ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 20, 2021, 11:05 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

ধন সংগ্ৰহৰ অভিযোগত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে গোচৰ তৰিলে সচিবে

বৰপেটাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা পঞ্চায়ত সদস্যই ধন সংগ্ৰহ কৰাৰ অভিযোগ ৷ ইতিমধ্যে পঞ্চায়ত সদস্যজনৰ ধন সংগ্ৰহৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই সদস্যজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে পঞ্চায়ত সচিবগৰাকীয়ে ৷

সুৰাৰ হোম ডেলিভাৰী হ’লেও অবৈধ সুৰাৰ বিৰুদ্ধে তৎপৰ হৈ ৰ’ব আবকাৰী বিভাগ

শেহতীয়াকৈ, ঘৰে ঘৰে সুৰা যোগান (home delivery of liqueur) ধৰাৰ সুবিধা কৰি দিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু, একে সময়তে ৰাজ্য চৰকাৰ তথা প্ৰশাসন তৎপৰ হৈছে সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৷

দেহৰ অংগ বিক্ৰীৰে আৰ্থিক অভাৱ পূৰণৰ চেষ্টা কৰিছে চৰাঞ্চলৰ লোকে

আৰ্থিক সংকটে জুৰুলা ৰাজ্যৰ চৰ অঞ্চলৰ লোকসকলে এতিয়া দেহৰ অংগ বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ এফালে আৰ্থিক অভাৱ-অনাটন, আনফালে নিৰক্ষৰতাৰ হাৰ বৃদ্ধি ৷ চৰকাৰে ৰাজ্যত সংঘটিত কিডনী বিক্ৰীৰ ঘটনাটো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে ৷

নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

কলাইগাঁৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশক একাংশ লোকে গছত বান্ধি মাৰপিট কৰা ঘটনাই সমগ্ৰ দৰং জিলাতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ন-নদীৰ বাঢ়নী পানীৰ কবলত বৰদলনিৰ বিস্তীৰ্ণ অঞ্চল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে বৰদলনি বিস্তীৰ্ণ অঞ্চল ৷

পুনৰ চৰ্চাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

ধাৰাষাৰ বৰষুণক নেওচি কোলাত কেঁচুৱা লোৱা মাতৃ অথবা বয়োজ্যেষ্ঠ লোকে ভেকচিনৰ অপেক্ষাত দীঘলীয়া শাৰীত থিয় হৈছে । নাই কোনো সামাজিক দূৰত্ব, নাই ভেকছিন লাভৰ নিশ্চয়তা ৷ কুম্ভকৰ্ণ নিদ্ৰাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসালয় কৰ্তৃপক্ষ ৷

পেগাচাছ ৰিপোৰ্ট: সাংসদ সঞ্জয় সিঙৰ জিৰ' আৱাৰ জাননী

সংবাদ মাধ্যমৰ কনচৰ্টিয়ামে প্ৰকাশ কৰিছে যে ইজৰাইলী স্পাইৱেৰৰ সহায়ত হেকিং কৰি দেশখনৰ বহুসংখ্যক ব্যৱসায়ী আৰু কৰ্মীক লক্ষ্য কৰি লোৱা হ'ব পাৰে, যাৰ ভিতৰত আছে দুজন কেন্দ্ৰীয় মন্ত্ৰী, তিনিজন বিৰোধী নেতা, এজন বৰ্তমানৰ ন্যায়াধীশ, ৪০ জন সাংবাদিকসহ কমেও ৩০০ টা প্ৰমাণিত ম'বাইল ফোন নম্বৰ ।

শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ

মুম্বাই অপৰাধ শাখাই পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ আৰু এপ’ৰ জৰিয়তে প্ৰকাশ কৰা সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত গোচৰ ৰুজু কৰিছিল । ৰাজ কুন্দ্ৰা (Raj Kundra) এই গোচৰৰ মূল অভিযুক্ত বুলি মুম্বাই অপৰাধ শাখাই সন্দেহ কৰিছে ।

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিল্লী কেবিনেটৰ

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ উদ্দেশ্য হৈছে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (National Food Security Act)ৰ অধীনত সকলো প্ৰব্ৰজনকাৰী হিতাধিকাৰীক বায়’মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰা ৷

ভাৰতৰ বাবে ভ্ৰমণ পৰামৰ্শ শিথিল কৰিছে আমেৰিকাই

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ক্ষেত্ৰত ভ্ৰমণ পৰামৰ্শ আগবঢ়াওতে কেতবোৰ সকীয়নি জাৰি কৰি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । বৰ্তমান এই ক্ষেত্ৰত কিছু শিথিলতা অনা দেখা গৈছে । শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে আমেৰিকাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.