পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা
চিৰাঙৰ বাসুগাঁও পৌৰসভা গঠনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । মিত্ৰজোঁট বিজেপি-ইউপিপিএলৰ মাজত পৌৰ সভাৰ সভাপতি পদক লৈ টনা-আঁজোৰা । অসুবিধাৰ সন্মুখীন সাধাৰণ জনতা ।
নিৰ্মাণৰ ৩০ বছৰৰ পাছতো মুকলি নহ'ল ৰহাৰ চাংচকীৰ চিকিৎসালয়
নিৰ্মাণৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ মুকলি নিহল ৰহা সমষ্টিৰ চাংচকীৰ ১৫ খন বিচনাযুক্ত চিকিৎসালয় খন ৷ ইফালে উক্ত চিকিৎসালয় খন বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে ৷ অতি শীঘ্ৰেই চিকিৎসালয়খন মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে স্থানীয় ৰাইজক ৷
পৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতিক লৈ ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া
হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS) পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি সন্দৰ্ভত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ পৰীক্ষাৰ্থীসকলক হতাশ নোহোৱাৰ আহ্বান বিধায়কগৰাকীৰ ৷ শুকুৰবাৰে চূড়ান্ত হ'ব পৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতি ৷
বগপৰা চাহ বাগিচা পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
ক’ভিড সম্পৰ্কে বাগিচাৰ শ্ৰমিক সকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ ৰাইজৰ কাষ চাপিল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী (Rameshwar Teli) । ডিব্ৰুগড়ত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাত ডিব্ৰুগড়ৰ লাহোৱালৰ বগপৰা চাহ বাগিচা (Bagpara Tea Estate)ত উপস্থিত হ'ল মন্ত্ৰীগৰাকী ৷
ডিব্ৰুগড়ত জটিল আৰু আনুষংগিক ৰোগাক্ৰান্তক ক'ভিড প্ৰতিষেধক প্ৰদান
ডিব্ৰুগড়ত আনুষংগিক ৰোগত (Co-morbidity) আক্রান্ত লোকসকলৰ বাবে এক বিশেষ ক'ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ ৷ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু 'প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পলিয়েটিভ ট্ৰাষ্ট'ৰ যুটীয়া প্ৰচেষ্টাত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত ব্যাপক ভূমিস্খলন
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত সংঘটিত ব্যাপক ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে 54 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম ৷ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে শোচনীয় হৈ পৰিছে ঘাইপথৰ অৱস্থা ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক অনুমোদন জনায় । বিধানসভাৰ বাজেট অধিবেশন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে বাজেট অধিবেশন এমাহ চলিব ।
জৰাজীৰ্ণ অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ একমাত্ৰ বয়ন শিল্প কেন্দ্ৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত জৰাজীৰ্ণ অৱস্থাত আছে একমাত্ৰ বয়ন শিল্প কেন্দ্ৰটো ৷ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলক কাৰিকৰী দিশত আগুৱাই নিয়াৰ কথা কোৱা চৰকাৰ খনৰ নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত যেন প্ৰকৃত স্বৰূপ উদঙাই দিছে বয়ন শিল্প কেন্দ্ৰটোৱে ৷
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত ব্যাপক ভূমিস্খলন
শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত সংঘটিত ব্যাপক ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে 54 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম ৷ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে শোচনীয় হৈ পৰিছে ঘাইপথৰ অৱস্থা ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷
কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ
কাকপথাৰ ৰজাগড়ত উত্তপ্ত পৰিস্থিতি ৷ তালাপ সমবায় সমিতিৰ এজেন্টে সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ কৰি ক্ষোভিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷