স্বৰূপ জানিব পাৰি, অন্তঃসত্বা প্ৰেমিকা বাধ্য হ’ল ধৰ্মঘটত বহিবলৈ ৷

Gauahar Khan pregnancy news:তৃতীয় ব্যক্তিৰ আগমণৰ কথা ঘোষণা কৰিলে গৌহৰ খান-জাইদ দৰবাৰে

অভিনেত্ৰী গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাবলৈ সাজু হৈছে । খান আৰু দৰবাৰে মঙলবাৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ এটা এনিমেটেড ৰীলছৰ জৰিয়তে গৰ্ভধাৰণৰ বাতৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল ৷

National Science Festival: ২৮ গৰাকী শিশু বিজ্ঞানী ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত

আহমেদাবাদৰ গুজৰাটত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত অসমৰ ২৮ গৰাকী শিশু বিজ্ঞানী । শেহতীয়াকৈ তেজপুৰত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ পৰা নিৰ্বাচিত হৈছে এইকেইগৰাকী শিশু বিজ্ঞানী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.