ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 11 AM

11 বজাৰ দহটা শীৰ্ষ খবৰ

11 বজাৰ দহটা শীৰ্ষ খবৰ
11 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Oct 20, 2021, 11:01 AM IST

কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি

শিলচৰত অসমীয়া ভাষাৰ হ’ৰ্ডিঙত ক’লা ৰং সনা ঘটনাক লৈ ৰাজ্যিক বিজেপি(BJP)ৰ প্ৰতিক্ৰিয়া । অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু অন্যান্য ভাষা-ভাষীৰ লোকক একতাৰ ডোলেৰে অসমীয়া ভাষাইহে বান্ধি ৰাখিছে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা(Ranjib Kumar Sharma) আৰু ৰামকৃষ্ণ ঘোষে(Ramkrishna Ghosh) । ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে কাছাৰ জিলা আৰক্ষী-প্ৰশাসনে ৷

অসম চিকিৎসা সেৱা সন্থাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

'আমছা'ৰ দাবীক লৈ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে । আলোচনাক সৌহাৰ্দপূৰ্ণ-ফলপ্ৰসূ আখ্যা আমছা নেতৃত্বৰ ।

চিৰাজুলিৰ ATM লুটৰ সৈতে জড়িত তিনি অভিযুক্তৰ সন্ধানত আৰক্ষী

শোণিতপুৰ জিলাৰ চিৰাজুলিত 9 অক্টোবৰত সংঘটিত হৈছিল ATM ৰ ধন লুটৰ ঘটনা ৷ এই ঘটনাৰ তদন্ত চলাই শোণিতপুৰ আৰক্ষীয়ে ঘটনাৰ এসপ্তাহৰ পাছত দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আন তিনি অভিযুক্তৰ সন্ধানত আছে আৰক্ষী ৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ বিনামূলীয়া চাউল বিতৰণ

ডিফুত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি(PM Garib Kalyan Anna Yojana) ৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়া চাউল বিতৰণ(Free Rice Distribution) ৷ ডিফুৰ সমবায় সমিতিসমূহৰ পাইকাৰী বিক্ৰী কেন্দ্ৰত আয়োজিত চাউল বিতৰণী অনুষ্ঠানত অংশ লয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে(Tuliram Ronghang) ৷

আলট্ৰাচাউণ্ড মেচিন নহয়, নগাঁও চিভিলৰ পৰা চুৰি হ'ল কম্পিউটাৰৰ চি পি ইউ

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৰহস্যজনক ভাৱে নাইকিয়া হ'ল কম্পিউটাৰৰ চি পি ইউ । আলট্ৰাচাউণ্ডত ব্যৱহাৰ কৰা কম্পিউটাৰৰ চি পি ইউ চুৰি হোৱাত বন্ধ হৈ আছে আলট্ৰাচাউণ্ড । ৰোগীৰ মাজত হাহাঁকাৰ।

ডিফুৰ ৫ মাইলত এগৰাকী বৃদ্ধক দুৰ্বৃত্তৰ নৃশংস ভাৱে হত্যা

ডিফুৰ সমীপৱৰ্তী ৫ মাইলৰ ৰংবং তিমুং গাঁৱত সংঘটিত হৈছে উক্ত হত্যাকাণ্ড ৷ মঙলবাৰে পুৱতি নিশাহে বৃদ্ধ মনিচন্দ্ৰৰ মৃতদেহটো ঘৰৰ পৰা আধা কিলেমিটাৰ দূৰৰ ৰাস্তাৰ কাষত উদ্ধাৰ হয় ৷ ইপিনে মৃতদেহটোৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিহ্ন স্পষ্ট হৈ আছে বুলি বৃদ্ধ গৰাকীৰ পুত্ৰই উল্লেখ কৰিছে ৷

উপ নির্বাচন: ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

পাঁচটা সমষ্টিত ৩০ অক্টোবৰত হ'ব উপনিৰ্বাচন । মুঠ ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ভোটাৰ তালিকাত মুঠ ৪৩,২২৯ গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট হৈছে । উপ-নিৰ্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে সাব্যস্ত কৰিব নিজৰ গণতান্ত্ৰিক অধিকাৰ ।

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ দাখিল কৰা হ’ল এজাহাৰ

সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তিৰ দাবী জনালে বৰক্ষেত্ৰীৰ একাংশ সচেতন লোকে ৷ ইতিমধ্যে এই সন্দৰ্ভত বৰাৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে । বিতৰ্কিত সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক মন্তব্য কৰি ইছলাম ধৰ্মক আঘাট কৰাৰ লগতে ধৰ্মীয় অশান্তিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিছে বুলিও দাবী কৰে এজাহাৰ দাখিল কৰা লোক সকলে ৷

জামিন লাভৰ পিছতেই নতুন গোচৰত গ্ৰেপ্তাৰ লাট মণ্ডল আৰু মাটিৰ দালাল

এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি লাট মণ্ডল আৰু মাটিৰ দালালে লাভ কৰিছিল জামিন ৷ পিছে, পুনৰ আন এক গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷

অখিল গগৈক ভণ্ড জাতীয়তাবাদী আখ্যা প্ৰাক্তন সতীৰ্থৰ

উপ-নিবাৰ্চন চমু চাপি অহাৰ লগে লগেই ক্ৰমাৎ গৰম হৈছে থাওৰাৰ ৰাজনৈতিক পৰিবেশ । ৰাইজৰ দলৰ বিৰুদ্ধে শাসক দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তোলাৰ সময়তে থাওৰাত সংবাদমেল অনুষ্ঠিত কৰি অখিল গগৈক তীব্ৰ সমালোচনা সদ্য পদত্যাগী ৰাইজৰ দলৰ নেতাৰ । থাওৰা সমষ্টিৰ ৰাইজক ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰক ভোট নিদিবলৈ কাতৰ আহ্বান প্ৰাক্তন সতীৰ্থৰ । লগতে অভিযোগ কৰে যে, বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াই হৈছে অখিল গগৈ আৰু ৰাইজৰ দলৰ মুল এজেণ্ডা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.