ETV Bharat / state

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ - top 10 news

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ

top-10-at-11-am
দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ
author img

By

Published : May 15, 2021, 11:04 AM IST

তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান

কৰ’ণাই সৃষ্টি কৰা অনাহুত পৰিস্থিতিৰ বাবে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে আলফা(স্বা)এ স্থগিত ৰাখিছে সংগঠনটোৰ সকলো ধৰণৰ সামৰিক অভিযান ৷ শনিবাৰে পুৱা এক বিবৃতিযোগে একপক্ষীয়ভাৱে সামৰিক অভিযান তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
শনিবাৰে পুৱা 8.33 মিনিটত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.9 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷

ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ

ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা সকলো লোকৰে ঘৰৰ পদূলিত ওলমিব পোষ্টাৰ । মুখ্য সচিব জিষ্ণু বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ পিছতেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা: ৩৫ শতাংশলৈ বিক্ৰী হ্ৰাস

ক'ভিডৰ সংক্ৰমণৰ বাবে বহু চাহ বাগিছাত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব লগা হোৱাত একপ্ৰকাৰ বাগানেই বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ৷ কৰ’নাৰ সংক্ৰমণৰ উৎস হৈ পৰিছে চাহ বাগানসমূহ ৷ চাহ বাগান কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি উৎপাদন বন্ধ কৰি দিব লগা হোৱাত চাহ উদ্যোগটোৱে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৷

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বাৰৰ বাবে সাল-সলনি কৰিছে আৰক্ষী অধীক্ষক সকলক ৷ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালায়লৈ বদলি ৷

মিজোৰামত ২৪ মে'লৈ লক ডাউনৰ সময়সীমা বৃদ্ধি

বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামত ২৪ মে'লৈ বৃদ্ধি কৰা হৈছে লক ডাউনৰ সময়সীমা । যোৱা ১৩ মে'ত ৰাজ্যখনত ২০১ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে মিজোৰামত ২৩ জন কৰ'ণা আক্ৰান্ত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

অভয়াপুৰী জিলা কাৰাগাৰত কৰ'ণাৰ আতংক ৷ কাৰাগাৰখনত বৰ্তমানলৈ 36 গৰাকী কয়দীৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাৰাগাৰৰ ভিতৰতে কৰা হৈছে ক'ভিড কেয়াৰ চেন্টাৰৰ ব্যৱস্থা ৷

ক'ভিড বিধিত উপেক্ষিত চাহ বাগিচা কৰ্মী: 2 বজৰ পৰিৱৰ্তে 4 বজালৈ কাম

ৰাজ্যত যোৱা 13 মে’ তাৰিখৰ পৰা ৰাজ্যত কঠোৰ ক'ভিড বিধি প্ৰযোজ্য হৈছে যদিও ক’ভিড বিধিত উল্লেখ নাই অসমৰ বাগিচা কৰ্মী সকলৰ বাবে নিৰ্ধাৰণ কৰা কোনো নিৰ্দেশনা ৷ যাৰ বাবে মৰণত শৰণ দি ক'ভিডৰ ভয়াৱহতাৰ মাজতে বিয়লৈ 4 বজালৈ কাম কৰিবলগীয়া হৈছে বাগিচা কৰ্মী সকলে ৷

অসম ৰাইফলছৰ বিষয়াক হত্যাৰ অভিযুক্তক গ্ৰেপ্টাৰ এনআইএৰ

২০১৭ চনৰ ১৫ নৱেম্বৰত অসম ৰাইফলছৰ চতুৰ্থ বেটেলিয়নৰ এটা গোটৰ ওপৰত চলা আক্ৰমণৰ এগৰাকী অভিযুক্তক আটক এনআইএৰ ৷ ধৃত অভিযুক্তজন মণিপুৰৰ কাকচিং জিলাৰ ৩২ বছৰীয়া মায়াংলাম্বাম চিৰোমানি ৷

বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত

অভিনেত্ৰী মুনমুন দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷ মনিষ সাংখলে নামৰ এগৰাকী ব্যক্তিয়ে মধ্য প্ৰদেশৰ বাৰৱানিত দত্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.