ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jul 19, 2021, 11:16 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top-10-at-11-am
পুৱা 11বজাৰ শীৰ্ষ দহটা বাতৰি

আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদী নিহত

সোমবাৰে কাশ্মীৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (Lashkar-e-Taiba) এজন শীৰ্ষ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদী কেইজন ২০১৭ চনৰ পৰা কাশ্মীৰ উপত্যকাত সক্ৰিয় আছিল ।

সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ চাবুৱাত দল সংগঠনৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ মুখত ক'লা কাপোৰ পৰিধান কৰি চাবুৱাত সাংবাদিক আৰু বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে ৷ অতিশীঘ্ৰে উক্ত ঘটনাত জড়িত লোকক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ

দেওবাৰে, ধুবুৰীৰ আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় শুভ উদ্বোধন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই সংবাদমেলযোগে ৰাজ্যৰ কৃষকসকলৰ বাবে তেওঁ ঘোষণা কৰে এটা সুখৰ খবৰ ৷

কলগাছিয়াত 'কিষাণ বীজ ভাণ্ডাৰ'ৰ নথি-পত্ৰ জব্দ কৃষি বিভাগৰ

কলগাছিয়াত চলিছে ৰাসায়নিক সাৰৰ ছিণ্ডিকেট । কৃষকক মাধমাৰ সোধাই অধিক মূল্যত সাৰ বিক্ৰিৰ অভিযোগ । কলগাছিয়াৰ 'কিষাণ বীজ ভাণ্ডাৰ'ত জিলা কৃষি বিষয়াৰ অভিযান ।

জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক

দেওবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয় সাংবাদিক ডানিছ ছিদ্দিকীৰ নশ্বৰ দেহ ৷ নিশা প্ৰায় 10.15 বজাত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ কবৰস্থানলৈ নিয়া হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷

নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

দৰং জিলাৰ উদমাৰিস্থিত নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এটা মৰেল পুলিচ গিৰিৰ ঘটনা। দেওবাৰে নিশা বিদ্যালয়খনৰে একাংশ শিক্ষকে গছত বান্ধি প্ৰহাৰ কৰিলে বিদ্যালয়খনৰ অধ্যক্ষ পি ৰাজেশক ।

বাজেট 2021-22: মিশ্ৰিত প্ৰতিক্ৰিয়া চাহ জনগোষ্ঠীয় লোকৰ

নতুন বাজেটে চাহ জনগোষ্ঠীৰ লোকসকলক কেনেদৰে উপকৃত কৰিব ? জনগোষ্ঠীটোৰ উন্নয়ণৰ কাৰণে ধাৰ্য কৰা পুঁজি পৰ্যাপ্ত হৈছেনে ? শিক্ষা, স্বাস্থ্যকে ধৰি মৌলিক প্ৰয়োজনসমূহ দূৰ কৰাত কিমান সফল হ'ব এইখন চৰকাৰ ? নতুন বাজেটক লৈ আমগুৰিত চাহ জনগোষ্ঠী লোকসকলৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ।

তিতাবৰত লালিগুৰ জব্দ

ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈ আছে সান্ধ্য আইন ৷ তাৰ মাজতে দেওবাৰে কেছাইখাইতী অঞ্চলত তিতাবৰত আৰক্ষীয়ে এক অভিযান চলাই চুলাই প্ৰস্তুতকৰণত ব্যৱহৃত ১৮০০ কিলোগ্ৰাম লালিগুৰ আৰু ১২৫ কিলো ফিটকিৰি জব্দ কৰিবলৈ সক্ষম হৈছে ৷

মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া

মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদান কৰিবৰ বাবে একাংশ শিক্ষক কৰ্মচাৰীয়ে ধনৰ লেনদেন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

অনাদায় বিদ্যুৎ বিল সন্দৰ্ভত চাহ শ্ৰমিকৰ সৈতে মত বিনিময় শক্তিমন্ত্ৰীৰ

মৰিয়নীত এখন সভাত অংশগ্ৰহণ কৰি শক্তি মন্ত্ৰী বিমল বৰাই চাহ বাগিচাৰ শ্ৰমিকসকলৰ নামত অহা আৰু অনাদায় হৈ থকা বিদ্যুৎ বিলৰ সুদ কৰ্তন কৰি মাত্ৰ বিদ্যুৎ বিলৰ কিস্তি হিচাপত পৰিশোধ কৰাৰ সম্পৰ্কত বিবেচনা কৰিব বুলি আশ্বাস দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.