ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - Covid 19 Update in Assam

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 11 am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jan 28, 2022, 11:06 AM IST

Covid 19 Update in Assam : ৰাজ্যত নতুনকৈ 3677 গৰাকী আক্ৰান্ত ক’ভিডত

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ বুধবাৰৰ দিনটোত ৰাজ্যত 1,951 গৰাকী লোক ক’ভিডত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 3,677 গৰাকী ৷ আনহাতে, মৃত্যু হয় 20 জনকৈ লোকৰ ৷

Nagaon police encounter: 28 জানুৱাৰীত কীৰ্তিকমল এনকাউন্টাৰৰ ৰাজহুৱা শুনানি

নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক (Student Leader Shot by Police in Nagaon) লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আয়ুক্ত পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । গ্ৰহণ কৰা হৈছে চিকিৎসাধীন কীৰ্তিকমল বৰাৰ ভাষ্য । শুকুৰবাৰে নগাঁৱত গ্ৰহণ কৰা হ’ব ৰাজহুৱা শুনানি (Public hearing of Kirtikamal Bora encounter) ।

৩১ জানুৱাৰী সময়সীমাঃ নতুন বাজেট প্ৰস্তুতিত ব্যস্ত বিত্ত বিভাগ

ৰাজ্যৰ বিত্ত বিভাগত পূৰ্ণোদ্যমে চলিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে এখন নতুন বাজেট প্ৰস্তুতিৰ প্ৰক্ৰিয়া (Assam government Preparing for new financial budget) ৷ প্ৰাককলিত বাজেট ব্যয় নিৰ্দ্ধাৰণ কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা ৷

প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) বিৰুদ্ধে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যৰ জিলা যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় । যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত আৰু আৰক্ষীৰ সংঘাতক লৈ তীব্ৰ চৰ্চা ৷

ETV Bharat Impact: তিনিচুকীয়া জিলা প্ৰশাসনে তলা লগালে লালিগুৰৰ গুদামত

ইটিভি ভাৰতৰ বাতৰিৰ পিছতে তিনিচুকীয়াৰ লালীগুৰৰ গুদামত লাগিল তলা (Laligur godown at Tinsukia) ৷ তিনিচুকীয়াৰ চাইডিং বজাৰত একাংশ ব্যৱসায়ীয়ে চলাই নিছিল নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা । বৃহস্পতিবাৰে এই সম্পৰ্কত ইটিভি ভাৰতত সবিস্তাৰে প্ৰকাশ পাইছিল বাতৰি ৷

চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা । পৰিচাৰিকাক শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ (doctor attempted to molest nurse under alcohol influence )। অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ । পলাতক অভিযুক্ত চিকিৎসক ।

Arms Laying Programme at Kalakshetra : অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিল দুটাকৈ বিদ্ৰোহী সংগঠন

অৱশেষত মূলসূঁতিলৈ উভতিল তিৱা লিবাৰেশ্যন আৰ্মীৰ (টি এল এ) লগতে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনে (ইউ জি পি অ')(Arms Laying Programme of TLA and UGPO Cadres) ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে বিদ্ৰোহী সংগঠন দুটাই (CM Himanta Biswa Sarma at Kalakshetra) ।

China hands over missing Miram Taron:অৱশেষত চীনা সেনাই ভাৰতীয় সেনাক গতালে অৰুণাচলৰ সন্ধানহীন যুৱকক

১৮ জানুৱাৰীত অৰুণাচলৰ যুৱক মিৰাম টেৰণক চীনা সেনাই অপহৰণ কৰি লৈ যোৱাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অৰুণাচল চৰকাৰ, ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ প্ৰচেষ্টাত অৱশেষত চীনা সেনাই যুৱকজনক হস্তান্তৰ কৰে (China hands over missing Arunachal teen to Indian army )।

গণতান্ত্রিক বাতাবৰণ কলুষিত কৰিছে ভূপেন বৰাই : বিজেপি

প্ৰকৃতাৰ্থত কংগ্ৰেছ দলক বিৰোধীৰ ভূমিকা পালন কৰাৰ বাবে আহ্বান ৰাজ্যিক বিজেপিৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Borah) বিগত কিছুদিন ধৰি সমালোচনাৰ নামত নিম্নমানৰ বক্তব্যৰে গণতান্ত্রিক বাতাবৰণ কলুষিত কৰিছে বুলি দাবী ৰাজ্যিক বিজেপিৰ (Assam BJP criticizes APCC President Bhupen Borah) ৷

BTR Accord anniversary: বি টি আৰ চুক্তিৰ সকলো দফা ৰূপায়নৰ দাবী এবছুৰ

বিটিআৰ চুক্তিৰ সকলো দফা সময় মতে ৰূপায়ণত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তেওঁ কয় যে, কয় যে, বিটিআৰ চুক্তিয়ে বড়োভূমিৰ ৰাজনৈতিক আৰু আৰ্থ সামাজিক দিশত নতুনত্ব অনাৰ লগতে চুক্তিখনে অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে (ABSU prseident praises BTR Accord)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.